৮ম দৃশ্য

সূচী

কুৰু শিবিৰৰ এটা কক্ষ

  ( কৰ্ণ আৰু দুঃশাসনৰ প্ৰবেশ )

কৰ্ণ  – দুঃশাসন, প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয় কিন্তু সেই বুলি মই নিৰুৎসাহী নহওঁ ।

দুঃশাসন – আমাৰ অজস্ৰ সৈন্য নিধন হ’ল অঙ্গৰাজ ।

কৰ্ণ -স্বীকাৰ কৰিছোঁ। কিন্তু ভীষ্ম দ্ৰোণয়ো সৈন্যনাশত বাধা দিব নোৱাৰিছিল।

দুঃশা -সেইটো হয়, পিচে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে, আন কাৰো ওপৰত সিমান নাছিল । মাত্ৰ সন্মান কৰি পিতামহ আৰু গুৰু দ্ৰোণক আগতে সেনাপতি পাতিলে ।

কৰ্ণ   – সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই দঃশাসন ।

দুঃশা – জানো মহাৰাজ ।

কৰ্ণ  – আজি হাৰিছো বুলি চিৰ দিন নেহাৰো, আজি সৈন্যনাশ হ’ল বুলিয়েই চিৰদিন হ’ব নোৱাৰে ।

দুঃশা  – পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হ’লে আমাৰ জন্মধাৰণ কৰা মিছা মহাৰাজ । বীৰ বুলি, ক্ষত্ৰিয় বুলি পৰিচয় দিয়াৰ কোনো মুল্য নাথাকে ।

কৰ্ণ –  পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা অলীক কল্পনা ।

দুঃশা – যিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱৰ মৃত দেহৰ ওপৰত শিয়াল-শগুণ বহি মঙ্গহ টনা-আজোৰা কৰিব, সেই দিনা আমাৰ কিমান আনন্দ হ’ব?

কৰ্ণ  – সেই শুভদিনলৈ আৰু বেছি অপেক্ষা কৰিব নেলাগে দুঃশাসন, সেই দিন আহিছে ।

দুঃশা  – আহিবই লাগিব । দুৰ্য্যোধন  দুঃশাসনৰ গদা, কৰ্ণ  মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা ধেমালিৰ কথা নহয় । সেই দিন আনিবলৈ লাগিব । বাৰু আপুনি অলপ অপেক্ষা কৰক, মই দাদাক জনাওঁ । (প্ৰস্থান)

কৰ্ণ  – (স্বগতঃ) কৃষ্ণ হ’ব পাৰা তুমি নৰৰূপী ভগৱান , সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব । পাৰ্থক ৰাখিব নোৱাৰিবা ।

  (বিষন্ন মনেৰে দুৰ্য্যোধনৰ প্ৰবেশ)

কৰ্ণ – আহাঁ সখা ।

দুৰ্য্যো – অঙ্গাধিতি, পাণ্ডৱৰ পৰাজয় বাৰ্ত্তা শুনি সুখী হ’লো ।

কৰ্ণ  – তিৰস্কাৰ নকৰিবা সখা ।

দুৰ্য্যো – তিৰস্কাৰ নাই কৰা মহাৰাজ, তোমাৰ গুণ-কীৰ্ত্তন কৰিছোঁ ।

কৰ্ণ  – (অলপ খঙৰে ) সখা –

দুৰ্য্যো -( খঙৰে) কি-

কৰ্ণ  – কৰ্ণ এতিয়াও জীয়াই আছে ।

দুৰ্য্যো – এটা সামান্য কুৰু-সেনায়ো পলৰীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পায় মহাৰাজ ।

কৰ্ণ    – কুৰুপতি, ই আই কেনে ব্যৱহাৰ ?

দুৰ্য্যো – কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি, বীৰ অগ্ৰগণী, মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ ।

কৰ্ণ – কৌৰৱেশ্বৰ, কৰ্ণক অধৈৰ্য্য নকৰিবা, ক্ষিপ্ত নকৰিবা ।

দুৰ্য্যো –  ভ্ৰকুটি দেখুৱাবলৈ মোক নাৰীজ্ঞান কৰিছা মহাৰাজ ?

কৰ্ণ – জানো ,তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী। জানো, বীৰ তুমি, নোহোৱা ৰমণী । অসীম ঐশ্বৰ্য্যশালী তুমি কুৰুপতি, নিঃসহায় নিৰ্ধনী কৰ্ণক, সত্যকথা, অযাচিতে কৰিছিলা ৰাজ্য দান, কৰিছিলা মণি-মুক্তা দান, সেই বুলি , কৰ্ণই নকৰে সহ্য এনে অপমান ।

দুৰ্য্যো – তেন্ত দুৰ্য্যোধনে কোন প্ৰাণে, সহিব পাৰিব কোৱাঁ তেনে অপমান ?

