কবিতা নৱেম্বৰ ২০১৩: কবিতা

November 29, 2013 at 1:20 pm

মন যায় সেই লৰাজনক…..

দিপাঞ্জলী বৰাLove

মন যায় সেই লৰাজনক

ভাল পাবলৈ, মন যায় হিয়া উজাৰি

হৃদয়ৰ সকলো কথা কবলৈ ।

দেখা পাওঁ কেতিয়াবা তেওঁক

সেই নিজান নদীৰ পাৰত,

সুৰুঙা আলি বাটৰ

সেই আহত জোপাৰ তলত ।

তেওঁক লগ ধৰি

সুধিবৰ মন যায়,

কিয় বাৰু নিসংগ ভাৱে

হতাশাৰে দিন কটাইছে ?

কিন্তু………………………….

ভাবোতেই সকলো কল্পনা

শেষ হৈ যায়, কিয়নো

চিনাকী যে হোৱা নাই

তেওঁ লগত কাহানিও ।

থাকিব পাৰে তেওঁ

কাষলে যোৱা ইচ্ছা,

কিন্তু গোটাব পৰা নাই

সাহস ……………..

কিজানী বা তেওঁ

মোক ভুল বুজে !

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*