১০ম দৃশ্য

সূচী

পাণ্ডৱ শিবিৰ

( দ্ৰৌপদীয়ে গীত গাই থাকে গীত শেষ নৌ হওঁতেই অৰ্জ্জুনৰ প্ৰৱেশ; দ্ৰৌপদীয়ে গীত শেষ নকৰি বাকীছোৱা অৰ্জ্জুনৰ মুখলৈ চাই গাই শেষ কৰে ।)

   (গীত)

  হিয়াখনি আজি মোৰ

  কিয় কপেঁ কিয়  কপেঁ

   ব্যথা ভৰা বাজে সুৰ?

  শুনো কিয় দূৰণিৰ

  অৰুনিমা নলিনীৰ

   কৰুণ বিননি ধ্বনি

   বিৰহে বিষাদে পূৰ?

 ৰেৱতীৰ পাতে পাতে

 শৰতৰ হিমে ছাটে

   নজ্বলি মুকুতা তাতে

   সৰে কিয় চকুলোৰ ?

অৰ্জ্জুন – আজি আৰু সঙ্গীতে সান্ত্বনা দিব নোৱাৰে যাজ্ঞসেনী ।

দ্ৰৌপদী – কিয় নাথ ?

অৰ্জ্জুন – যুদ্ধত আমাৰ পৰাজয়, সৈন্য ছত্ৰভঙ্গ ।

দ্ৰৌপদী – পৰাজয় হৈছে ? কেনেকৈ পৰাজয় হ’ল ।

অৰ্জ্জুন –  মই অশ্বথমাৰ লগত লাগি থাকোতেই কৰ্ণই দুৰ্জ্জয়বিক্ৰমে আমাৰ বেহুভেদ কৰি সকলোকে পৰাস্ত কৰিলে , দাদা, নকুল, সহদেৱ সকলো পলাল । ধৰ্ম্মৰাজে প্ৰাণপ্ৰণে চেষ্টা কৰিছিল , কিন্তু তেওঁৰ চেষ্টাও ব্যৰ্থ হ’ল ।

দ্ৰৌপদী – সেই বাবে চিন্তা নকৰিব প্ৰিয়তম । আপোনাসকল ভালে থাকিলে কৌৰৱে একো কৰিব নোৱাৰে ।

অৰ্জ্জুন – হ’ব পাৰে । কিন্তু আজি ধৰ্ম্মৰাজৰ  আগত কেনেকৈ মুখ দেখুৱাম ? কিহেৰে দাদাক প্ৰবোধ দিম ? উস্ মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নেথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন ।

দ্ৰৌপদী – অনুতাপ কৰিলে কি হ’ব নাথ ?হোৱা  কথা হৈ গ’ল ।

অৰ্জ্জুন – আক্ষেপ কৰি লাভ নাই সচাঁ, কিন্তু আজিৰ জয়েই অভিমানী দুৰ্য্যোধনৰ  তেজ দুগুণে বঢ়াব । প্ৰতিদিন পৰাস্ত হৈ ভগ্নোৎসাহী হোৱা কুৰু-সেনাক যথেষ্ট উৎসাহ দিব ।

দ্ৰৌপদী – এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে নাথ । যদি ধৰ্ম্ম আছে , যদি পাপ-পুণ্যৰ বিচাৰ আছে, পৰোস্বপহাৰী দুৰ্য্যোধনৰ শেষফল শোচনীয় হ’বই হ’ব ।

অৰ্জ্জুন – কৃষ্ণা, তোমাৰ বাক্যই যেন সত্য হয় ।

দ্ৰৌপদী – ( নেপথ্যলৈ চাই ) সৌৱা , মহাৰাজ আহিছে ।

অৰ্জ্জুন  – আহিছে ? যোৱা তুমি সুশ্ৰূষাৰ আয়োজন কৰা ।

( দ্ৰৌপদীৰ প্ৰস্থান । বিপৰীত ফালৰপৰা যুধিষ্ঠৰৰ প্ৰবেশ )

যুধিষ্ঠিৰ – কৰ্ণক বধ কৰিলা অৰ্জ্জুন !

