৯ম দৃশ্য

সূচী

ৰণক্ষেত্ৰ

(হাতত গদা লৈ মূৰ্ত্তি ধৰি ভীমৰ প্ৰবেশ )

ভীম- (নেপথ্যলৈ চাই ) পাণ্ডৱ সৈন্য, কৰ্ণৰ ভয়ত পলাইছে? কাপুৰুষ, ভীৰু , চা ঘুৰি, যমদণ্ড হাতত লৈ মুৰ্ত্তিমান  ৰূদ্ৰৰূপি মই বৃকোদৰ ! একো ভয় নাই, নপলাবি , নপলাবি , হীন সুতপুত্ৰই পাণ্ডৱক পৰাস্ত কৰি নোৱাৰে ।

  ( কৰ্ণৰ প্ৰবেশ )

কৰ্ণ – তেন্ত মহাৰাজ পাণ্ডুৰ পুত্ৰ, বিৰাট ৰজাৰ ৰান্ধনিয়ে কৌৰৱক পৰাস্ত নকৰে কিয় ?

ভীম – কৌৰৱৰ পদসেৱী, পাপিষ্ঠ অধম, চা,চা,তোৰ সন্মুখত আজি কালান্তক যম ।

কৰ্ণ – ( মিচিকীয়া হাঁহি মাৰি ভীমৰ ভৰিৰপৰা মূৰলৈকে চাই বিদ্ৰুপ কৰি ) মৃতুপতি,ইচ্ছা হ’লে নিৰ্ব্বিঘ্নে পলাব পাৰা দিছো অনুমতি

ভীম – ভীমৰ শুনিলে নাম, থৰে থৰে কঁপে যদি প্ৰাণ, কিয় হলি কৌৰৱৰ সেনাপতি ভীৰু? দুৰ্ব্বল হাতত ধৰি কিয় কাপুৰুষ, পৰশুৰাম ধনু অশুচি কৰিলি ?

কৰ্ণ -( ভীমৰ কথালৌ আওকাণ কৰি, নেপথ্যলৈ চাই ) যদুপতি, ঘুৰুৱা ঘুৰুৱা ৰথ চলালা কলই ? অপেক্ষা কৰিছোঁ চোৱা মৃত্যুবান লই । কি ? কি ? নুঘুৰালা ? (বিপৰীত ফালে নেপথ্যলৈ চাই) শল্য, শল্য, আনা ৰথ, আপুনি আগুৰি ধৰি, সউ কপিধ্বজ দেখুৱাও অৰ্জ্জুনক মৰণৰ পথ । ( প্ৰস্থানোদ্যত )

ভীম – ( কৰ্ণক আগ ভেটি ) ক’লৈ পলাবি অধম ? ভীমৰ চকুত ধূলি দি সাৰিব পাৰিম বুলি ভাবিছ ?

কৰ্ণ – বীৰবৰ, নেজানা ৰসহ্য একো নোৱাৰা বুজিব । হাতৰ মুঠিত পাই পাৰোতেনো এৰি দিওঁ স্বেচ্ছায় তোমাক? যোৱা যোৱা, জননীৰ আলাসৰ লাৰু, আঁচলৰে মুখ মচি শিতলোৱা প্ৰাণ । (প্ৰস্থান)

ভীম – সুচতুৰ ৰাধাৰ নন্দন, নেৰিছো কদাপি তোক, নাই পৰিত্ৰাণ (প্ৰস্থান )

 ( বিপৰীত ফালৰপৰা দুঃশাসনৰ প্ৰৱেশ)

দুঃশা – আনন্দৰ উৎস আজি উথলি উঠিছে! দুৰ্দ্দান্ত শাৰ্দ্দুল দেখা হৰিণীৰ দৰে, আতুৰত শক্ৰসেনা সঘনে কঁপিছে । সৌৱা ,সৌৱা কৰ্ণ যুধিষ্ঠিৰে কৰে ভীষণ সংগ্ৰাম ।

হুহকিছে যুধিষ্ঠৰ। অঙ্গৰাজ ,হত্যা কৰা হত্যা কৰা, দয়া নাই, ক্ষমা নাই, ধৰ্ম্মৰাজ বুলি ।  (প্ৰস্থান )

 ( বিপৰীত ফালৰপৰা শকুনিৰ প্ৰবেশ )

শকুনি – সত্য কথা দুঃশাসন, দয়া নাই , ক্ষমা নাই । কোনেও কাকো ক্ষমা কৰিব নোৱাৰে , নোৱাৰে । স্বৰগৰ দেৱতাকিন্নৰ, মৰ্ত্ত্যৰ মানৱ, শুনা দুঃশাসনে কৈছে , হত্যা কৰা হত্যা কৰা ! ধৰ্ম্মৰাজ বুলি দয়া নাই, ক্ষমা নাই । আৰু ময়ো কওঁ ভাগিন বুলি কুৰুৰাজ বুলি ক্ষমা নাই, ক্ষমা নাই ।

   ( প্ৰস্থান )

( বিপৰীত ফালৰপৰা ডিঙিত ধনু লগাই কৰ্ণই যুধিষ্ঠিৰক টানি আনে )

কৰ্ণ – ধৰ্ম্মৰাজ , ক’ত তোমাৰ আজি গদাধাৰী ভাই বৃকোদৰ। খাণ্ডৱ দহন কৰা ক’ত ধনঞ্জয় ? নিঃসহায় অৱস্থাত, তোমাক অকলে এৰি কলই পলাল আজি মাদ্ৰীৰ তনয়।ত্ৰাণকৰ্ত্তা বুলি যাৰ পশিলা শৰণ, ক’ত সেই কূট কৃষ্ণ দৈৱকী নন্দন ? ( ধনুত ধৰি জোকাৰে )

যুধি – হেৰ ,হেৰ, ৰাধাৰ নন্দন, এৰি দে ,এৰি দে মোক, যুঁজি পুনুবাৰ, মৃত্যুদণ্ড আজি তোক দিওঁ উপহাৰ ।

কৰ্ণ -(এৰি দি ) তুমি মোৰ মৃত্যু দাতা ! হাঃ হাঃ হাঃ ধৰ্ম্মৰাজ, বুদ্ধিহীন, মতিচ্ছন্ন নহয় বিধাতা । যোৱা মহাৰাজ আনন্দেৰে দিছোঁ মুক্তিদান । ইচ্ছা কৰা হ’লে, কৌৰৱৰ ৰাজ প্ৰাসাদত বন্দী কৰি লৌহ পিঞ্জৰাত, পাৰিলোহেঁতেন ৰজা, ৰাখিব তোমাক কিন্তু , নেৰাখো, কাৰণ, কৰ্ণই নকৰে ভঙ্গ কোনো প্ৰতিজ্ঞাৰ । ৰহস্য , ৰহস্য তাৰ জীৱনৰ সাৰ ।

 ( যাব খুজি ঘুৰি আহি কয় )

কৰ্ণ – শুনা তুমি মোৰ প্ৰতিদ্বন্দ্বী নাছিলা ৰাজন, পাৰ্থক উদ্দেশি মোৰ চলিছিলে ৰথ, সন্মুখত তুমি আহি আগুৰিলা পথ তোমাৰ বাবেই আজি হেৰাল চিকাৰ, নহলে নোপোৱা তুমি এনে তিৰস্কাৰ । (প্ৰস্থান )

( বিপৰীত ফালে তললৈ মূৰ কৰি যুধিষ্ঠিৰৰ প্ৰস্থান )

    -পট-

৮ম দৃশ্য

১০ম দৃশ্য