কবিতা

July 28, 2013 at 5:31 am

অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপট

চফিকুৰ ৰহমান

Wine and Smoke

      (১)

মদ,ভাং,ড্ৰাগছ খোৱা

অসমতেই বিচাৰি চোৱা!

লগাব নালাগে বাজি

অসমত আছে হৈ ভৰ্তি

                  (২)

অসমতেই পোৱা যায়

দল -সংগঠন বহুতেই

ছাত্ৰই ৰাজনীতি খেলা

স্হিতি নাই একোতেই!!

               (৩)

 নদী ৰোধিবলৈ

 কৃষক যায়

 ছাত্ৰই বন্ধ দিয়ে

 ৰাজপথলৈ ওলায়!!

             (৪)

 টকা ক্ষমতা,বক্তৃতাৰ ফুলজাৰি

 ক’লা টকাৰে অট্টালিকা

 ভোটদানৰ বিনিময়ত ৰাইজে পায়

 প্ৰদূষণ,ধূলি আৰু ধোৱা!!

               (৫)

 কটা-কটি,মৰা-মৰি

 হত্যা লুন্ঠন আৰু  ধৰ্ষণ

 ভাতৃ-নহয় ভগ্নী নহয়

নাবালিকাও নহয় বিকৰ্ষণ!!

            (৬)

ত্ৰাস আহে উগ্ৰবাদ আহে

লাগে সাৰ্বভৌম, বিচাৰে স্বাধীন

নিজৰ মানুহক ধবংস কৰি

নিজেই হয় নিঃকিন!!

                        (৭)

লজ্জা নাই-ইজ্জত নাই

আৰু নাপায় অপমান

চুটি-চুটি কাপোৰ পিন্ধি

চৰকাৰকহে দিয়ে বদনাম!!

                        (৮)

অসম দেশৰ বিষম কথা

প্ৰেক্ষাপট দুৰ্গন্ধৰে ভৰা

ৰাঙলী সূৰ্য্যৰ উদিত কিৰণ

অসম তললৈ যোৱা এয়াই… ধৰণ!!

মন্তব্য

comments

One Comment

  1. anupam hazarika says:

    Khub val hoise anuvab bilak tumar bartaman akhamr paristhiti tumar kolamere aru nigari nigari ulai parak,likhi thakiba.

Leave a Reply

Your email address will not be published. Required fields are marked *

*