নৱেম্বৰ ২০১৩: প্ৰবন্ধ প্ৰবন্ধ

November 29, 2013 at 1:43 pm

আহোম যুগৰ কেইটামান নাৰী চৰিত্ৰ

সৰুল’ৰা ফুকন 

সৃষ্টিৰ মূলতে নাৰী-ধ্বংশৰ মূলতে নাৰী

আহোমৰ ছশ বছৰীয়া ৰাজত্ব কালত ৰাজনৈতিক কাঠামো সুন্দৰ সুঠাম কৰি ৰখাৰ ক্ষেত্ৰত অকলযে ৰাজন্যবৰ্গৰে দৃঢ়তা আৰু প্ৰচেষ্টা আছিল সেয়া নহয় , আহোম ৰমনী সকলৰো দৃঢ়তা একাগ্ৰতা আৰু প্ৰচেষ্টায়ো ৰাজ্যৰ ভেটি সুদৃঢ় কৰি ৰখাত যথেষ্ট অৰিহনা আগবঢ়াইছিল। পুৰুষে শত্ৰুৰ হাতৰ পৰা দেশৰক্ষা কৰিবলৈ যিদৰে প্ৰচেষ্টা হাতত লৈছিল নাৰীয়েও পাৰিবাৰীক জীৱনৰ শান্তি ৰক্ষা কৰি দেশ আৰু জাতিৰ মঙ্গলৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছিল । কৃষি কৰ্ম্মতপুৰুষৰ লগে লগে নাৰীয়েও সদায় সহযোগিতাৰে শ্ৰম কৰিছিল। বস্ত্ৰ শিল্পৰ উন্নয়নৰ বাবে পলু পুহি-সুতা কাটি কাপোৰ বোৱা, কপাহৰ গছ ৰুই –কপাহ তুলি –ধুনি সুতা কাটি- কাপোৰ বোৱা আদি কামত নাৰীৰ দান অপৰিসীম । গৃহস্থালী কৰ্মত নাৰী আছিল এই যুগৰ একক আৰু অনন্য । মোমাই তামূলি বৰবৰুৱাৰ আঁচনি মতে গৃহস্থালী কৰ্ম্মত নাৰীয়ে কাম নকৰিলে –উগ্ৰ ৰাজকীয় শাস্তি ভোগ কৰিব লাগিব । সেয়েহে কৰ্মঠ জাতি গঠনত নাৰীৰ অৱদান অনস্বীকাৰ্য্য। ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক –সাংস্কৃতিক সকলো দিশতে নাৰীৰ অৱদান অপৰিসীম । স্বৰ্গদেউ চ্যুকাফাই এমুঠি মান টাই আহোম মানুহ লগত লৈ আহি অসমত প্ৰৱেশ কৰোঁতে নিজৰ ভিতৰত কৰ্ম্ম আঁচনি প্ৰস্তুত কৰি প্ৰত্যেক জন অসমীয়া লোককে কৰ্ম্মঠ কৰাৰ কথা চিন্তা কৰিলে । নাৰীও এই আঁচনিৰ মাজত বান্ধ খাই পৰিল । আনকি স্বৰ্গদেউ গদাধৰ সিংহই পাইক পঠাই সত্ৰৰ পৰা কৰ্ম্মহীন ভকত সকলক ধৰাই আনি আন মানুহৰ দৰেই কাম কৰি খাবলৈ বাধ্য কৰালে । আৰু দেশৰ বিভিন্ন ঠাইত থকা নিষ্কৰ্ম্মা ধোদ বিলাক উলিয়াই আনি কৰ্ম্মত লগালে । এনে মানুহৰ দ্বৰাই শিৱসাগৰত এটা দীঘল আলি বন্ধালে এয়ে প্ৰসিদ্ধ ধোদৰ আলি । ৰাজ্যন্যবৰ্গৰ এনে কৰ্ম্ম আঁচনিৰ দিহাত পুৰুষ নাৰী সাঙোৰ খাই পৰিল । যাৰ ফলত অসমৰ অৰ্থনৈতিক অৱস্থাও সৱল হৈ উঠিল ।  Ahom_sculptures

