স্বাস্থ্য আৰু সৌন্দৰ্য

July 28, 2013 at 6:20 am

গৰমৰ দিনত ছাল আৰু ছুলিৰ যতন

মিনাক্ষী নাথ পেগু

ৰদালি বিউটি ক্লিনিক

 

গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল-চুলিৰ যথেষ্ট পৰিমানে  ক্ষতি হয় । এইদিনকেইটাত সেয়েহে ছাল-চুলিৰ উপযুক্ত যত্ন ল’ব লাগে ।

গৰমৰ দিনকেইটাত পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে । চাব যাতে চুলিৰ গুৰিবোৰ ঘামি তেলেতীয়া হৈ নাথাকে । প্ৰয়োজন অনুসাৰে চুলিবোৰ চেম্পু কৰিব । কণ্ডিচনাৰ ব্যৱহাৰ কৰিব।

Beauty Care

সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালক বেয়াকৈ প্ৰভাৱিত কৰে । গৰমৰ দিন অহাৰ লগে লগে ছালৰ  প্ৰাকৃতিক উজ্বলতা হেৰাই যায় । ৰ’দে পোৰা, শালম‍ইনা, ঘামচি আদি সমস্যাই গা কৰি উঠে । কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি ছালৰ  সতেজতা ঘুৰাই আনিব  পাৰি । পাণী খাব প্ৰচুৰ পৰিমাণে । চানস্ক্ৰীন ব্যৱহাৰ কৰিব ।

* মুলতানী মাটি , গোলাপজল, কমলাৰ শুকান বাকলিৰ গুৰি সমান পৰিমানত একেলগে মিহলাই দহমিনিট মুখত লগাই থৈ ঠাণ্ডা পাণীৰে ধূব । ছালখন নিমজ আৰু উজ্বল হ’ব ।

 

* তিয়হ , নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থব । মাজে মাজে মুখত ঘহিব । মুখখন উজ্বল হ’ব আৰু  শালমইনা ও কমিব ।

* গাখীৰ , মৌ, আৰু নেমু ৰস মিহলাই ১৫ মিনিট মুখত লগাই ধূব । ৰ’দে পোৰা দাগ কমিব ।

 

চুলিৰ বাবে-

* শুকান চুলি হ’লে চালকুঁৱৰীৰ ৰস আধাঘণ্টা লগাই থব । ই চুলি মসৃন কৰাৰ লগতে  টনিঙৰ কামো কৰে ।

 

* নিমপাত  বতি তাৰ ৰসত অলিভ অইল মিহলাই কুহুমীয়া গৰম কৰি চুলিৰ গুৰিত লগাব । এঘন্টামান ৰাখি ধুব । চুলি সৰা বন্ধ হ’ব । চুলি গজিব ।

* বেছি শুকান আৰু আগ ফঁটা চুলিৰ বাবে মুলতানী মাটিৰ লগত কণী দুটা, দৈ একাপ মিহলাই আধাঘন্টা লগাব ।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*