অৰ্জ্জুন – মই সংশপ্তক আৰু অশ্বথামাৰ লগত যুদ্ধ শেষ কৰি অলপ আগতে শিবিৰ পাইছোহি । ইয়াত আহি মাত্ৰ জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে ।

যুধি – তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে ? (অৰ্জ্জুন  নিমাত ) নিমাত কিয় ?

অৰ্জ্জুন  -( কপাঁ মাতেৰে ) দাদা , মহাৰাজ-

যুধি – অপদাৰ্থ , এই বীৰত্বৰে কৰ্ণ বধ প্ৰতিজ্ঞা কৰিছিলি ? এই বীৰত্বৰে তৰ্জ্জন –গৰ্জ্জন কৰি দুৰ্য্যোধনৰ ওপৰত প্ৰতিশোধ ল’ম বুলি কৈছিল ?

অৰ্জ্জুন – (হাত যোৰ কৰি ) ক্ষান্ত হোৱা দাদা, পিতৃ সম, তুমি পূজ্য মোৰ । জানিলোহেঁতেন যদি আগেয়ে এবাৰো ৰাধাৰ তনয়ে আজি পৰাস্ত কৰিব বুলি চাৰি ভ্ৰাতা মোৰ কৰ্ণক স্বেচ্ছায় এৰি ৰণ প্ৰাঙ্গণত নেথাকো আবদ্ধ দাদা দ্ৰোণীৰ লগত ।

যুধি – আস্ফালন নুশুনো অৰ্জ্জুন ! নেযাওঁ প্ৰত্যয় আৰু ভীৰুৰ কথাত ! হীন , নীচ কুলোদ্ভৱ ৰাধাৰ নন্দনে সমৰ ক্ষেত্ৰত মোক কৰে অপমান আৰু তই , কাপুৰুষ, যুদ্ধ পৰিহৰি সখীৰ লগত তোৰ উলাহত মত্ত হ’লি প্ৰত্যুষতে গই ।

অৰ্জ্জুন – দাদা, দাদা ধৰো চৰণত নোদোষিবা অধমক আৰু  ( ভৰিত ধৰিব খোজে )

যুধি – আঁতৰ আগৰপৰা গুচ কুলাঙ্গাৰ । এই শকতিৰে গাণ্ডীৱ ধৰিছ ! এই মুখেৰেই তই নিতে নিতে গাণ্ডীৱৰ কীৰিতি বৰ্খান ! নেলাগে , নেলাগে ভীৰু দে,দে, দলিয়াই, অকামিলা গাণ্ডীৱৰ প্ৰয়োজন নাই ।

অৰ্জ্জুন – ( খঙত উন্মত্ত হই ) কি – কি ! গাণ্ডীৱক তুচ্ছ জ্ঞান কৰিলা অবোধ, লোৱা তাৰ পুৰস্কাৰ নিৰ্ম্মম , নিষ্ঠুৰ ।

( তৰোৱাল উলিয়াই যুধিষ্ঠৰক কাটিব খোজে ; কৃষ্ণই প্ৰৱেশ কৰি দুয়োৰো মাজত থিয় দি হাত দাঙি অৰ্জ্জুনক  বাধা দি কয় )

কৃষ্ণ  -মূৰ্খ , মাটিৰ মানুহ পৰে মাটিতেই ওৰ । নিয়তি গৰাকী মাথো জনম মৃত্যুৰ ।।

অৰ্জুন – যদুপতি, যদুপতি, গাণ্ডীৱক যেই জনে কৰে তিৰস্কাৰ, ভ্ৰাতৃ হওক, গুৰু হওক বিনাশিব ফাল্গুনীয়ে এয়ে অঙ্গীকাৰ ।