অসমৰ জাতীয় জীৱনৰ বুৰঞ্জীৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে অসমৰ প্ৰাচীন যুগ বা ঐতিহাসিক যুগত নাৰীৰ সামাজিক ভূমিক প্ৰায় শূন্য বুলিব পাৰি, কিয়নো

বুৰঞ্জী প্ৰণেতা সকলে পুৰুষ প্ৰধান দেশত এই সময়ত নাৰীক হেয় কৰি থৈ পুৰুষৰ কৰ্ম্মৰাজিকে লৈ ইতিহাস প্ৰনয়ন কৰিছিল । কিন্তু অসমৰ মধ্যযুগৰ সমাজ জীৱনত নাৰীৰ সম্পৰ্কে বহু কথা জানিব পৰা যায় । স্বৰ্গদেউ সকলৰ উদাৰ দৃষ্টিভঙ্গীৰ বাবেই বহু পৰিমানে সামাজিক মৰ্য্যদা লাভ কৰিছিল । প্ৰতিভা বিকাশৰ বাবে পুৰুষৰ উদাৰ নীতি বহুপৰিমানে কাৰ্য্যকৰী হয় । সেয়েহে গেইট চাহাবে লিখিছে যে নাৰীয়ে কেতিয়াও নিজকে দুৰ্ব্বল আৰু অযোগ্য বুলি পৰিচয় দিয়া নাই । আহোম যুগৰ নাৰীয়ে খেতি-পথাৰ-বোৱা কটাৰ পৰা আৰম্ভ কৰি নৃত্যগীতত পাৰদৰ্শিতা দেখুৱাৰ উপৰিও ৰাজনীতিত সক্ৰীয় অংশ গ্ৰহন কৰা আৰু প্ৰয়োজন সাপেক্ষে যুদ্ধ বিগ্ৰহতো বীৰত্ব প্ৰদৰ্শন কৰিছিল ।

আহোম যুগত ৰজা ডা-ডাঙৰীয়া আৰু বিষয়া বৰ্গৰ লগতে নাৰীয়েও যে ৰাজনীতিত অংশ গ্ৰহন কৰিছিল তাৰ উদাহৰণ বুৰঞ্জীত বহুতো পোৱা যায় । আনকি ৰাজনীতিত দুৰ্ব্বল কোনোবা স্বৰ্গদেউক ৰাজমাওয়ে স্বৰ্গদেওৰ মন্ত্ৰনাদাত্ৰী ৰূপেও দেখা পোৱা যায় । স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ কম বয়সৰ হোৱাৰ বাবে ৰাজমন্ত্ৰী পূৰ্নানন্দ বুঢ়াগোঁহাইৰ পৰামৰ্শ মতে ৰাজমাতৃয়ে মন্ত্ৰনা দাতৃ হিচাবে কাম কৰিছিল । প্ৰশাসনিক দিশত নাৰীৰ সহযোগিতা এনেদৰে প্ৰকাশ হৈছিল ৰাজমন্ত্ৰী পূৰ্নানন্দৰ বোৱাৰী ওৰেষানাথৰ পত্নী তথা বদন বৰফুকনৰ জিয়ৰী পিজৌ গাভৰুৱে কমখন নকৰিলেনে ? অসমৰ সিংহদ্বাৰ গুৱাহাটীত পিজৌ গাভৰুৰ দেউতাক বদনে বৰফুকনৰ দ্বায়িত্ব পালন কৰি আছিল । ৰজাৰ শাসনৰ দুৰ্ব্বলতাৰ কথা গম পাই বদনে প্ৰজাৰ ওপৰত অত্যাচাৰ কৰিবলৈ ঘৰচীয়া হাতীক ভাং খুৱাই ৰাইজৰ ওপৰত মেলি দিয়াতো পুত্ৰৰ ওপৰত শাসন কৰাটো দূৰৰে কথা-নিৰাপদ স্থানত বহি এই নাৰকীয় দৃশ্য উপভোগ কৰিবলৈ ধৰিলে । এনে বিসঙ্গতি পূৰ্ন বদনৰ কাৰ্য্য দেখি ৰাজমন্ত্ৰী

পূৰ্নানন্দই ৰাজমাতা আৰু বিষয়া বৰ্গৰে আলচ কৰি মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক বদনক ধৰি আনিবলৈ দায়িত্ব অৰ্পন কৰিলে । ৰাজহাউলীৰ এই গোপন বাৰ্ত্তা গম-পাই পিজৌৱে ৰাতিতে এজন মানুহক গুৱাহাটীৰ বাপেক বদনক এই গোপন মন্ত্ৰনা কথা জনাই আত্ম ৰক্ষা কৰিবলৈ বুলি সম্ভেদ দিয়ে । পিতা পুত্ৰীৰ কথা হ’লেও পিজৌৱে যি কুট নীতিৰ ভূমিকা ললে সি আহোম ৰমনীৰ বুদ্ধিমত্তা আৰু কুট নীতি পৰিচায়ক নহয় জানো ?

