১৫শ দৃশ্য

সূচী

যুদ্ধ ক্ষেত্ৰৰ দূৰৰ প্ৰান্তৰ

    (কৃষ্ণ প্ৰবেশ )

কৃষ্ণ – কুৰুক্ষেত্ৰৰ ৰণৰ সামৰণি পৰি আহিছে । অকল বাকী দুৰ্য্যোধন। দুৰ্য্যোধনক শেষ কৰিব পাৰিলেই মোৰো কৰ্ত্তব্যৰ  শেষ হ’ব । শল্য আৰু শকুনি ? সিহঁতৰ কাৰণে বিশেষ চিন্তাম্বিত হ’ব নেলাগিব । দাদা তীৰ্থৰপৰা ঘূৰি অহাৰ আগতে , দুৰ্য্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাচত কৰা টান হৈ উঠিব; দুৰ্য্যোধন দাদাৰ পৰম ভক্ত । ( ভাবি) নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব । ন’হলে হয়তো-

   ( শকুনিৰ প্ৰবেশ )

শকুনি – আও, আজি মোৰ পৰম ভাগ্য ! দেখোন নাৰায়ণৰ আগতে ওলালোহি । প্ৰণাম ।

কৃষ্ণ – মামা , তোমাৰ কথাকে ভাবিছিলো ।

শকুনি – কুৰুক্ষেত্ৰৰ ভাব এৰি মোৰ কথা ভাবিছিলানে , কুৰুক্ষেত্ৰৰ ভাবৰ মাজতে মোৰ কথা ভাবিছিলা ?

কৃষ্ণ – মাজতে ।

শকুনি – তেনে আমাৰো চাউল উকলিল ।

কৃষ্ণ – কিয় মামা ?

শকুনি  – অতদিন ডাঙৰ ডাঙৰ গ্ৰহ- নক্ষত্ৰৰ গণনা কৰি আছিলা দেখিয়েই আমি  চকুত নপৰিছিলো । এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰুসুৰা তৰাৰ লেখত ধৰিলাহি , আমি পপীয়া তৰা , আমাক খহাবাই ।

কৃষ্ণ – মামা তুমি বৰ চতুৰ ।

শকুনি – ( হাতযোৰ কৰি ) সকলোখিনি যদুপতিৰপৰাই ধাৰ কৰা ।

কৃষ্ণ – বাৰু মামা , এটা কথা সোধো , ক’বানে ?

শকুনি –  অন্তৰ্য্যামী ভগৱানে নকলেও জানিব ।

কৃষ্ণ – বাৰু কোৱাচোন , তুমি এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হ’লে ভাল পোৱা ?

শকুনি – পৰাজয় হ’বলৈ আৰু বাকী নাই । এতিয়া , ভাল পাইছোনে বেয়া পাইছো যদুপতিয়েই জানে ।

কৃষ্ণ – মামা , কৌৰৱৰ আশ্ৰয়ত থাকি , দুৰ্য্যোধনৰ ইমান বিশ্বাসভাজন হৈ, বিশ্বাস-ঘাতকী হ’লা কিয় ?

শকুনি – তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে ?

কৃষ্ণ – তুমি নিষ্ঠুৰ ।

শকুনি – আৰু তুমি ?

কৃষ্ণ – মই মোৰ কৰ্ত্তব্য কৰিছো ?

শকুনি – মোৰ কৰ্ত্তব্যৰ কোনখিনিত ক্ৰটী হ’ল দয়াময় ?

কৃষ্ণ – ‘ ভাগিন ভাগিন’ বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰৰ চিৰসঞ্চিত হলাহল বিহ খুউৱাতকৈ, সন্মুখ যুদ্ধত অসি ধাৰণ কৰি শক্ৰতা আচৰণ কৰা , অনেক গুণে শ্ৰেয় মামা ।

শকুনি – যদুপতি, ক্ৰোধান্ধ মানুহ মই । এই প্ৰতাৰণা, প্ৰৱঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো । কিন্তু, পূৰ্ণব্ৰহ্ম ভগৱানৰ কপত নিদ্ৰাতকৈয়ো মোৰ এই আচৰণ বেছি দোষণীয়নে ?

কৃষ্ণ – ভুল বুজিছা মামা ।

শকুনি – সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হৈছোঁ ; এতিয়া আৰু শেষ বতৰত সেই ভুল নেভাগে নাৰায়ণ ।

কৃষ্ণ – তোমাৰ দোষতেই কৌৰৱ ধ্বংস হ’ল । স্বৰ্ণলঙ্কা ছাই কৰিছিলে ৰাজভ্ৰাতা বিভীষণে আৰু আজি স্বৰ্ণময় ভাৰতভূমি শ্মশান কৰিলা , ৰাজ-মাতুল তুমি শকুনিয়ে ।

শকুনি – হে মাধব, মোৰ ধন্যবাদ গ্ৰহণ কৰা ।

কৃষ্ণ – নুবুজিলা মামা ।

শকুনি – অতি সহজ । পৰপদসেৱী শকুনিৰ, দুৰ্য্যোধনৰ অন্নেৰে পালিত দৰিদ্ৰ শকুনিৰ , প্ৰৱঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দোষ, সকলো কলঙ্ক পেলাই দি, অগতিৰ গতি ত্ৰিজগত পতি ভগৱান কৃষ্ণই যেতিয়া দোষৰ হাত সাৰিব পাৰিছে, সেই শকুনি সামান্য শকুনি নহয় ! তাৰ জীৱন ধন্য, জনমো ধন্য আৰু সেই জীৱনৰ গৰাকী তুমি, তুমি যদুপতি । মোৰ ধন্যবাদ গ্ৰহণ কৰা।

কৃষ্ণ – মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় । তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস; কিন্তু মোৰ , মই-

  “যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ( ভাৰত)।

 অভ্যুথানমধৰ্ম্মস্য তদাত্মানং সৃজাম্যহম্ ।।

 পৰিত্ৰাণায় সাধুনাম্ বিনাশায় চ দুষ্কৃতাম ।

 ধৰ্ম্মসংস্হাপনাৰ্থায় সম্ভাৱামি যুগে যুগে ।।’’

–   পট –

 

১৪শ দৃশ্য

১৬শ দৃশ্য