নৱেম্বৰ ২০১৩: প্ৰবন্ধ প্ৰবন্ধ

November 29, 2013 at 1:36 pm

যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতাত বিষাদ আৰু প্ৰেম

খালিদা জামান, জ্ঞানদীপ কণিষ্ঠ মহাবিদ্যালয় ধিং, নগাঁও

সকলো দেশৰ সকলো কালৰে সাহিত্য প্ৰেম এটা প্ৰধান বিষয় । সাহিত্যই মানৱ প্ৰাণৰ সকলোধৰণৰ অনুভূতিক প্ৰকাশ বহন কৰে । তাৰে ভিতৰত প্ৰেমো অন্যতম আৰু প্ৰেমৰ পৰাই বিষাদৰ জন্ম । কোৱা হয় প্ৰেম আৰু বিষাদ এটা মূদ্ৰা, দুটা পিঠি ।pOETRY

অসমীয়া কবিতাত নানা ৰূপে,নানা ভাৱে প্ৰেমে আত্ম প্ৰকাশ কৰা দেখা যায় । মানৱ জীৱনৰ সবাতোকৈ সুকুমাৰ এই অনুভূতিটো ৰমন্যাসিক যুগতে অসমীয়া কবিতাত সোমাই পৰিছিল। প্ৰথম অৱস্থাত কবিতাত প্ৰেম আছিল ৰূপৰ বন্দনা আৰু ব্যক্তিগত হুমুনিয়াহৰ মাজতে সীমাবদ্ধ । ক্ৰমে প্ৰতিদিনে নতুন ৰূপেৰে সজ্জিত হোৱা কবিতাৰ জগতখনিত প্ৰেমৰ ৰূপো নিতৌ সলনি হবলৈ ধৰিলে । তাৰে মাজতে চমক লগা বুকু চুই যোৱা বহু কবিতাও সৃষ্টি হৈছে ।

অসমীয়া কবিতাৰ জগত খনৰ সবাতোকৈ কোমল আৰু ঠুনুকা মনৰ কবিজন হ’ল যতীন্দ্ৰ নাথ দুৱৰা ।

প্ৰেমৰ কবি ৰূপে খ্যাত দুৱৰাৰ কবিতাৰ ঘাই ভাব হল প্ৰেম আৰু প্ৰেমে দি যোৱা কৰুণ বিষাদ । তেওঁৰ কবিতাৰ সুকোমল শব্দ আৰু মনোৰম প্ৰতীকি প্ৰকাশে পাঠকৰ মনত এক সোণালী বিষাদৰ ছাঁ পেলায় । দুৱৰাৰ কবিতাৰ উত্স হ’ল তেওঁৰ ব্যৰ্থ প্ৰেম; তেওঁৰ এই প্ৰেম একান্ত

ব্যক্তিগত যদিও তাৰ প্ৰকাশৰ মনোহাৰীত্বৰ বাবেই সাৰ্বজনীন আবেদন লাভ কৰিছে । অসমীয়া কবিতাৰ মাজত সকলোতকৈ মন-পৰশা প্ৰেমৰ কবিতা দুৱৰাৰ কাপেৰেই নিগৰিছে বুলি কোৱা হয় ।

যতীন্দ্ৰনাথ দুৱৰাৰ হিয়াখনিও – জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা –জেতুকা পাতৰ দৰে মোহাৰিলে দেখা পোৱা ৰঙা ৰঙৰ প্ৰতীক কবিৰ ব্যক্তিগত বিৰহৰ

বেদনাহে । ব্যৰ্থ প্ৰেমৰ বিৰহ বেদনাত উটি বুৰি কবি ভাৰাক্ৰান্ত । ব্যৰ্থ প্ৰেমৰ বিৰহৰ কাৰুণ্যই কবিক অসমীয়া কাব্য জগতত এজন শ্ৰেষ্ঠ গীতি কবি ৰূপে প্ৰতিষ্ঠা কৰি থৈ গ’ল ।

