কবিতা নৱেম্বৰ ২০১৩: কবিতা

November 29, 2013 at 1:18 pm

অপৰাহ্নঃ এটি আবেদন

নিভাৰানী চেতিয়া ফুকনDoor

এটা বিধস্ত আবেলিত দুৱাৰত টুকুৰিয়াই তেওঁ সুধিছিল

ভিতৰত আছেনে ???

ভিতৰৰ পৰা উত্তৰ দিলে এটা নগ্ন হুমুনিয়াহে

আছো আছো , সোমাই আহা, খোলা আছে সকলো দুৱাৰ

নালাগে সুধিব, নালাগে খুলিব মোৰ আভৰণ

কাঢ়ি আজুৰি শগুনৰ দৰে খুটি খুটি খাই পেলোৱা মোৰ সমস্ত সত্বা

মোৰ নগ্ন বুকুত তোমাৰ বিষাক্ত দাঁতৰ সাঁচ বহুৱাই দিয়া

মই কাকো কৈফিয়ৎ দিব নালাগে

মাথো তোমাৰ সমস্ত সত্বাৰে দহন কৰা মোৰ নগ্ন হুমুনিয়াহ

ভয় নাখাবা, তুমি নিৰাপদ নহয় বুলি

কোনেও গমেই নাপাব, তুমি যোৱাৰ বাটত পদচিহ্ন ধৰিব নোৱাৰাকৈ

সিচি থ’ম সৰি থকা শেৱালী, অথবা ৰজনী গন্ধা

মাথো পাহৰি নাযাবা, মোক হত্যা কৰাৰ সময়ত হাতৰ মোজা যোৰ

পিন্ধি ল’বলৈ………………

নহ’লে ধৰা পৰিবা আঙুলিৰ চাপত

মোক চিতাত তোলাৰ সময়ত চকুপানী টুকিবলৈ নাপাহৰিবা

আনে সন্দেহ কৰিব……

ফুল শয্যাৰ নিশা মোৰ কথা নাভাবিবা, ফুলবোৰে দুখ পাব

তোমাৰ নতুন ৰূপ দেখি, হৃদয় উজাৰী কান্দিব সিহঁতে

বাউলি হ’ব সিহত তোমাৰ মোৰ অতীত সোঁৱৰী

মই সন্ধিয়া তৰাৰ সতে মিতিৰালি পাতি

পুৱতি চৰাই হৈ জগাম তোমাক ফুল শয্যাৰ আবেশ আতৰাই

সন্দেহ কৰিব তোমাৰ বৰ্ত্তমানে।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*