চুটি গল্প নৱেম্বৰ ২০১৩ :গল্প

November 29, 2013 at 1:26 pm

প্ৰেমৰ সন্ধানত এখোজ

 

ভৱানী ফুকন 

আবেলিৰ সময়খিনি কটাবলৈ মাৰ সৈতে মই নাৰিকল গছৰ তলত মোৰ দীঘল চুলিখিনি মেলি ধৰিলো মাৰ সন্মুখত। কিয়নো আঙুলিবোৰ চুলিৰ পাঁহত জোৰকৈ বোলাইছিলো।এনে মূহুৰ্তত আমি বিভিন্ন কথাৰ মেল মাৰিছিলো। আমাক আচৰিত কৰি বান্ধবী সংগীতাই তাইৰ সাত মহীয়া বেলিৰ সৈতে মাত লগালেহি পিছফালৰ পৰা। আমি ওকনিৰ মেল সামৰি আলহীৰ লগত আনন্দেৰে ব্যস্ত হ’লো। কথাৰ মাজতে লক্ষীয়ে দোকানলৈ মোক লগ ধৰিলে,চাহপৰ্ব সামৰি মই ,যাবলৈ ওলাঁওতেই আমাৰ  চোতালত কাৰোবাৰ শব্দশুনি বাহিৰলৈ ওলাই গলো অ,আপুনি? আহক,বহকহি।মনটো সেমেকাই দ্ৰয়িংৰুমত বহিবলৈ দিলো।মনতে ভাবিলো,লক্ষীক এতিয়া কি কঁও?তাইক এৰিবও নোৱাৰো আলহীক ও এৰি যাব নোৱাৰো। তাই বেয়া নোপোৱা প্ৰতিশ্ৰুতিৰে অকলেই গ’লগৈ। এইবাৰ মই নতুন আলহীৰ লগত ব্যস্ত হ’লো বেলেগ ধৰণে।লোৱে২

তোমাৰ অনুৰাগ নামৰ কবিতাটো আকৌ গোৱাচোন,আলহীয়ে ক’লে । “যেতিয়া তুমি আহিছিলা,মোৰ বুকুৰ পথাৰলৈ তেতিয়া মই নিমগ্ন প্ৰকৃতিৰ বিশাল মজিয়াত ।হয়তো তুমি আকৌ আহিবা তেতিয়া মই সিঁচি দিম আহ্লাদৰ শস্য শ্যামলী” বাঃ বৰ ভাল লাগিছে,কবিতাটোৰ অৰ্থ ভালদৰে বুজি নাপালো,মোক বুজাই কবানে? তেওঁ মোক সুধিলে। অৱশ্যে মই তেওঁক অৰ্থটো বুজাই দিলো। তেওঁৰ মুখমণ্ডল আগতকৈও আনন্দ আৰু উৎসাহপূৰ্ন দেখা গ’ল।ইমান আগ্ৰহ আৰু আবেগপূৰ্ণ মুখ।

মই কবিতাটোৰ অৰ্থ বুজিবলৈয়ে তোমাৰ ওচৰলৈ দৌৰি আহিছো। সেইদিনা সাহিত্যানুষ্ঠানত ভাল লাগিছিল তোমাক । আৰু জানা? মই সকলোৱেই উপকৃত হোৱাকৈ উচিত প্ৰশংসা

কৰিছো আনৰদৰে কৃপনালি নকৰো এইক্ষেত্ৰত, “হয়”। মই চমুকৈ কলো । তেওঁৰ আন্তৰিকতাপূৰ্ণ নিভাজ উৎসাহ মোৰ ভাল লাগিল।

