কবিতা

July 28, 2013 at 5:34 am

সপোন

খালিদা জামন

Dream

 

ৰাতি গভীৰ হ’লেই

সপোন এটাই পাখি মেলি দিয়েহি দুচকুত

বোবা অথচ ৰাতিটোৰ দৰেই স্তব্ধ

এটা সপোন,

সপোনটোৰ বুকুত এখন অৰণ্যৰ নিৰ্জনতা

সপোনটোৱে ওৰে নিশা

মোৰ বুকুত

এজোপা গছ হৈ শিপায়

গভীৰৰ পৰা গভীৰলৈ…….

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*