কবিতা

July 28, 2013 at 5:54 am

বিয়াৰ নিশাৰ

নিভাৰানী চেতিয়া  ফুকন

 

Bride

দুকাষে দুখনি সেউজীয়া সপোনৰ ডেউকা লৈ

এখুজি দুখুজিকৈ নিয়ৰ সনা দুৱৰিত

পাট মুগাৰ খমখমনি——–

শাহুআই আদৰে লখিমী বোৱাৰী

জাত জাত উৰুলিক নিস্তব্ধ কৰি

এটি ভাৰাক্ৰান্ত হুমুনিয়াহে

শয়ন পাটিৰ ৰজনীগন্ধাৰ মাজত বিচাৰিছে সময়

স্থবিৰ সময়ৰ সতে খোজ মিলাই খুপি খুপি আহে খুবা খুবি

হেৰায় যায় সময় ৰজনীগন্ধাৰ বাহিশয্যাত

ৰৈ ৰৈ ভাঁহে সময়ৰ উচুপনি

তথাপিও তেওঁ হাঁহি থাকে,হাঁহি হাঁহিয়েই কান্দে

পাখি লগা  কাড় দৰে উৰি যায়ই সময়………..।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*