আমি দুয়ো অন্যান্য তাত্বিক কথাবোৰ আলোচনা কৰিবলৈ ধৰিলো। জ্ঞানীলোকৰ দৰে।দুয়োৰে হৃদয় ,মগজু পৰিস্কাৰ হোৱা যেন লাগিল। মই শেষত কৈ উঠিলো-এনেকৈ কথাবোৰ আলোচনা কৰিবলৈ যোগ্য ব্যক্তি পালে ভাল লাগে।আহিবাচোন, কথা পাতিম,তেওঁ আবেলিটো সুন্দৰ কৰি গ’লগৈ।মই অনুভৱ কৰিলো তেওঁ মোৰ সাহাচৰ্য বিচাৰে,উত্তাপ বিচাৰে আলসুৱা—কাৰোবাৰ সংগত যদি কোনোবা উপকৃত হয় তেন্তে তাত কি দোষ আছে?যদি এখোজ আগুৱাই যোৱাত প্ৰেৰণা থাকে,তেনে সংগ দিয়াজনৰ বাবে নিশ্চয় গৌৰৱৰে কাৰণ।মোৰ হিয়াত বীনা বাজিল,মই যেন এজোপা অনুভৱী গছ—–।

হে’ল্ল’ কি কৰিছা ? মোৰ তোমাক লগ পাবলৈ মন গৈছে।

অ হয়নেকি? মই বয়সস্থ অভিজ্ঞতাৰ সুৰেৰে সুধিলো আৰু বুজিলো,তেওঁৰ অৱস্থাটো ।অলপ সময় নিৰৱতাৰে তৎক্ষনাত কৈ উঠিলো,আহক,মই ঘৰতে আছো,স্বাধীনতা দিৱসটো আমি উপভোগ কৰিম।কথাষাৰ কোৱাৰ পাছত মোৰো কিবা এটা দেহৰ ভিতৰত গুমগুমনী অনুভৱ কৰিলো । নিজক সুধিলো,মোৰো কিবা হৈছে নেকি?যুক্তিৰে মুৰটো,শৰীৰটো জোকাৰ মাৰি পঠালে।

সময়মতে তেওঁ আহি পালে,মোলৈ মিঠাইৰ পেকেট এটা আগবঢ়াই দিলে ।কিয় আনিব লাগে?মই মৃদু প্ৰতিবাদ কৰিলো। অলপ লাজকুৰীয়া হাঁহিৰে ক’লে পোন্ধৰ আগষ্ট বুলি লোৱা ৷

তুমি আৰু আপুনিৰ পাৰ্থক্যটো তেওঁ বুজি নোপোৱা কৰিব বিচাৰিছে ।মই বয়সৰ আধিক্য বৰ্তাই ৰাখিব বিচাৰিছো।

মই যি অনুমান প্ৰথমতেই কৰিছিলো সেইটো সঁচা হ’বলৈ গৈ আছে।নিজকে সচেতন কৰিবলৈ সাজু হ’লো । যদিও তেওঁৰ সৈতে আমাৰ দেশৰ সমস্যা,বিভিন্ন দিশ আলোচনা কৰি

থাকিলো।কথাৰ মাজতে তেওঁ ক’লে, “মই কম সুখী মানুহ,মোৰ আকাংক্ষা বহুত, মই ধেৰ কিবা বিচাৰো,মোক আৰু লাগে ।” তেওঁ মোৰ চকুত চকু থলে।

মই অসস্তিৰে ঘূৰাই আনিলো । নিৰৱতা ভাঙি ক’লে,মই তোমাক কথা এটা ক’ব খোজো।

কি কথা ?

এনেকৈ ইয়াত নহয় ।

তেন্তে ক’ত ?এনে কি কথা আছে যে ইয়াত ক’ব নোৱাৰে ?

