২য় দৃশ্য

সূচী

পাণ্ডৱ শিবিৰৰ ওচৰৰ কানন

(এজোপা গছৰ তলত দ্ৰৌপদীয়ে গীত গাই থাকে। গীত শেষ নৌ হওঁতেই কৃষ্ণাঅৰ্জ্জুনক অহা দেখি প্ৰস্থান। বিপৰীত ফালৰ পৰা কথা পাতি কৃষ্ণ আৰু অৰ্জ্জুনৰ প্ৰৱেশ।)

(দ্ৰৌপদীৰ গীত)

শেৱালীৰে মালা প্ৰিয় ৰচিছিলা কিহলৈ,

জৰিল আজলী পাহি ৰেণু উৰি উৰি গৈ ।

নিৰুপমা নিমগনা

সপোন সুষমা সনা

মৰহিলে কবিতাৰ মাধুৰীমা আজি ঐ।

আলসুৱা অনুগতা

নিমাতী লাজুকী লতা

আহো বুলি নাহি প্ৰিয়,গলা কিয় দূৰলৈ?

মাধবী জোনালী নিশা

ৰূপোৱালী ৰূপ শিখা

ঢাকিব বিৰহী মেঘে জানিবানো কেনেকৈ!

অৰ্জ্জুন – বনবাসেই ভাল,যদুপতি।

কৃষ্ণ- সঁচাকৈয়ে ভাল। সংসাৰীৰ ভোগ-বিলাসৰ প্ৰাধান্য বনত নাই,ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদভ্ৰান্ত নকৰে,বনত সদায় শান্তি আৰু সেই কাৰণেই শান্তিকামী মুনি-ঋষিসকলে নগৰত আশ্ৰম নেপাতি বনতেই পাতে সখা!

অৰ্জ্জুন-   তেন্তে আত্মীয়-স্বজন বিনাশ কৰি লাভ কি?

কৃষ্ণ-  একো লাভ নাই।

অৰ্জ্জুন – তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতেই সামৰণি পৰক।

কৃষ্ণ- কুৰুক্ষেত্ৰ সমৰৰ সামৰণি কুৰু-পাণ্ডৱে পেলাব নোৱাৰে সখা।

অৰ্জ্জুন-  কিয়?

কৃষ্ণ-  বোধকৰো ধৰ্মৰ বাবে।

অৰ্জ্জুন- ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি ! ই এটা হত্যা,বংশ নাশ, এটা বিৰাট ধ্বংস।

কৃষ্ণ-  এটা বিৰাট ধ্বংসৰেই প্ৰয়োজন হৈছে সখা,  ধৰ্মৰ মৰ্য্যদা ৰক্ষা কৰিবলৈ ।

অৰ্জ্জুন –  পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা ,দুৰ্ব্বল নিৰীহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম যদুপতি?

কৃষ্ণ-  প্ৰকাশ্য ৰাজসভাত সতীক বিবস্ত্ৰা কৰা,বালকক সপ্তৰথীয়ে নৃশংসভাৱে বধ কৰা, কি ধৰ্ম   ফাল্গুনী?

ভীম-  হে মাধৱ, উত্তেজিত নকৰিবা আৰু!

(ভীমৰ প্ৰৱেশ)

ভীম- উত্তেজনা নহয় অৰ্জ্জুন, চিৰ লক্ষ্য ব্ৰত মোৰ শক্ৰ বিনাশন।

অৰ্জ্জুন –  দাদা, ক্ষান্ত হোৱা। ৰাঙ্গলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে, ৰাঙ্গলী কৰিছো হাত শিক্ষাদাতা, দীক্ষাদাতা গুৰুৰ তেজেৰে, আৰু কিয় দাদা?

ভীম- ভাবিবলৈ দিয়া অৰ্জ্জুন ?    (ভাবে )

অৰ্জ্জুন-  ভাবি চোৱা, এশটা ভ্ৰাতৃৰ মাথো আছে দুটি বাকী। সেই ভাতৃ শোণিতত ৰাজসিংহাসন, আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবু নৰকত? কিয় হেৰুৱাও ইহকাল পৰকাল,বংশ শেষ কৰি?

কৃষ্ণ- সখাই কোৱা কথাও বৰ মিছা নহয় বৃকোদৰ। ভাই-ককাইতকৈ ৰাজ্য-ৰাজপাট ডাঙৰ নহয়।

ভীম- কেতিয়াও নহয়।

কৃষ্ণ-  কিন্তু সেই ভাই-ককায়েই অচিনাকি সূতপুত্ৰ কৰ্ণক অযাচিতে অঙ্গদেশ দান কৰিব পাৰিলে,পাণ্ডৱৰ নামত হলে পাঁচখন গাৱোঁ নাহিল।

ভীম-   উন্মাদ নকৰিবা কৃষ্ণ।

কৃষ্ণ-  উন্মাদ কৰা নাই বৃকোদৰ ; কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, বৃকোদৰৰ প্ৰতিজ্ঞা,গাণ্ডীৱধাৰী অৰ্জ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী ! কুৰুসভাত উৰু দেখুৱা দুৰ্য্যোধনৰ আজিও অক্ষতদেহ, পাঞ্চালী আজিও মুক্ত-কেশী,দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত?     (বেগেৰে প্ৰস্থান)

অৰ্জ্জুনৰ –  সখা,সখা,    (প্ৰস্থান)

ভীম-  অৰ্জ্জুন অৰ্জ্জুন যুক্তিতৰ্ক  ধৰ্ম্মাধৰ্ম্ম যক ৰসাতলে।প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ ব্ৰত।   (প্ৰস্থান)

 

-পট-

১ম দৃশ্য

৩য় দৃশ্য