চুটি গল্প

July 28, 2013 at 6:12 am

প্ৰেম এনেকৈয়ে (১)

বিপুল দলে

 (মিচিং পটভূমিত ৰচিত গল্প)

মানুহৰ সকলো আশা  কেতিয়াও পূৰ্ণ নহয়। নাৰায়ণ এজন সহজ সৰল মানুহ, তেওঁ মৌজাদাৰ। তেওঁ বহুত ঠাইত পূজা-পাতল কৰিছিল এটা সন্তানৰ বাবে । কিন্তু বিধাতাই নিদিলে তেওঁৰ মনৰ বাঞ্চিত ফল। মৌজাদাৰৰ ছোৱালী আছিল পাঁচজনী। তাৰে এজনীক নাৰায়ণ মৌজাদাৰে তেখেতৰ বন্ধু এজনৰ লগত সালসলনি কৰিছিল। তেখেতৰ বন্ধুজনৰো লৰাৰ সংখ্যা বেছি আছিল।নাৰায়ণ মৌজাদাৰে নিজৰ সন্তানৰ দৰে কেচুৱাৰ পৰা- পুহ পাল দি ডাঙৰ দীঘল কৰি লৰাজনৰ নাম ৰাখিছিল ৰাহুল।

মৌজাদাৰে  জীয়েক তিনিজনীক বিয়া দি আজৰি কৰিলে। মাত্ৰ সৰু জনীক বিয়া দিবলৈ আছে। তাই পঢ়ি আছে। এইবাৰ মেট্ৰিক ফাইনেল দিব । তাইৰ নাম তৰালী। তৰালীয়ে গাওঁৰে এজন লৰাক ভাল পায়। লৰাজনৰ নাম বিকাশ। দুয়ো দুয়োৰে প্ৰেমত উটি-ভাঁহি ফুৰি পাৰ কৰে সময়বোৰ।Lovers

: হে হেৰা শুনিছানে, নাৰায়ণে কলে!

: কি হল, ইমানকৈ চিঞৰিছা যে…!

: নহয়—গধুলি খাবলৈ শাক পাচলি যোগাৰ কৰিলানে? মই মাছৰ বজাৰকে কৰি আহো ।

: ৰবাছোন চাহ একাপকে খাই যাবা আকৌ ।

ৰাহুল কলৈ গ’ল বাৰু ।

: মাঁ মই এইয়া ৰোমতে আছিলো ।

অ দেউতা আপুনি ক’ত ওলালে ।

অ ৰাহুল তই , হেৰা মই মাছৰ বজাৰকে কৰি আঁহো ।

দেউতা এতিয়া আপুনি যাব নালাগে । মইয়েই বজাৰটো কৰি আনিব পাৰিম । হ’ব দিয়া মই যাঁও । ৰাহুল তই সোনকালে ঘুৰি আহিব । নহলে মই চিন্তিত হৈ থাকিম ।  হব,  দেউতা।ৰাহুলক দেউতাকে বৰ মৰম কৰে । ৰাহুলেও দেউতা বুলি  শ্ৰদ্ধা কৰে।  ৰাহুলে নাজানে তাক যে নাৰায়ণ মৌজাদাৰে নিজৰ ছোৱালী এজনীৰ লগত সলাই লোৱা বুলি । আনকি তৰালীয়েও নাজানে । তৰালীয়ে জানে নিজৰ নাৰী কটা দাদা বুলি। বয়সত ডাঙৰ হ’লেও ৰাহুলদা বুলিয়ে মাতে তৰালীয়ে। ৰাহুলে বজাৰ কৰি আহোতে তৰালীক আঁতৰৰ পৰা দেখা  পালে । সিহঁতে ৰাহুলক দেখা নাছিল ।  তৰালীয়ে বিকাশৰ লগত হাতে হাতে ধৰি বি.কে.ৰেষ্টুৰেণ্টতলৈ দুয়ো সোমাই গল ।  সিফালে ৰাহুলে নিজৰ ভনীয়েকক গাঁওতে বিয়া দিবলৈ ইচ্ছা নকৰে । মাঁক-দেউতা হতেও ইচ্ছা নকৰে । ৰাহুল গাঁওৰ ল’ৰাবোৰৰ লগতো নিমিলে । গাঁওৰ ল’ৰাবোৰেও ৰাহুলক হিংসা কৰে । কিয় কৰে ৰাহুলে নাজানে ৰাহুলেও লৰাবোৰক ভাল নাপায় ।