অন্য এক উজ্জ্বল ৰত্ন হ’ল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা ৰমনী গাভৰু । ৰাজনৈতিক ঘটনাক্ৰমে ৰমনী গাভৰুক দিল্লীৰ মোগল সম্ৰাটলৈ উইল কৰি দিব লগা হ’ল । বুৰঞ্জী বিখ্যাত শৰাই ঘাট যুদ্ধ ৰমনী গাভৰুৰ মোমায়েক লালুক সোলাই যুদ্ধৰ ফল ভাল হোৱাৰ আশা নেদেখি গুৱাহাটীখন মোগলক এৰি দিবলৈ ঠিৰাং কৰিলে । এই কথা ৰমনী

গাভৰুৱে গম পাই – এনে কাম কেতিয়াও নকৰিবলৈ ৰমনী গাভৰুৱে মোমায়েক লালুক সোলালৈ এনে কাৰ্য্য বিষময় হ’ব বুলি লালুকক সৰ্তক কৰি দি পত্ৰ প্ৰেৰণ কৰিছিল । প্ৰবাসত থাকি প্ৰবাসিনী হৈও স্বদেশ প্ৰেমৰ এনে ৰাজনৈতিক ঘটনা প্ৰবাহত সক্ৰিয় ভূমিকা লব পৰা এনে নাৰী আহোম যুগৰ ঐশ্বৰ্য্য নহৈ পাৰেনে ?

‘’ কাৰ পুতেক কালৈ দিয়ে দিয়ক । মোৰ লৰাক মই নিদিওঁ ।“ স্বগদেউ চুখামফাই কোঁচৰ লগত যুদ্ধত হাৰি অন্যান্য ৰাজ বিষয়াৰ পুত্ৰৰ লগতে নাংব্লক গাভৰুৰ পুতেককো কোঁচলৈ উইল কৰি দিব বিচাৰিছিল । নিজৰ পুতেক হঁতক কোঁচলৈ উইল কৰি দিব ওলোৱাত আন বিষয়া সকলে একো নামাতিলেও সাধাৰন এগৰাকী আহোম ৰমনী চিঞৰি উঠিল “কোঁচৰ ৰজালৈ মোৰ পোক কিয় দিম ? যুদ্ধত হাৰিবলৈ দাঙৰীয়া বোৰেনো কি কৰিলে ” বুলিকৈ পুতেকক হাতত ধৰি টানি লৈ গ’ল । এই নাংব্লক গাভৰুৰ কাৰ্য্য কলাপে আহোম নাৰী শক্তিৰ সাহস দৃঢ়তা আৰু আত্ম-গম্ভীৰতা-পুৰুষ সুলভ কাৰ্য্যৰ পৰিচয় দিয়ে ।

স্বৰ্গদেউ চুক্লেংমুং বা গড় গঞা ৰজা । ৰানী চাও চিংকুৱৰী আহোম যুগৰ এক ৰাজনৈতিক বিচক্ষন নাৰী ।এই গৰাকী নাৰীয়ে পৰিকল্পিত ভাবে ৰাজকাৰেঙৰ চাৰিও ফালে খাল খান্দি-গড় নিৰ্ম্মান কৰাইছিল । এই জনা ৰাজৰাণীৰ পৰামৰ্শ হিচাবে ৰাজধানী

স্থানান্তৰিত কৰি গড়গাঁৱলৈ নিয়া হয় । তদুপৰি ৰাজ্যৰ পৰিস্হিতি আৰু পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰনা সভাত তৃতীয় জনা মন্ত্ৰী বৰপাত্ৰগোঁহাই পদ সৃষ্টি কৰিলে । ৰাজ্যসীমা বাঢ়ি যোৱাত বুঢ়াগোঁহাই আৰু বৰগোঁহাইয়ে প্ৰশাসনিক দিশত যথেষ্ট