বিষাদৰ কবি দুৱৰাৰ বাবে বিষাদ তেওঁৰ আলসুৱা হিয়াৰ সম্পদ। আকৌ ভালপোৱাও তেওঁৰ বাবে এক বিষাদৰ সম্পদ । ই অযাচিতে আহি সুখ সপোনৰ লহৰেৰে জীৱন ভৰাই তোলে । কিন্ত সপোনৰ বাণী আতৰি গ’লেই ভালপোৱাই এৰি থৈ যায় ৰিক্ত নিঃস্ব হৃদয়। তেতিয়া হৈ পৰে কবি নিঃসংগ । এই নিঃসংগতা তেওঁলৈ,তেওঁৰ যৌৱনৰ উপহাৰ । যৌৱনৰ আগবেলাত কবিৰ জীৱনলৈ প্ৰেম আহিছিল , প্ৰেমিকাৰ প্ৰেমভৰা হিয়া বিচৰণ কৰিছিল । কিন্ত আশাহত কবিয়ে বুজি পালে যে,প্ৰেম তেওঁৰ বাবে এক দূৰৰ সপোন মাথোন ।

প্ৰেম হ’ল এক অদ্ভুত অনুভূতি,ইয়াক সহজে চিনা নাযায়। কেতিয়াবা দুটি এটি আলসুৱা অনুভৱকো মিছাতে প্ৰেম বুলি কল্পনা কৰা হয় । তাৰ পাছত বহু পলমকৈ সাৰ পোৱা হিয়াই নিজকে আৱিস্কাৰ কৰে সীমাহীন শূণ্যতাৰ মাজত। সপোনৰ পাছত ৰৈ যায় মাথোন এমুঠি ৰিক্ত অনুভৱ । কবি দুৱৰাৰো তেনে এক অনুভৱেই প্ৰকাশ পাইছে এই ফাঁকি কবিতাত

কোনোয়েবা চুই যায় কোনোয়ে দূৰতে চায়

চেনেহ কণিকা বুলি কৰে তাকে ভুল,

সপোন আতৰি গলে দিঠকে জনাই দিয়ে

বাটৰ কাষৰ মই বনৰীয়া ফুল।

যতীন্দ্ৰনাথ দুৱৰা প্ৰেমৰ কবি হ’লেও সচৰাচৰ প্ৰেমৰ কবিতাত থকাৰ দৰে তেওঁৰ কবিতাত প্ৰিয়াৰ দৈহিক সৌন্ধৰ্যৰ প্ৰাণ চমকোৱা বিৱৰণ নাই । হিয়াহীন প্ৰিয়াৰ উপেক্ষাৰ সোঁৱৰণীহে তেওঁৰ বাবে বেছি তীব্ৰ । দুখকে লিৰিকি বিদাৰি তেওঁ বাস কৰে বিষাদৰ নিৰ্জন দ্বীপত, সেই দ্বীপত বাৰে বাৰে খুন্দা খাইহি সোঁৱৰণীৰ জোঁৱাৰে ।

দুৱৰাৰ প্ৰেমৰ কবিতাবোৰ তেওঁৰ দিনলিপিৰে একাংশ । তেওঁৰ কবিতা পঢ়িলে ভাব হয় এই বোৰ যেন এজন অৱহেলিত নিস্প্ৰেষিত মানুহৰ নিজৰ সৈতে পতা কথাহে । তেওঁৰ সন্মুখত পৰিপূৰ্ণ পৃথিৱীৰ আনন্দৰ মেলা,তাত তেওঁৰ কোনো অংশ নাই । কোনো এক

অন্ধকাৰ ক্ষেত্ৰৰ পৰা সোনোৱালী পোহৰেৰে ভৰা,ৰং উলাহৰ ফালে তেওঁ হেঁপাহ আৰু বিষাদেৰে চাই আছে । তেওঁৰ হাতত আছে শূণ্য পাত্ৰ । কবিৰ ব্যক্তিগত জীৱনৰ দুখে পাঠকৰ হৃদয় তিয়াই যায় যদিও তেওঁৰ কবিতাই পাঠকক অন্ধকাৰত নথয় ।

শেষত কবিয়ে পাহৰণি নৈৰ দাঁতিত নিৰলে থাকি তেওঁৰ হৃদয়ৰ ভাৱ ভাষা বীণৰ জৰিয়তে পৃথিৱীখনিক শুনাবলে প্ৰয়াস কৰিছে ।

“নিৰলে থাকিম বুলি সাঁজিছো ইয়াতে পঁজা

দাঁতিয়েদি বৈ যায় পাহৰণি নৈ,

ধুনীয়া জোনাক ৰাতি বহি তাৰ পাৰতেই

শুনাম জীৱন গীতি বীনখনি লৈ।”

 

মন্তব্য

comments

One Comment

  1. dipanka Tanu Sarmah says:

    ভাল লাগিল পঢ়ি

Leave a Reply

Your email address will not be published. Required fields are marked *

*