ৰাহুলেৰ ভাবিলে এতিয়া কি কৰো । তাইকতো মই ঘৰলৈ লৈ যাব লাগিব। সিফালে দেউতাই সোনকালে ঘুৰি আহিবলৈ কৈছিল । দেউতাকে তৰালী  Î›¶÷ত পৰাৰ খবৰ পালে কথা বেয়া হব।

এতিয়া সিহঁত ৰেষ্টুৰেণ্টৰ পৰা ওলাই নহা পৰ্যন্ত সি ইয়াতে বহি ৰৈ থাকিব লাগিব।

: তৰালী বহা —-বিকাশে ক’লে!

: তই নকলেও মই বহিম।

: তেন্তে থিয় হৈ ৰৈ আছা কিয়?

: কি খাবা!  মিঠাই—-!

মই মিঠাই খাই ভাল নাপাওঁ দেই! বেলেগ বস্তু লোৱা ।

তেন্তে তুমি নিজেই অৰ্ডাৰ কৰি লোৱা ।

অ—-! বিকাশদা বেলি দুপৰ হ’ল  । মই সোণকালে ঘৰ পাব লাগিব ।  নহলে মোক ঘৰত বিচাৰিব!

:বলা তেন্তে!

দুয়োজনে ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহোতে ৰাহুল সিহঁতৰ মুখামুখি হ’ল।

:তৰালী তুমি ইয়াত কি কৰিছা । টিউচন ক্লাছলৈ গৈছিলানে ? গাওঁৰ ডেকা লৰাৰ লগত ৰেষ্টুৰেন্টত টাইম পাছ কৰিবলৈ আহিছা । ঘৰলৈ ব’লা । আৰু শুনা— বিকাশ,—-অলপ ৰৈ কলে ৰাহুলে।

তোমাক মই বহু দিনৰ পৰা চাই আছো । মদ,চিগাৰেট খাই চাৰিআলিত গুন্ডামী কৰা বদমাইচ । আজি তোক শেষ ক্ষমা কৰিছো । সকলো গাওঁৰ গাভৰু ছোৱালী তোৰ বাবে জন্ম লোৱা নাই । আৰু মই তোৰ প্ৰেমক বাধা দিব বিচৰা নাই । কিন্ত এনেকুৱা প্ৰেম নকৰিবি, এজনীক  চলনা কৰি আন এজনীক আৰু তই ভগৱান শ্ৰীকৃষ্ণ নহয় ।

ৰাহুলে তৰালীক হাতত ধৰি ঘৰলৈ টানি লৈ গ’ল ।

তৰালীয়ে ৰূমত বিচনাত পৰি কান্দি আছে  । তাই ভাবিলে  দাদাই মোৰ প্ৰেমক কিয় অপমান কৰিছে । বিকাশদাক কিয় দেখিব নোৱাৰে । মোৰ ইমান গভীৰ ভালপোৱাক কিয় বাধা দিব বিচাৰে । মই কি ভুল কৰিলো । মই কি পাপ কৰিলো মোক কিয় বাধা দিয়ে । —তৰালী উচুপি উঠে—।

: তৰালী ৰাহুলে মাতিলে মৰমেৰে ।

তুমি অকলে কি কৰি আছা , কিয় কান্দিছা ?

: আহা—– মাঁ আৰু দেউতাই মাতিছে, ভাত খাবৰ হ’ল,  আহা—- ।

মই এতিয়া ভাত নাখাওঁ , মোৰ ভোক লগা নাই।

: তৰালী শুনা— মাঁ-দেউতাই তোমাক যি কৈছে তোমাৰ ভালৰ কাৰণে কৈছে । তুমি বিকাশক পাহৰিবলৈ চেষ্টা কৰা । লৰাজনৰ স্বভাৱ -চৰিএ ভাল নহয় । সেই দিনা তুমি শুনিছা নহয়,পুলিচৰ হাতত মাৰ খাই জেলৰ পৰা ওলাইছেহে । মদ-চুলাই খাই মানুহৰ লগত কাজিয়া পেছাল কৰে। সেইবোৰ কথা শুনি থাকিও তুমি তাৰ লগৰ বিয়া হ’ব বিচৰা । তুমি তাক পাহৰি যোৱা!মই দেউতাকো জনাই থৈছো । তোমাৰ বাবে ভাল দৰা এজনক চাই থৈ দিছো । তুমি অলপ বহা।

