সম্পাদকীয়

August 28, 2013 at 5:45 pm

আটকীয়া শব্দ (সম্পাদকীয়)

পংকজ ফুকন

ভাষাৰ বিকাশ আৰু বিৱৰ্ত্তনৰ ফলত ইয়াৰ ৰূপ আৰু অৰ্থৰ  বিপুল পৰিবৰ্ত্তন , পৰিবৰ্দ্ধন হোৱা দেখা যায়। কিছু কিছু শব্দ এলাগী হয়। কিছু কিছুৱে বুকুত হেপাহৰ ৰঙীণ ৰুমাল বান্ধি গছে গছে বৰণীয়া হয়। কেতিয়াবা এনে হয় কোনো কোনো শব্দ নতুন প্ৰজন্মই চিনাকিয়েই নহয়গৈ। প্ৰসঙ্গক্ৰমে তাৰে কেইটামানৰ নমুনা ডাঙি ধৰিবলৈ প্ৰয়াস কৰিলো।

Editorial

ড০ মহেন্দ্ৰ বৰাৰ আত্মজীৱনী উপলা নদীৰ দৰে। ইয়াত উপলা শব্দৰ ব্যৱহাৰ বৰ সুন্দৰ ভাবে ব্যৱহৃত হৈছে। শিল, মূল্যবান পাথৰ। য’ৰ ওপৰেদি তেওঁৰ জীৱন নদীখন খলা বমাকৈ, একা বেকাকৈ বৈ গৈছে। ফানতি – আমি বহুদিন ব্যৱহাৰ নকৰা এটা শব্দ। ভৰিৰ তলুৱাত কাঁইটে নিবিন্ধিবৰ কাৰণে পিন্ধা ছাল বা তক্তাৰ সজুঁলি। আগৰ দিনত বেত কাটিবৰ কাৰণে যাওঁতে ভৰিৰ নিৰাপত্তাৰ বাবে কাঠৰ খৰম পিন্ধিছিল। আজি কালি বেত কাটিবলৈও নাযায় ফানতিও নিপিন্ধে। বেতনিত ঔ পৰিল বাসুদেবায় নমঃ। গতিকে ফানতিৰ সেইফালেই আধ্যা পৰিল। ডO লীলা গগৈ দেবে ব্যৱহাৰ কৰিছিল – বকনা ম’হৰ থমা দৈ। আমাৰ গাঁৱৰ মানুহে গৰু ম’হ  পোহিবলৈ এৰিলে। গাখীৰ খাবলৈ গোৱালৰ ওপৰত নিৰ্ভৰশীল হ’ল। আমাৰ জাতীয় সমস্যা বানপাণী , সমাধান কৰিবৰ বাবে দায়িত্ব কান্ধ পাতি ললে গুৱালে। পৰিণতিত গোৱালৰ গাখীৰৰ টেকেলিত বানৰ পানী সোমাই নাম মাত্ৰ গাখীৰৰ বগা ৰংটোহে ৰলগৈ। তেনে গাখীৰে বৰ ঘন নিপানী দৈ গাখীৰ বা থপ্ থপীয়া দৈ গাখীৰ ক’ত হ’ব। গতিকে অসমীয়া সমাজৰ পৰা থমা দৈ শব্দ একাষৰীয়া হ’ল। এনেদৰে আমাৰ ভাষাত আটকীয়া শব্দই মানিকী মধুৰী জহা হৈ খুন্দ খাই আছে। এইয়া নামমাত্ৰ প্ৰসংগহে।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*