৫ম দৃশ্য

সূচী

নিৰ্জ্জন পথ

( গীত গাই গাই বৰাগীৰ প্ৰবেশ )

 (গীত)

    সকলো মায়াৰে খেলা

  আগতো  নেদেখি   পাচতো নেদেখি

    বুজিব নোৱাৰা লীলা ।

  নিতে ফুলে ফুল সুবাসেৰে ভৰা

  পখী কুলে ধৰে গীতি সুধাজৰা

  প্ৰীতি অনুৰাগ সকলো অসাৰ

  সকলো মায়াৰে খেলা ।

  ধন জন দেহা মিছা সকলোটি

  মিছা সঁচা বুলি নৰবা সাৱটি

  ৰাখা যতনৰে সচাঁ নিধি যিটি   (  মালঞ্চ)

  তৰোৱা নিদান বেলা ।  ( কৰণাধৰ বৰুৱা ৰচিত)

  (গীতৰ অন্তত বৰাগীৰ প্ৰস্থান )

৪ৰ্থ দৃশ্য

৬ষ্ঠ দৃশ্য