নিৰ্ভৰশীল নহয় বুলি এই জনা ৰাণীয়েই অনুভৱ কৰিছিল । মুঠতে সামন্ত যুগত নাৰীৰ এনে ৰাজনৈতিক বিচক্ষনাৰ পৰিচয় বিৰল বুলি ক’ব পাৰি ।

মোৱামৰীয়া বিদ্ৰোহ অনুদাৰ ধৰ্ম নীতি আৰু দুৰদৰ্শিতাৰ অভাৱৰ বাবে এক শ্ৰেণী অসমীয়ালোকেই মোৱামৰীয়া বা মায়াময়া বিদ্ৰোহৰ সূত্ৰপাত কৰিলে । স্বৰ্গদেউ

লক্ষীসিংহক পদচ্যুৎ কৰাই বন্দীশালত আৱদ্ধ কৰি থৈ নাহৰ মৰাণৰ পুত্ৰ ৰমাকান্তই ৰাজ সিংহাসনত আৰোহন কৰিলে । ঐতিহ্যময়ী আহোমৰ ৰাজসিংহাসনত কলংকৰ চেকা পেলোৱাত মনিপুৰ জীয়ৰী স্বৰ্গদেও লক্ষীসিংহৰ ৰাজৰাণী কুৰঙ্গ নয়নীয়ে বহাগৰ বিহুত হুচৰী গোৱা অসমীয়া ডেকা দলৰ সহয়োগত ৰমাকান্তক বধকৰাই লক্ষীসিংহক বন্দীশালৰ

পৰা মুক্ত কৰি ৰাজ সিংহাসনত বহুৱায় । এনে বিচক্ষন কুট নীতিজ্ঞ সাহসিয়াল মহিমাময়ী নাৰী কুৰঙ্গনয়নী অসম বুৰঞ্জীৰ এটি অপূৰ্ব্ব উজ্জ্বল ৰত্ন ।

কৃষকৰ ফৰাচী কনা জোৱান অব আৰ্কৰ বিপ্লবী সমৰ কলা যিয়ে ইংৰাজৰ হাতৰ পৰা অনীল চহৰ খন ৰক্ষা কৰাত ফৰাচী সেনাক উৎসাহ

প্ৰদান কৰিছিল তদ্ৰুপ আহোম কুল ৰমনী মূলা গাভৰুৰ বীৰত্ব প্ৰতিভাৰে বিকসিত উজ্জ্বল ৰত্ন । আহাম আৰু মোগলৰ মাজত হোৱা কচোৱাৰ ৰণ ক্ষেত্ৰত আহোমৰ শোচনীয় পৰাজয় ঘটে । মূলা গাভৰুৰ স্বামী ফ্ৰাচেংমুং বুঢ়া গোহাই এই যুদ্ধত মৃত্যু হয় । তেতিয়া বুঢ়া গোহাঞিৰ পত্নী মূলা গাভৰুৱে নাৰী সৈন্য বাহিনী গঠন কৰি হাতত হেংদান লৈ স্বামী হত্যাৰ প্ৰতিশোধ ল’বলৈ যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰে । তাকে দেখি পুৰুষ সৈন্য দলো দুগুণ উৎসাহিত হৈ মোগলৰ লগত যুদ্ধ কৰি মোগল সেনাপতি তুৰ্ব্বকৰ মূৰ কাটি আনে । যুদ্ধত মূলা গাভৰুৰ মৃত্যু হ’ল সঁচা কিন্তু এগৰাকী অনন্য সাধাৰণ বীৰঙ্গনা ৰূপে অসম বুৰঞ্জীত সৰ্বধকালৰ বাবে ঐশ্বৰ্য্য হৈ ৰ’ল ।

