প্ৰবন্ধ সম্পাদকীয়

November 29, 2013 at 1:46 pm

অথঃ কেন্দ্ৰীয় সংবাদ (সম্পাদকীয়)

Editorial

কেন্দ্ৰ । চন্দ্ৰকান্ত অভিধানৰ মতে ইয়াৰ অৰ্থ হ’ল- ঘূৰণীয়া বস্তুৰ ঠিক মাজ ঠাই । The Centre of a round thing. অঞ্চলৰ ক্ষেত্ৰত এটা বৃহৎ অঞ্চলৰ মাজ খণ্ডক কেন্দ্ৰ বুলি ধৰা হয় । কেন্দ্ৰক ৰূপ সলনি কৰি কেন্দ্ৰীয় কৰা হৈছে । যেনে- কেন্দ্ৰীয় ৰঙালী বিহু, কেন্দ্ৰীয় ৰাস উৎসৱ, কেন্দ্ৰীয় শৰতৰ এসন্ধ্যা ইত্যাদি । এই কেন্দ্ৰক লৈ প্ৰাসংগিক প্ৰশ্ন এটা উত্থাপন হয় । এই কেন্দ্ৰ বোৰৰ পৰিধি কিমান ? ধৰক মেৰমুখ কেন্দ্ৰীয় ৰঙালী বিহু । তাৰ ঠিক ত্ৰিশ মিটাৰমান দুৰত্বত তাৰ কেইদিন মানৰ পাছত পাতিব কেন্দ্ৰীয় ৰঙালী বিহু , সাতবৰ । এই কম দূৰত্বৰ অন্তৰে অন্তৰে এটা এটা কেন্দ্ৰ হয় । এই বোৰে বাৰু কিহৰ ইংগিত বহন কৰে? প্ৰথমতে ই ইংগিত দিয়ে নিচেই দুখন কাষৰীয়া অঞ্চলৰ মানুহ খিনিৰ মাজত সমিলমিলৰ অভাব । যাৰ কাৰণে এটা ভীষন প্ৰতিদ্বন্দিতাৰ সৃষ্টি কৰি , জেদ ভাবৰ পোষকতা কৰি নিচেই ওচৰে ওচৰে একেধৰণৰ বহু অনুষ্ঠান গঢ় লৈ উঠে । গ্ৰাম্য অঞ্চলত দেখা যায় সেই একে কাৰণতে অসংখ্য নাট্যমঞ্চ । যি বিলাকৰ প্ৰায় বিলাকেই অৰ্ধ নিৰ্মিত । কোনোৱাটোৰ যদি মঞ্চটো হৈছে , কোনোৱাটোত দেখিব তলৰ আধাৰ অংশহে হৈছে । আকৌ আনফালে দেখিব বছৰৰ পাছত বছৰ ধৰি মঞ্চবোৰত একো অনুষ্ঠান নাপাতে । কেতিয়াবা যদি কোনোবাটো মঞ্চত কিবা এটা পাতে তেতিয়া দেখিব কাষৰ মঞ্চটোৰ একেই অনুষ্ঠান পাতিছে পূৰ্বৰ মঞ্চটোৰ তাৰিখৰ কেইদিন মানৰ আগত বা পাছত । তাতো একেই প্ৰসংগ কেন্দ্ৰীয় । কম দূৰত্বতে কেন্দ্ৰই কেন্দ্ৰই কিবা কিবি অনুষ্ঠানৰ আয়োজন কৰাত আমাৰ একো আপত্তি নাই । মানুহ সাংস্কৃতিক ভাবে আগবাঢ়ক, সম্বন্বয় গঢ় লৈ উঠক , কলা-কৃষ্টিৰ ৰ্চ্চা হওক । খুউব ভাল কথা । কিন্তু বিপদ ক’ত হৈছে জানেনে ? কম দিনৰ ভিতৰতে কম দূৰত্বতে কেন্দ্ৰীয় অনুষ্ঠান বোৰৰ আয়োজন কৰি একে খিনি মানুহকে বাৰে প্ৰতি দকা-হকা দি দান বৰঙনি সংগ্ৰহ কৰাটোতহে ৰাইজৰ আপত্তি । কেন্দ্ৰীয় কৰক, সাৰ্বজনীন কৰক, বিশ্বজনীন কৰক তাত ৰাইজৰ আপত্তি নাই । ৰাইজৰ অনুষ্ঠান ৰাইজেই পাতিব-ভাঙিব-লালন-পালন কৰিব জাতীয় ভাষণ দি এচাম অসাধু নেতাই ন্যস্ত স্বাৰ্থ পূৰণ কৰিব , মদ-মাংসৰ জোৱাৰ উঠাব তাতেই ৰাইজৰ আপত্তি । অথঃ এই কেন্দ্ৰ- কেন্দ্ৰীয় অনুভূতি বোৰক পুণৰাই চিন্তা কৰি চাবৰ ক্ষণ সমাগত হৈছে ।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*