কৰ্ণ  –  কি অপমান ?

দুৰ্য্যো – পৰাজয়ৰ অপমান, কৌৰৱ সেনাপতিৰ পলায়নৰ অপমান! পাণ্ডৱৰ শিবিৰত জনে জেন আজি, প্ৰচাৰ কৰিছে মোৰ কলঙ্ক কাহিনী । বাটে ঘাটে আলোচনা, বনবাসী পাণ্ডৱৰ নিপুণ চানেকি চাই ৰণ পাণ্ডিত্যৰ ভীত হ’ল কৌৰৱৰ বিৰাট বাহিনী, উৰ্দ্ধশ্বাসে প্ৰাণ লই ত্যজিলে সমৰ । ভিক্ষাৰীৰ তিৰস্কাৰ, বিদ্ৰুপৰ বাণী, দুৰ্ব্বলীৰ এনে অহঙ্কাৰ, কোন প্ৰাণে, কোন প্ৰাণে ভাৰতৰ একচ্ছত্ৰী অধীশ্বৰ হই অম্লান বদনে আজি ল’ম শিৰ পাতি ?

কৰ্ণ  -(অলপ ৰৈ ) মহাৰাজ, মহাৰাজ নেলাগে নেলাগে আৰু অস্পষ্ট নহয়, প্ৰত্যক্ষ পাইছোঁ দেখা অন্তৰৰ মনোব্যথা বেদনাৰ ৰেখা । চিন্তা আৰু নাই কুৰুপতি, নিদাৰুণ ক্ৰুৰ নিয়তিয়ে গোপনে গোপনে আহি নিৰ্ম্মম হাতেৰে ভাগ্য চক্ৰ আজি মোৰ প্ৰতিকুলে দিছিলে ঘুৰাই । ইবাৰ সৰ্তক মই ।- ( শল্যৰ প্ৰবেশ) নোৱাৰে চাপিব কাষ, নোৱাৰে তৰিব আৰু ষড়যন্ত্ৰ জাল । মহাৰাজ , দিয়া মোক সুনিপুণ সাৰথি এজন শেষ কৰোঁ কুৰুক্ষেত্ৰ ৰণ, উজলাও কৌৰৱৰ কীৰ্ত্তি অগণন ।

দুৰ্য্যো – মদ্ৰপতি ,কোৱা কৰিবানে সাৰথ্য স্বীকাৰ ?

শল্য  – আদেশ যদিহে কৰে কৌৰৱ ঈশ্বৰে অৱশ্যেই কৰিব লাগিব ।

দুৰ্য্যো-  আদেশ নহয় ৰজা, ই মোৰ অনুৰোধ

শল্য  – আনন্দেৰে কৰিলোঁ স্বীকাৰ ।

কৰ্ণ  – তেন্তে কুৰুপতি, সুস্থিৰে বিশ্ৰাম কৰা আপোন কক্ষত । যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি, নেলাগে যাপিব আৰু বিনিদ্ৰ ৰজনী । (প্ৰস্থান)

দুৰ্য্যো  – প্ৰবল বেগেৰে আজিধুমুহা বলিলবাধিবৰ শক্তি আৰু নাই পাণ্ডৱৰ ।

 ( দুৰ্য্যোধন আৰু তেওঁৰ পাচে পাচে শল্যৰ প্ৰস্থান )

 ( বিপৰীত ফালৰপৰা শকুনিৰ প্ৰৱেশ)

শকুনি – বাধা দিবৰ শক্তি আছে বুলি জানিলে কি  কৰিবা দুৰ্য্যোধন , কি কৰিবা ? চকুৰ আগতে দেখিছা, ভীষ্ম গৈছে, দ্ৰোণ গৈছে, কৰ্ণ পলাইছে , আকৌ কৈছা “বাধা দিবৰ শক্তি নাই , বাধা দিবৰ শক্তি নাই ।” অন্ধ, উন্মাদ, এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম, এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয় পতাকা উৰাম প্ৰলাপ! প্ৰলাপ!! প্ৰলাপ!!! তেজৰ পিৰপিৰণি থাকে মানে দুৰ্য্যোধন , এই প্ৰলাপ থাকিব । কিন্তু যিদিনা তেজ চেঁচা পৰিব , গোট মাৰিব , টনটনীয়া শিৰ কোঁচ খাই বিট-শগুণৰ ঠোঁটৰ আগত ওলমি পৰিব, সেই দিনা এই প্ৰলাপ, এই উন্মাদনা ক’ত থাকিব !!! (প্ৰস্থান )

 

-পট-

৭ম দৃশ্য

৯ম দৃশ্য