১২শ দৃশ্য

সূচী

পাণ্ডৱ শিবিৰৰ এটা কক্ষ

( উদভ্ৰান্ত হৈ হাতে –মুখে তেজেৰে ভীমৰ প্ৰবেশ )

( দ্ৰৌপদীৰ প্ৰবেশ )

ভীম  – কৃষ্ণা ! কৃষ্ণা !

দ্ৰৌপদী – ইকি ! ইকি ! গোটেই গাত তেজ ! আপুনি আহত হৈছে ।

ভীম – আহত হোৱা নাই ; নিহত হৈছে ! নিহত হৈছে !

দ্ৰৌপদী – আপুনি কি কৈছে ? গোটেই গাত তেজ, অথচ – অথচ-

ভীম – ভয় নকৰিবা প্ৰিয়ে, উন্মাদ হোৱা নাই । নৰৰক্ত পান কৰি আহিছোঁ আৰু এয়া ৰক্ত তোমালৈ লৈ আহিছোঁ ।

দ্ৰৌপদী – নৰৰক্ত পান কৰিছে ! কাৰ ৰক্ত?

ভীম -ভ্ৰাতৃৰ, স্নেহৰ ভ্ৰাতৃৰ !

দ্ৰৌপদী – ভ্ৰাতৃৰ ! ভ্ৰাতৃৰ !!! ( ভয়ত পিচ হুহঁকি ) ভগৱান, ভগৱান, এইবোৰ কি শুনাইছা, কি দেখুৱাইছা !

ভীম – মাতা মাতা , উচ্চকন্ঠে ভগৱানক মাতা । আকুল প্ৰাণে ,শুদ্ধ চিত্তে কোৱা , ভগৱান তুমি আছা , তুমি আছা ।

 ( ভীম দ্ৰৌপদীৰ ফালে এখোজ আগবাঢ়ে )

দ্ৰৌপদী – কি তুমি মোকো হত্যা কৰিবা ? কৰা কৰা প্ৰভু চিৰ অভাগিনী মই, মোকো হত্যা কৰা ।

ভীম – কৰিম কৃষ্ণা, তোমাকো হত্যা কৰিম । আহা আজি মুক্তকেশী পাঞ্চালীক হত্যা কৰি, বিষণ্ণবদনা দ্ৰোপদ নন্দিনীক হত্যা কৰি লাঞ্ছিতা , অপমানিতা যাজ্ঞসেনীক প্ৰতিজ্ঞা মুক্ত কৰি , কৃষ্ণাৰ উন্মুক্ত কৃষ্ণ কেশ আজিৰপৰা বেণীযুক্ত কৰোঁ ।

( তেজ চুলিত সানি হাতত ধৰি লৈ যায় )

   -পট-

১১শ দৃশ্য

১৩শ দশ্য