নাই,ইয়াত নহয়,অলপ অকলশৰে,মানুহ নথকা ঠাইত হ’ব লাগিব ।

নাই,নহ’ব,কওক,ইয়াতে কওক মই জোৰ দি ধৰিলো।

নক’লে গ’লগৈ ।

দুদিনৰ পিছত তেওঁ ফোন কৰিলে আৰু মোক লগ কৰাৰ কথা ক’লে । মই কথা দিলো । সেইমতে আমি হোটেল এখনত লগ কৰিলো ।মানুহৰ সমাগমত তেওঁ সাহস নকৰিলে । আমি অলপ ৰাস্তালৈ ওলাই আহিলো ৷ তেওঁলৈ প্ৰশ্ন বোধক চাৱনিৰে সুধিলো ? এজনী চঞ্চলা গাভৰুৰ দৰে কৈ উঠিল মই তোমাক বিয়া কৰাব খোজো । মই বেঙা হৈ ৰাস্তাত ঢলি নপৰাকৈ থাকি কথাটো নুবুজা হৈ থাকিলো ৷ আকৌ কওক মই বুজা নাই ৷ ইয়াত নুবুজিবৰ কি কথা আছে ? মই নুবুজা একো টান কথা কোৱা নাই । মই ধুমুহা এজাক মোৰ চৌপাশে বলা অনুভৱ কৰিলো,অলপ সুস্থিৰ হৈ সুধিলো- কিয় মোক তেনে প্ৰস্তাৱ দিছে ? মই তোমাৰ কোলাত সন্তান এটা ওমলিব দিব বিচাৰো,মোক লাগে।মই বৰ আচৰিত আৰু ভয় অনুভৱ কৰিলো । মোৰ বয়স আপুনি জানেনে এতিয়া কিমান ? এৰা,এই সমস্যাৰ দূৰত্বটো কমাব পৰা হ’লে….. মোৰ এই ক্ষেত্ৰতে অসুবিধাটো আছে । তেওঁৰ তুমি সম্বোধনটোৰ গুহাৰ্থ বুজিবলৈ চেষ্টা কৰিলো । তেওঁৰ একান্ত আশা আৰু কল্পনাক বাস্তৱিত কৰিব পৰা হ’লে….মই গভীৰ ভাবে ভাবিলো,কিন্ত ই যে অসম্ভৱ,সময়যে অতীত হৈ গ’ল । তেওঁ নিৰৱতা ভাঙি ক’লে,বাৰু মই

তোমাক জোৰ নকৰো,তুমি ভাবি চাবা,তোমাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে । মই তোমাক বিচাৰো মোৰ সন্তান নাই বাবে আৰু বহুত কথা, কন্ঠত কঁপনি এটা শুনা গ’ল । তেওঁ গ’লগৈ ।