তৰালীয়ে পিছদিনা বিকাশক লগ ধৰিলে। আমি পলায় যাওঁ বলা বিকাশদা-তৰালীয়ে কলে।

: মই এতিয়া এই বয়সত বিয়া পাতিব নোৱাৰো!মোৰ আৰু সময় আছে । এতিয়া তোমাক বিয়া কৰি খোৱাম কি ? মোৰ মদৰ বাটিকে খাবলৈ টকা নোজোৰে । আৰু তোমাক লাগে বিয়া । হাঃ হাঃ হাঃ ……….

: বিকাশদা—তুমি ধেমালি নকৰিবা, তুমি কিবা এটা কৰা ঘৰত মোৰ বিয়াৰ কথা ওলাইছে ।

: বিয়া——- । বিকাশে হাঁহি মাৰি ক’লে –

বিয়াৰ কথা ওলাইছে যেতিয়ো ভালেই হৈছে । বিয়াত তুমি বহিবহে লাগে।

: ই, তুমি নুবুজা কিয়?

: বুজিব লাগেনো কি?

তোমাৰ লগত বিয়া হোৱাৰ কথা নহয়!মোৰ দেউতাৰ বন্ধুৰ ল’ৰাৰ লগত।

মোৰ লগত নহয় । —-আচৰিত হৈ ৰৈ ক’লে ।

কিয়? মোলৈ বিয়া নিদিওঁ বুলি কৈছে নেকি ?সেই সকলোবোৰৰ কিন্ত হ’ল ৰাহুল । মই তাক শেষ কৰি দিম।

: তুমি কাৰ কথা কৈছা বিকাশদা?—তৰালীয়ে ক’লে ।

সেই যে তোমাৰ বাপেৰ একমাএ সন্তান বুলি লালন- পালন কৰি থকা ল’ৰাটোৰ কথা কৈছো ।

: বিকাশদা,মোৰ দাদা ৰাহুলক কৈছা তুমি ?  তৰালীয়ে আচৰিত হৈ ক’লে ৰাহুল ।

মোৰ নিজৰ দাদা  ৰাহুলদা তোমাক কোনে কৈছে ? সেইবোৰ কথা মই বিশ্বাস নকৰো । মাঁ –দেউতাৰ তেজৰ সম্পৰ্ক থকা নাৰীকটা মোৰ দাদা ৰাহুল!—তৰালীয়ে কান্দি কান্দি ক’লে।

: তুমি একো নাজানা তৰালী, বিকাশে ক’লে।

: তুমি সৰু ছোৱালী । তোমাৰ মাঁ-দেউতা আৰু তোমাৰ লগত ৰাহুলৰ তেজৰ সম্পৰ্ক নাই।

: বিকাশদা—-তৰালীয়ে চিঞৰি মেদীনী কঁপাই তুলিলে। তাই ক’লে –

তুমি বৰ নিষ্ঠুৰ। তুমি বেয়া ।মই সপোনতো ভবা নাছিলো তুমি এনেকে উলট-পালট কৰিবা বুলি। তুমি মদ খাই আহিছা নেকি ? মই মৰি যাম। বিকাশদা,মই তোমাক বহুত ভাল পাইছিলো । কিন্ত—। তুমি মোক—।

তৰালীয়ে এক মিনিট সময়ো ৰৈ নাথাকিলে। কান্দি কান্দি আঁতৰি গুচি গ’ল!

