কবিতা

July 28, 2013 at 5:46 am

জীৱন পৰিক্ৰমা

পবিত্ৰ শইকীয়া

 

Life Journey

জুইয়ে পোৰে বুলি জানাই

আঙুলিটো সুমোৱাই দিলা যে,

ভাঁজ যদি দিছা,ঠিকেই কৰিছা,

ভাৱৰীয়া সাজজোৰ পুৰি পেলোৱা

পুৰণা কামিজটোকে পিন্ধা,

পিছে তাকো ফটা।

চিলাই চিলাই কিমান পিন্ধিবা,

ভুলকেনো আৰু কিমান কৰিবা,

কথাবোৰ মিচা,জীৱনটো তিতা

আত্মাহে সঁচা।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*