মই চিন্তাৰ টোপোলা এটা মুৰত তুলি বাটত ভাবিলো –মানুহৰ কিয় এনে হয় ? মোকেই বা তেওঁ কিয় বাচি ল’লে ? প্ৰকৃততে তেওঁ কবিতা, সাহিত্য এই বোৰক প্ৰেম কৰিছে,সেইবাবে তেওঁ মোৰ সংগ কামনা কৰিছে । এয়া তেওঁৰ সাময়িক মোহ প্ৰেম নহয় । মই অলপ ধৈৰ্য্য ধৰিব লাগিব আৰু সংযত হব লাগিব ।তেওঁক মই আপুনি সম্বোধনেৰে সন্মান যাচি আছো আৰু তেওঁ মোক তুমিৰে মোৰ বয়সটো কমাই পেলাইছে । কি যে চাকনৈয়া ! তেওঁ ফোন কৰিলে,মই বুজালো-সামাজিক দায়ৱদ্ধতাৰ কথা,সন্মান,মৰ্যদাৰ কথা দোহাৰিলো ৷মোৰ সৈতে সংস্পৰ্শত থাকিলে তেঁওৰ নৈতিক স্খলনৰ কথাও আওঁপকীয়াকৈ বুজালো । কিন্ত তেওঁ নিজৰ কাম কৰিবই এনে মনোভাৱত ক’লে-তুমি মোক বুজাব নালাগে,সমাজে সমস্যা সমাধান মোক কৰি দিব নেকি ? মই মোৰ সংসাৰ পৰিচালনা কৰিম, তুমি মোক সহাৰি দিয়া,মোৰ এই শেষ কথা । মোক সন্তানৰ অধিকাৰী কৰা । তেওঁ অভাৱী মাতৃত্বৰ বোজা সহিবলৈ যেন সাংঘাটিক ধৰণে উত্তেজিত মোৰ অনুভৱ হ’ল । তেওঁৰ আশাত চেঁচা পানী ঢালিলে কেনে হ’ব ? মই তেঁওক বুজিবলৈ চেষ্টা কৰিলো,কিন্ত মই পাৰিমনে এই কাম কৰিব নিজক ভালদৰে এবাৰ সুধি চোৱা প্ৰয়োজন । আৰ্থিক দিশত নিচ্ছল হ’লেও মনৰ ফালৰ পৰা মই স্বচ্ছল । শেষত মই সিদ্ধান্ত ল’লো মানৱীয় অনুভুতিৰে নিৰাশ নকৰি,সমাজৰ বিৰুদ্ধে এটা নতুন কাম কৰিম,মোক যিমানেই শিলা বৰ্ষণ নকৰক সমাজে,মই সহিম,তেওঁৰ বাবে। এদিন-তেওঁক মোৰ সিদ্ধান্তটো ফোনত সন্ধ্যা বাৰ্তালাপতেই জনালো ৷ মোৰ উত্তৰটো পাই তেওঁ স্ফুৰ্টিৰ সলনি বিষ্ময় হ’ল, ভাবিছিলো তেওঁ বৰ আনন্দ পাব আৰু মোৰ সেইবাবে ভাল কাম কৰাৰ গৰ্ব হ’ব । কিন্ত আচৰিত কৰি ফোনটো থওঁ,বুলি কাটিলে । বেছি চিন্তা এই ক্ষেত্ৰত নকৰি স্বাভাৱিক বুলি ভাবিলো । তেওঁ নঞঁৰ্থক উত্তৰ আশা কৰিছিল আৰু মোৰ পিছত লাগি থাকিব বিচাৰিছিল এটা খেলৰ দৰে । তাৰ পাছৰ ফোন ক’ল বোৰত প্ৰেমৰ কথাবোৰ মোৰ কাণত ঢালিবলৈ ধৰিলে মৌৰসৰ দৰে আৰু মোৰ পৰাও তেওঁ তেনে আশা কৰিলে ৷ মই কথাবাৰ্তাত উটি নগৈ অলপ সাৱধানেৰে পাতিলো । তেওঁ জোৰ কৰিবলৈ ধৰিলে ভাল লগা কথা কোৱা,অফ হৈ

নাযাবা,বতাহত কিবা এটা আদান-প্ৰদান,হৈ থাকিব লাগে,এনেয়ে সময় নষ্ট নকৰিবা । এনেবোৰ মুহুৰ্তত মই মনে মনেই থাকো ।য’ত ধমকি দিব লাগে দিওঁ,য’ত উচিত প্ৰত্যুত্তৰ দিব লাগে দিওঁ । তেওঁৰ মনোভাৱ মোৰ আয়ত্বলৈ আহি আছে,মই বেছি ধনী হৈ গৈ আছো ।মোৰ ধৈৰ্য্য গুণ বাঢ়িছে,মই (তেওঁৰ কাষত)টেলেন্ট গুণটোও মোৰ বিয়পিছে । মই শক্তিশালী গল্পকাৰ হ’বলৈও মোৰ অনুভৱী হৃদয়খনে হাহাঁকাৰ কৰি উঠিছে….অভিজ্ঞতাৰ অমূল্য ৰেঙনী তেওঁ মোক দান কৰাৰ বাবে মই তেওঁৰ অগোচৰে ধন্যবাদ এটা দি আঁতৰি আহিছো ক্ৰমান্বয়ে।

বিশ্বাসৰ আলিদোমোজাত সন্তান কামনাৰ সুবিধাত তেওঁৰ দুহাতত মই মুকলি অকাশৰ কোমল ফুলপাহীয়ে পিষ্ট নহঁও বুলি মই মোৰ সৌৰভ বিলাবলৈ সঞ্চিত সুধাখিনি সাধ্যলৈ তুলি ধৰিলো বতাহত……সমাজৰ বিৰুদ্ধ,এজন বিবাহিত পঞ্চাশোধ স্বামী লাভ নকৰিবৰ বাবে মই সাবধান হ’লো ভৱিষ্যতৰ অনিশ্চয়তাৰে….

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*