জগতৰ মঙ্গলৰ বাবে দধিচি মুনিয়ে নিজ দেহ ত্যাগ কৰি অসুৰৰ অশুভ শক্তিক বিনাশ কৰিবৰ বাবে দেৱতাৰ হাতত নিজ আস্থি দান কৰাৰ দৰে গদাপানি কোঁৱৰৰ পত্নী জয়মতীয়েও দেশ আৰু জাতিৰ মঙ্গল চিন্তা কৰি আত্ম ত্যাগৰ নিদৰ্শনৰে জিলিকি আছে । ল’ৰা ৰজা চুলিকফাৰ অপৰিপক্ক প্ৰশাসানিক জ্ঞান আৰু অসাধু ৰাজন্য বৰ্গৰ কুট চাতুৰ্য্যৰ বাবেই আহোম ৰাজ্যৰ বেলি ডুবু ডুবু অৱস্থা জয়মতীয়ে স্বক্ষে দেখা পাই নিজ স্বামীৰ দেহ ৰক্ষা কৰাটো একান্ত প্ৰয়োজন বুলি ভাবি চাওদাং হঁতৰ পাশৱিক অত্যাচাৰকো নীৰবে সহ্য কৰি মৃত্যুক আঁকোৱালী ললে । দেশ আৰু জাতিৰ স্বাৰ্থত নিজকে তুচ্ছ জ্ঞান কৰি আত্মহুতি দিয়া নাৰীৰ ত্যাগ পৃথিৱীৰ বুৰঞ্জীত একক আৰু অন্যন্য । সেয়ে জয়মতী কুঁৱৰীক সতীৰো ওপৰৰ

মহামতী আখ্যা দিয়া হয় ।

ৰাণী ফুলেশ্বৰী কুঁৱৰী । এই গৰাকী নাৰী অহামিকা আৰু অদূৰদৰ্শিতাৰ ফলতেই বৈষ্ণৱ আৰু শাক্ত ধৰ্মৰ লোক সকলৰ মাজত সংঘাত সৃষ্টি হৈছিল সঁচা-কিন্তু সুকুমাৰ কলাৰ প্ৰতি থকা চাৰিত্ৰিক এটি দিশো তেঁওৰ বিদ্যোৎসাহী আৰু সাহিত্যিক দিশ এটিও আছিল । ৰাজহাউলীৰ মাজত এটি শিক্ষানুষ্ঠান পাতি পুৰুষ আৰু স্ত্ৰী উভয়কে শিক্ষিত কৰিবলৈ তেঁও চেষ্টা কৰিছিল । “শকুন্তলা কাব্য” লিখক কবিৰাজ চক্ৰবৰ্ত্তীৰ দৰে কৰি সাহিত্যিকক ৰাজ-পৃষ্ঠপোষকতা দি অসমীয়া সাহিত্য ভঁড়াল পুষ্ট কৰিবলৈ চেষ্টা কৰিছিল ৷ এই গৰাকী নাৰীৰ নিৰ্দ্দেষ আৰু অনুপ্ৰেৰনাতে কেইবাজনো সংস্কৃত জ্ঞান সমৃদ্ধ পণ্ডিতে বহুবোৰ মূল্যবান গ্ৰন্থ সংস্কৃতৰ পৰা

অসমীয়ালৈ অনুবাদ কৰিছিল ।

স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়া পত্নী অম্বিকা ৰাণী ফুলেশ্বৰীৰ দৰে অহঙ্কৰী আৰু অদূৰদৰ্শী নাছিল । ধৰ্ম্মীয় সংকীৰ্নতা আৰু গোৰামী পৰিহাৰ কৰি আৰু ৰাজ ক্ষমতা হাতলৈ আনিয়েই নিজে ভোগ বিলাসত মতলীয়া নহৈ স্থাপত্য আৰু চিত্ৰশিল্পৰ চৰ্চ্চা আৰু বিকাশত আত্ম নিয়োগ কৰে । এই গৰাকী ৰাণীয়ে বিখ্যাত শিৱসাগৰ পুখুৰী খন্দোৱাই – চাৰিও ফালে চাৰিটা পাহাৰ সদৃশ পাৰ বন্ধাই দিয়ে । পুখুৰীৰ পাৰত শিৱদ’ল-বিষ্ণুদ’ল আৰু দেৱী দ’ল নিৰ্ম্মান কৰাই দি শাক্ত, শৈৱ আৰু বৈষ্ণৱ পন্থী লোকৰ মাজত বিভেদতা নাশ কৰি এক ধৰ্ম্মীয় ঐক্যমঞ্চ গঢ়াৰ প্ৰয়াস কৰিছিল ৷ চিত্ৰ-শিল্প বিকাশৰ ক্ষেত্ৰতো তেঁও আগ্ৰহী আৰু অনুৰাগী আছিল । তেঁও সুকুমাৰ বৰকাইথৰ হতুৱাই-হস্তীবিদ্যাৰ্নৱ পুথি খন লিখোৱাই-হাতীৰ আকাৰ প্ৰকাৰ-বেমাৰ আজাৰ আৰু তাৰ চিকিৎসা ব্যৱস্থাৰ বাবে চিত্ৰ আঁকোৱাইছিল । এই কামৰ বাবে ৰাণী আম্বিকাই দিল্লীৰ বাদচাহৰ লগত যোগাযোগ কৰি দিলবৰ আৰু দোচাই নামৰ দুজন চিত্ৰশিল্পীক অসমলৈ অনাই প্ৰসাৰণ ঘটোৱাৰ প্ৰয়াস কৰিছিল ।

