সম্পাদকীয়

July 28, 2013 at 6:16 am

সম্পাদকীয় (জুলাই ২০১৩)

Editorial

পংকজ ফুকন

মকৰাৰ মুখৰ পৰা ওলোৱা বিশেষ আঠা জাতীয় এবিধ সুতাৰ দ্বাৰা প্ৰস্তত কৰি উলিওৱা এটা ঘৰ যাক কোৱা হয় জাল(WEB)।প্ৰতিডাল সূতাৰে ইডালৰ লগত সিডালৰ থাকে এক সু আৰু দৃঢ় সম্পক। বৰ্ত্তমান পৃথিবীখনো হৈ পৰিছে এখন জাল।খবৰৰ জাল।খবৰ-সংবাদ-জানিবৰ বাবে থকা জিজ্ঞাসা মানুহৰ আদিম প্ৰবৃত্তি।ঘৰতে বহি মানুহে জানিব বিচাৰে আমেৰিকাৰ সদনত কি আলোচনা হৈছে। চীনৰ আখলত কি ৰান্ধিছে ? তাৰ বাবে গঢ়ি তুলিছে এক সহজলভ্য জালিকাসূত্ৰ(NETWORK)। তদুপৰি বৰ্ত্তমান প্ৰাকৃতিক সম্পদ কিছুমান হ্ৰাস পাইছে।গছ-গছনি কাটি খাস্তাং কৰি গোলকীয় উষ্ণতা নমাই আনিছে ।এনে পৰিস্হিতিত হয়তো প্ৰাকৃতিক সম্পদৰ পৰা প্ৰস্তত কৰা কাগজৰ ব্যৱহাৰ এটা সময়ত বন্ধ হৈ যাবগৈ । বৰ্ত্তমান অসমত থকা কাগজ কলসমূহ মাজে মাজে কেঁচা সামগ্ৰীৰ অভাৱত বন্ধ হৈ থাকে। ভবিষ্যতেও প্ৰাকৃতিক পৰিবেশ সুস্হ ৰখাৰ স্বাৰ্থত আমি কাগজৰ আলোচনীৰ পৰা  ই আলোচনীলৈ ৰূপান্তৰিত কৰিছো আমাৰ  প্ৰচেষ্টা সকলো শ্ৰেনীৰ সকলো লেখক পাঠক বাবে ।

 

                                                                                                পংকজ ফুকন

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*