১৩শ দৃশ্য

সূচী

যুদ্ধক্ষেত্ৰ

( ৰথৰ পৰা নামি এটা চকাত ধৰি কৰ্ণ ; সন্মখৰ ৰথত কৃষ্ণাৰ্জ্জুন )

কৰ্ণ  – পাৰ্থ, পাৰ্থ, বীৰ চূড়ামণি, চোৱা, গ্ৰাসে মোৰ ৰথচক্ৰ ৰাক্ষসী ধৰাই । ক্ষন্তেক অপেক্ষা কৰা, বিদাৰি ধৰাৰ বক্ষ মুক্ত কৰো ৰথ । ( চকাত, ধৰি আজোৰে )

অৰ্জ্জুন – বীৰবৰ, মুক্ত কৰা অবিলম্বে; অপেক্ষা কৰিলোঁ ।

কৃষ্ণ  – সাৱধান ধনঞ্জয়, কোনো ক্ষমা নাই ।

কৰ্ণ  – যদুপতি, যদুপতি, তুমিয়েনে দয়াময়, অগতিৰ গতি ? তুমিয়েনে নাৰায়ণ, পতিত পাৱন ? পাৰ্থ, পাৰ্থ, ক্ষত্ৰকুলমণি তুমি, সাৰথিৰ কথা শুনি, বংশত কলঙ্ক সানি বীৰধৰ্ম্ম বিসৰ্জ্জন নিদিবা ফাল্গুনী ।

কৃষ্ণ- কোন ধৰ্ম্মমতে, কৌৰৱ নৰক সভাত পাঞ্চালীক লাঞ্ছনা কৰোতে, সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্ম্মিক? কৌৰৱৰ পাপ প্ৰাসাদত অন্যায় পাশাৰে ছলি পঞ্চ পাণ্ডৱক,বনবাস দিয়াৰ কালত, কোন মত দিলা অধৰ্ম্মীৰ  নিষ্ঠুৰ মতত? কোন ধৰ্ম্ম মতে, কোন ধৰ্ম্ম মতে কৰ্ণ, দুঃশাসনে কেশ স্পৰ্শ কৰোতে  সতীৰ, কাঠৰ পুতলা হই  প্ৰকাশ্য সভাত নিমাতে নিতালে বহি আছিলা ধাৰ্ম্মিক?

কৰ্ণ – কৃষ্ণ, কৃষ্ণ, দুৰ্য্যোধন ভাৰতৰ একচ্ছত্ৰী ৰজা, অনুগত প্ৰজা মাথো মই। ৰজা ধৰ্ম্মই ধৰ্ম্ম পালিত প্ৰজাৰ। কিন্তু যদুপতি তুমি কাৰো নোহোৱা অধীন। তুমিতো নোহোৱা কৃষ্ণ,পাণ্ডৱৰ দাস। তথাপিও, ষড়যন্ত্ৰ কৰি কৰি, উত্তেজিত কৰি, স্বৰ্ণময় ভাৰত ভূমিত অগণি জ্বলালা কিয়, ভায়ে  ভায়ে কন্দল লগাই?

কৃষ্ণ- যুক্তি তৰ্ক বিচাৰৰ নাই প্ৰয়োজন। অৰ্জ্জুন, অৰ্জ্জুন, এই পাষণ্ডই, দুগ্ধ পোষ্য,সুকুমাৰ, সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক অভিমন্যুক তোমাৰ, অন্যায় সমৰ কৰি পশুৰূপ ধৰি নৃশংস নিৰ্ম্মমভাৱে হত্যা কৰিছিলে ফাল্গুনী, ফাল্গুনী, এয়ে আজি সুৱৰ্ণ সুযোগ, লোৱা,লোৱা তাৰ প্ৰতিশোধ।

অৰ্জ্জন- সত্য,সত্য,অতি সত্য। হেৰ’ হেৰ’পাষণ্ড অধম, ভাল  ধৰ্ম্মলই আজি পৰিল  মনত। পশুবৎ  বধ কৰি নিৰ্ম্মম হাতেৰে, পশু তই,শেষ কঁৰো আজি তোৰ পশু অভিনয়।

 (বাণ ত্যাগ কৰিব খোজে )

কৰ্ণ  – (নেপথ্যলৈ চাই ) শল্য, শল্য, ৰথ আনো বুলি মূৰ্খ , কলই পলালি ! ( অৰ্জ্জুনক )  ক্ষত্ৰ কুল গ্লানি হেৰ’ পাপিষ্ঠ দুৰ্ম্মতি অতি ভাগ্যৱান তই, ব্ৰহ্ম শাপে , ঋষি শাপে

নকৰাহেঁতেন মোক আজি নৰ-নাৰায়ণ, এই বিজয়েৰে আজি শিৰচ্ছেদ কৰি ক্ষত্ৰিয় পুজাৰী হই মাধৱক পূজিলোহেঁতেন, তোৰ সেই ছিন্নমুণ্ড উপহাৰ দি !

অৰ্জ্জুন – তাৰ আগতে আজি অধম পামৰ, তোৰ শোণিতৰে হোক পূজা মাধৱৰ

   ( বাণে এৰে , কৰ্ণ বাগৰি পৰে )

কৰ্ণ  – সিন্ধুৰা, সিন্ধুৰা ! পাৰ্থৰ ৰথৰ পৰা চোৱা কুৰুক্ষেত্ৰ, ই যে পুণ্যতীৰ । যোৱা কৰ্ণ , মহা ধনুৰ্দ্ধৰ, সৰগত পাবা স্থান, উচ্চ মনোহৰ ।

কৰ্ণ  -দয়াময়, শেষ হ’ল আজি মোৰ জন্ম অভিনয় । জন্ম জন্মান্তৰে যেন পদ-কমলত, স্থান দিয়া এয়ে ভিক্ষা অন্তিম কালত ।  (মৃত্যু )

-পট-

২য় অঙ্ক শেষ

১২শ দৃশ্য

১৪শ দৃশ্য