দেশ এখন গঢ়াৰ ক্ষেত্ৰত অকল যে ৰাজৰ্ন্য বৰ্গৰে অৱদান থাকে এনে নহয় । পুৰুষ-নাৰী শিল্পী সাহিত্যিক শ্ৰমিক হালোৱা বনুৱা আদি সকলোৰে অৱদান অনস্বীকাৰ্য্য । আহোম স্বৰ্গদেউ সকলে দেশ খন গঢ়াৰ ক্ষেত্ৰত সকলোকে সমানে সুবিধা দিবলৈকে কৰ্ম সংস্কৃতি নিৰ্দ্ধাৰণ কৰিছিল । আহোমৰ সৈন্যদলত যি দৰে সকলো দিশতে পাৰ্গত কৰি

তুলিছিল-একোজন লোকে যি দৰে অস্ত্ৰচলাব জানে-নাঁওবাব পাৰে,ঘোঁৰাত উঠি যুদ্ধ কৰিব পাৰে বন্দুক বাৰুদ বৰটোপ চলাব পাৰে সেই দৰে মাটি খান্দি গড় মাৰিব জানে-পুখুৰী  খান্দি পাৰ বান্ধিব জানে-কৃষি কৰ্ম্ম কৰি দেশ খনৰ খাদ্য সংকট দূৰ কৰিবও জানে । পুৰুষৰ লগে লগে নাৰীয়েও দেশ উন্নতি কল্পে নাৰী সুলভ সকলো কামত কৰ্মঠ হৈ দেশ আৰু জাতিৰ মঙ্গলৰ বাবে কাম কৰি গৈছিল । নাৰীয়ে কপাহ নেওঠি সুতা কাটি কাপোৰ বৈ বস্ত্ৰ শিল্পৰে দেশখন স্বাৱলম্বী কৰিছিল । ৰেচম শিল্পত অসমীয়া নাৰীৰ অবদান অনন্য সাধাৰণ । পাটপলু মুগা পলু এড়ি পলু পুহি-সুতা কাটি তাঁতবৈ বস্ত্ৰত সপোন ৰচনা কৰিবও জানে । পুৰুষ-স্ত্ৰী উভয়ৰে শাৰীৰিক- মানসিক আৰু আধ্যাত্মিক প্ৰচেষ্টাৰে সমভাবে বিকশিত অসমক সেয়েহে

স্বৰ্নময় যুগ বুলিব পাৰি ।

আহোম যুগৰ স্ববিকশিত কেইটিমান নাৰী চৰিত্ৰৰ উজ্জ্বলতা ইয়াত সন্নিবিষ্ট কৰা হ’ল । দেশৰ ৰাজনীতি-অৰ্থনীতি ধৰ্ম্মনীতি সাহিত্য চিত্ৰকলা ভাস্কৰ্য –আৰু শিল্প চাৰু শিল্প কাৰু শিল্প বিকাশৰ ক্ষেত্ৰত নাৰী অৱদান মন কৰিব লগীয়া । আহোম যুগত স্ত্ৰী পুৰুষৰ যুগ্ম চিন্তা কৰ্ম্ম সংস্কতিয়েইহে দেশখন স্বাৱলম্বী কৰি তুলিছিল । দেশৰ স্বাধীনতা আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰত পুৰুষৰ লগতে নাৰীৰ অৱদানো অনন্য সাধাৰণ ।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*