তৰালী শুনাছোন, ৰবাছোন—-।

তৰালীয়ে ৰূমটোতে কান্দি থাকিল।

তৰালীক এনেদৰে টানকৈ কব নালাগিছিল । অনুতপ্ত বিকাশ আজি ৰূমলৈ আহি বাৰে বাৰে তৰালীলৈ মনত পৰি ধিককাৰ দিছে নিজক —-

তৰালীৰ বাবে এতিয়া ভাল দৰা এটা চাই দিবৰ সময় হ’ল। তৰালীক বিয়াদি আজৰি কৰিলেই সকলো কাম সমাপ্ত বুলি ভাবিব নাৰায়ণ মৌজাদাৰে।

তৰালীয়ে বহু চেষ্টা কৰিছে বিকাশক পাহৰিবলৈ । তাই ককায়েকৰ কথা মানি সকলোকে পাহৰিবলৈ ল’লে। এইবাৰ তাই পঢ়া শুনাত গুৰুত্ব দিয়াৰ সিদ্বান্তত ললে।

ৰাহুলৰ স্বভাৱ- চৰিত্ৰ ভাল। পঢ়াশুনাতো বৰ চোকা। বি.এ.পাছ কৰিয়েই অৰুণাচলত ডাঙৰ ডাঙৰ ঠিকাৰ কাম কৰিবলৈ আৰম্ভ কৰিছে ।

এদিন কামৰ পৰা আহোতে গাঁওৰ ডেকা লৰাবোৰে লগতে বিকাশে মদ খাই ৰাস্তাটোতেই বাগৰি পৰি থকা অৱস্হাত লগ পালে । বিকাশে ৰাহুলক দেখি চিঞৰিব ধৰিলে –

:ঐ—ৰাহুল তই মোৰ তৰালীক কি কৰিলি। মোৰ পবিএ ভালপোৱাক কিয় ভাঙিলি । তই যিখন ঘৰত আছ । তৰালীৰ লগত তোৰ একো সম্পৰ্ক নাই । তৰালীৰ মাঁক বাপেকৰ লগত তোৰ তেজৰ সম্পৰ্ক নাই । তই জাৰজ

:বিকাশ , ৰাহুলে ৰঙা চকুৰে চিঞৰি উঠিল । তোক মই আজি চেপি মাৰিম ।

 

দুয়োজন  কাজিয়া কৰি, ৰাহুলে ঘৰলৈ গুচি আহিল।

:মা , দেউতা—-  ৰাহুলে চিঞৰি আহিল।

:কি হ’ল ৰাহুল ,  মাঁকে আচৰিত হৈ সুধিলে!তই ইমান চিঞৰি আহিছ  যে ?

:হয়— মই আজি চিঞৰি আহিবলগীয়া হৈছো । দেউতা ক’লৈ গ’ল ?  ৰাহুলৰ অনুভৱ হ’ল যেন ওলমি থকা আকাশখনৰ এফাল খহি পৰিল তাৰ ওপৰত।

:হেৰা , কি হ’ল ৰাহুল ?  বাপেকে সুধিলে।

:দেউতা  মোৰ আচল মাঁ-দেউতা কোন ? ক’ত আছে ।  মই বিচাৰি যাম! তৰালীৰ লগত মোৰ তেজৰ একো সম্পৰ্ক নাই। মই জাৰজ । মই জীয়াই নথকা হ’লে ভাল আছিল। মোক কোন জীয়ালে । মই গুচি যাম দেউতা। আপোনালোকৰ লগত মোৰ একো  সম্পৰ্ক নাই ।

:ৰবা ৰাহুল, গহীন ভাৱে  ক’লে মৌজাদাৰে

তোমাৰ মাঁ দেউতা আমিয়েই, তোমাক সৰুৰে পৰা তুলি-টালি ডাঙৰ কৰিছিলো আমিয়েই । তুমি জাৰজ নহয়। তোমাৰ মাঁ দেউতা আছে । শুনা মই কৈ আছো । মৌজাদাৰ ü÷©† বিবৰণ দাঙি ধৰিলে ।

ৰাহুলে সকলো কথা বুজি পালে। ৰাহুল এতিয়ে মৌজাদাৰ ঘৰৰ একমাএ সন্তান। এতিয়া ৰাহুলে তৰালীক আৰু মাঁ দেউতাক কেনেকৈ এৰি  গুচি যাব ? সি সিদ্ধান্ত ললে সি আৰু কোনোদিন তেওঁলোকক এৰি  নাযায়।

  ( আগলৈ)

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*