৩য় দৃশ্য

কৰ্ণৰ প্ৰাসাদ কক্ষ

(চঞ্চল হৈ কৰ্ণৰ প্ৰবেশ)

কৰ্ণ –   পদ্মা- পদ্মা- পদ্মা-   (পদ্মাৰ প্ৰবেশ)

পদ্মা-  নাথ-

কৰ্ণ –  (ওচৰ চাপি) “জীৱন ৰহস্য মোৰ শুনিবি অভাগি?”

পদ্মা- কি হৈছে প্ৰিয়তম? একো বুজিব পৰা নাই। আপুনি   চঞ্চল হৈছে কিয়?

কৰ্ণ – চঞ্চল নহওঁ প্ৰিয়ে, ধীৰ,স্থিৰ আজি মই অচল অটল। জানা কোন মই?

পদ্মা-  জানো,আপুনি মোৰ স্বামী,মোৰ গুৰু, আপুনিয়েই   মোৰ দেৱতাৰো দেৱতা।

কৰ্ণ –   আৰু কি জানা?

পদ্মা-   আৰু  প্ৰভু জানিবৰ নাই প্ৰয়োজন।

কৰ্ণ –   শুনা প্ৰিয়ে, সুতপুত্ৰ মই-

পদ্মা-   জানো প্ৰিয়তম-

কৰ্ণ –  নেজানা, নেজানা?

সূতপুত্ৰ মই আছিলো এদিন। কিন্তু,আজি হ’লো, কুন্তী পুত্ৰ,জ্যেষ্ঠ পাণ্ডৱৰ।

পদ্মা-  উপহাস নকৰিব প্ৰভু।

কৰ্ণ –  উপহাস! উপহাস নোহে পদ্মা, মাতা আহি, নিজ মুখে,যমুনা তীৰত, কই গ’ল আজি প্ৰভাতত, “ৰাধাৰ নন্দন তুমি নহয় , নহয় ; জ্যেষ্ঠ পুত্ৰ তুমি মোৰ, প্ৰথম তনয় ।”

পদ্মা – দয়াময়, তোমাৰ অনন্ত লীলা, অপাৰ কৰুণা।

কৰ্ণ –  কৰুণা নহয় প্ৰিয়ে, ই যে প্ৰতাৰণা, নহ’লেনো, ব্যৰ্থ কৰি   জীৱনৰ সোণালী গৰিমা, শিৰ পাতি লৈ লৈ ঋষি অভিশাপ, অন্তিমৰ যৱনিকা পৰাৰ আগতে জানিলোহেঁতেন কিয়, ৰাজৰাজেশ্বৰী কুন্তী মাতৃ বুলি মোৰ?

(পদ্মাই কৰ্ণৰ মুখলৈ চাই থাকে)

কৰ্ণ – স্বাৰ্থপৰ, স্বাৰ্থপৰ, সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থৰ আকৰ।

পদ্মা – প্ৰিয়তম।

কৰ্ণ – শুনা পদ্মা, কলঙ্ক কালিমা সানি শৈশৱৰেপৰা সহিলো যাতনা কত, কত অপমান, ক’তা, তেতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ! হীন কুলোদ্ভব বুলি আচাৰ্য্য দ্ৰোণই, অস্ত্ৰ শিক্ষা নিদিলে ঘৃণাত, দ্ৰৌপদীৰ সয়ম্বৰ দিনা, নীচ বুলি,হীন বুলি, দ্ৰোপদ বালাই, কৰিছিলে কত অপমান, সূতক নকৰো বুলি বৰ মাল্য দান। ক’তা, তেতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ! আজি –

পদ্মা – অতীতৰ নিকৰুণ, নিদাৰুণ কথা নুশুনাব আৰু প্ৰভু। নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল, আপোনাৰ  জীৱন ৰহস্য।

কৰ্ণ – ৰহস্য বাবে পদ্মা জীৱনৰ ৰহস্য মোৰ গোপনে আছিল।

পদ্মা – কি ৰহস্য?

কৰ্ণ – কুমাৰী আছিল মোৰ জননী যেতিয়া, আদিত্য তেজত, দেখা পালে তেতিয়াই কৰ্ণক তোমাৰ। কলঙ্কৰ চেকা ধুই নিকা কৰিবৰ উপায় আছিল মাথো, নিঃসহায়,নিৰ্দ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা, অকাতৰে,অম্লান বদনে, নদীৰ গৰ্ভত প্ৰিয়ে, বিসৰ্জ্জন দিয়া!

পদ্মা – বিৰ্সজ্জিলে নদীৰ গৰ্ভত!

কৰ্ণ – নিদিব?নহ’লে যে নেথাকে নাৰী সতীৰ মহিমা

পদ্মা – গৰ্ভজাত সন্তানক কোন সতে চেনেহী মাতৃয়ে-

কৰ্ণ – ক্ষান্ত হোৱা পদ্মা তথাপি জননী মোৰ আৰাধ্যা জননী।

পদ্মা – এতিয়া কি কৰিব প্ৰিয়তম?

কণ – নেলাগে ৰাজত্ব মোক , নেলাগে জ্যেষ্ঠতা। সূত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কুন্তী, তথাপিও, বিফল নহ’ব প্ৰিয়ে, যৌৱনৰ পণ, সখা মোৰ, ভ্ৰাতা মোৰ মাথো দুৰ্য্যোধন।

 

-পট-

২য় দৃশ্য

৪ৰ্থ দৃশ্য