 ( কৃষ্ণই অৰ্জ্জুনৰ হাতৰপৰা তৰোৱাল কাঢ়ি আনে , যুধিষ্ঠিৰে ‘অৰ্জ্জুন’ বুলি কিবা ক’ব খোজোতেই কৃষ্ণই একো নেমাতিবলৈ ইঙ্গিত দিয়ে ।)

কৃষ্ণ – ধৰ্ম্মৰাজ জ্যেষ্ঠ যাৰ, পিতৃ তুল্য যাৰ, সেই মহাগুৰু নাশি নেলাগে পালিব পাৰ্থ , সত্য অঙ্গীকাৰ ।

অৰ্জ্জুন – (খঙেৰে ) ব্যৰ্থ হ’ব তেনে মোৰ সত্য অঙ্গীকাৰ ?

কৃষ্ণ – নহয় কদাপি ব্যৰ্থ আছে অন্যোপায় । (অৰ্জ্জুনলৈ  আঙ্গুলি টোৱাই ) বিস্মিত নহবা পাৰ্থ , নোৱাৰা যদিহে ল’ব নিন্দুকৰ প্ৰাণ, আছিল প্ৰতিজ্ঞা তব, নিজ প্ৰাণদান ।

অৰ্জ্জুন – সত্য , সত্য , যদুপতি, আছিলো বিস্মৃত । (যুধিষ্ঠিৰক আঁঠুকাঢ়ি ) দাদা, দাদা মহাত্মন, জীৱন নিৰ্ম্মালি মোৰ নবঢ়াই আগ ভাঙ্গিব খুজিলো আগে দেৱ পূজা ভাগ, ক্ষমা কৰা , ক্ষমা কৰা দাদা । ( উঠি ) চিন্তা নাই যদুপতি, আপুনি বিদাৰি আজি বক্ষ আপোনাৰ আপোন শোণিত ঢালি, তৰ্পণ কৰিম তাৰে – সত্য অঙ্গীকাৰ ।

  ( ধনু – শৰ উলিয়াই আত্মহত্যা কৰিব খোজে )

কৃষ্ণ  – ( বাধা দি ) সত্যাশ্ৰয়ী , বীৰত্বৰ পৰাকাষ্ঠা দেখুৱাব নালাগে। আত্মহত্যা কৰি জগতত কীৰ্ত্তি ৰাখিব নেলাগে , ত্ৰিভূবন বিজয়ী ফাল্গুনীৰ শোণিতেৰে পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে । যদি সত্যৰক্ষা কৰিব খুজিছে, আত্মশ্লাঘা কৰা । আত্মশ্লাঘা কৰিলেই আত্মদান কৰা হ’ব ।

অৰ্জ্জুন – ( ক্ষন্তেক ভাবি) সেয়ে হওক যদুপতি , তোমাৰ ইচ্ছাই পূৰ্ণ হওক । শুনা ধৰ্ম্মৰাজ, দেবাসুৰ জয়ী মই পাৰ্থ মহাবীৰ । এই সুদৃঢ় বাহুৰে কৰিছিলো ধূলিস্যাৎ লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী, সয়ম্বৰ দিনা সেই দ্ৰোপদ বালাৰ । মল্ল যুদ্ধ কৰি সৃষ্টিৰ সংহাৰকাৰী ত্ৰিশূলীৰ সতে শুনা শুনা মহাৰাজ , পাশুপাত অস্ত্ৰলাভ কৰিছিলো ময়ে । আজি, আজি তব সন্মুখত কৰিলোঁ প্ৰতিজ্ঞা সাক্ষী তুমি , যদুকুল মণি, এই গাণ্ডীৱেৰে মোৰ , কুৰুক্ষেত্ৰ সমৰ স্থলিত, বিনাশি ৰাধাৰ পুত্ৰ দ্বৈৰথ যুদ্ধত কৰ্ণ শূন্য কৰিম মেদিনী ।

৯ম দৃশ্য

১১শ দৃশ্য