প্ৰবন্ধ স্বাস্থ্য স্বাস্থ্য আৰু সৌন্দৰ্য

November 29, 2013 at 1:34 pm

গুৱাপাণ আৰু দাঁত

ডা.দিব্যজ্যোতি পাঠক, ডেন্ট-অল, নাৰায়নপুৰ

অত্যন্ত দাঁতৰ পীড়াত ভুগি থকা এজন ৰোগীৰ মুখমণ্ডল যে কিমান অসুস্থ সেয়া সহজে অনুধাৱণ কৰিব পাৰি । এনে ভুক্তভোগীয়ে দাঁতৰ পীড়া সহিব নোৱাৰি শীঘ্ৰে নিৰ্মূলৰ অৰ্থে সততে উপলব্ধ ঘৰুৱা উপায় অৱলম্বন কৰিব খোজে । এনে উপায় সমূহৰ প্ৰায় সংখ্যকেই পীড়া নিৰ্মূলকৰণত সফল হোৱা দেখা নাযায় । এনে এক অযুক্তিকৰ আৰু অসফল উপায় হৈছে চুণ ধপাতৰ সৈতে গুৱাপাণ সেৱন । ইয়াৰ দ্বাৰা পীড়া নিৰ্মূলকৰণৰ প্ৰচেষ্টা হাস্যকৰ আৰু ইয়াক জ্বলা জুইত ঘিউ দিয়াৰ সৈতে তুলনা কৰিব পাৰি । ইয়াৰ ব্যৱহাৰিক ফলটো যে অতি ভয়ংকৰ সেই কথা অনুধাবন কৰাটো আৱশ্যক । আমাৰ সমাজত তামোল পাণৰ স্থান সম্পৰ্কে সকলোৰে জ্ঞাত।কিন্তু ইয়াৰ বিৰূপ প্ৰভাৱৰ কথা বহুতে নাজানে । dENT

গুৱা পাণৰ প্ৰভাৱত হোৱা মুখৰ বেমাৰ আমাৰ সমাজৰ প্ৰতি ঘৰতে বিদ্যমান । বৰজনৰ পাক উঠা ৰঙীণ মুখখন দেখি সৰুজনেও ইয়াৰ আৰম্ভণি কৰে । সেই আৰম্ভণি নিচালৈ পৰিবৰ্তিত হ’বলৈ বেছি পৰ নালাগে । ফলস্বৰূপে ব্যক্তি সাপেক্ষে দৈনিক দহ-পোন্ধৰ খন তামোল খোৱাত আচৰিত হ’ব লগীয়া একো নাথাকে । এনে বদ অভ্যাসৰ ফলত মুখমণ্ডলৰ লগতে শৰীৰৰ আন অংগটো যে কেনে বেয়া প্ৰভাৱ পৰে সেয়াহে অনুধাৱণ কৰাটো জৰুৰী । দিনৰ প্ৰথমখন তামোলৰ পৰা ৰাতিলৈ এই সংখ্যা বাঢ়ি দহ পোন্ধৰখন হোৱাৰ কাৰণটো এনে ধৰণৰ । প্ৰথমখন তামোল শেষ কৰি উঠাৰ ঘন্টাচেৰেক পাছতে মুখৰ পৰা দুৰ্গন্ধ ওলাব ধৰে । সেই দুৰ্গন্ধক তামোল সেৱন কৰা ব্যক্তিজনে মুখখন বৰ বেয়া লাগিছে ধৰণৰ বাক্যৰে বুজাব বিচাৰে । এই দুৰ্গন্ধ সৃষ্টিৰ কাৰণ হ’ল মুখৰ ভিতৰত থকা বেক্টেৰীয়া,যিবোৰে অতি কম সময়ৰ ভিতৰতে তামোলৰ কনাবোৰ পচাই তোলে । ফলস্বৰূপে ব্যক্তিজনে সেই দূৰ্গন্ধ ঢাকিবলৈ আন এখন তামোল সেৱনৰ প্ৰতি ব্যগ্ৰ হৈ পৰে । এই প্ৰক্ৰিয়া নিৰন্তৰে চলি থাকে আৰু তামোলৰ সংখ্যাও বাঢ়ি গৈ থাকে ।

এনে বদ অভ্যাসৰ লগতে যদি লোকজনে ব্ৰাছকৰাটোও জৰুৰী জ্ঞান নকৰে তেন্তে দাঁতৰ গুড়িত মলি জমা হৈ এবিধ কঠিন পদাৰ্থৰ সৃষ্টি কৰে । পিছলৈ এই কঠিন পদাৰ্থক ব্ৰাছৰ দ্বাৰা পৰিস্কাৰ কৰাও সম্ভৱপৰ হৈ নাথাকে কিয়নো এই পদাৰ্থসমূহ অতি লেকেতীয়া । এইদৰে দাঁতৰ গুড়িত জমা হোৱা মলি বীজানুৰ বাসস্থান হৈ পৰে আৰু আলুক ৰুগ্ন কৰি তোলে । সেই ৰোগৰ লক্ষণ হ’ল আলুফুলা,আলুৰপৰা তেজ ওলোৱা,মুখৰ পৰা দুৰ্গন্ধ ওলোৱা,আলুৰ লগতে দাঁতবোৰত বিষ হোৱা ইত্যাদি । বিনা চিকিত্সাৰে ৰাখিলে এই ৰোগৰ সংক্ৰমন হাঁড়ৰ ফালে গতি কৰে । ফলত দাঁতৰ চাৰিওফালে থকা হাড়সমূহ তললৈ নামি যায় অৰ্থাৎ ইয়াৰ উচ্চতা হ্ৰাস পায় আৰু দাঁতবোৰ লৰিবলৈ ধৰে । এনেদৰে লৰিবলৈ ধৰা দাঁতবোৰ পুনৰাই মজবুত নহৈ সৰি পৰে । ইয়াৰ উপৰি সঘনাই দেখাপোৱা ৰোগ হৈছে মুখত হোৱা কৰ্কট ৰোগ দুৰাৰোগ্য ।

গতিকে এনে বদ অভ্যাস ত্যাগৰ দ্ধাৰা নিজক আৰু সমাজক সুস্হ আৰু সবল কৰি তোলাহে সকলোৱে নিজৰ দ্বায়িত্ব বুলি জ্ঞান কৰিব লাগে ।

মন্তব্য

comments

One Comment

  1. ভাল লাগিল পঢ়ি

Leave a Reply

Your email address will not be published. Required fields are marked *

*