উপন্যাস ধাৰাবাহিক

August 28, 2013 at 5:31 pm

স’ৰাগুৰি বাকৰি (২)

নিয়ৰ ৰে ’

(যোৱা সংখ্যাৰ পিছৰ পৰা ) 

Spring

অবশেষত সেই দিনটো আহিল। চোতালৰ আগফালে তামোল কেইজোপাত থকা কপৌ কেইজোপা  সুন্দৰকৈ ফুলি উঠিছে।  মনটো বুজাব নোৱাৰা আনন্দৰ ভাব। সকলো মানুহৰ এনে হয় চাগে বসন্তৰ বতৰত। কাইলৈ গৰু বিহু। গৰু গা ধুৱাবলৈ প্ৰায় সকলো হ’ল  মাত্ৰ বাৰীৰ পৰা থেকেৰাকেইটা আনিবলৈ আছে। কামৰ মাজতে আয়ে অকনমান ৰহি আনি দিলে খাবলৈ। ভালেই হৈছে , আচলতে আইৰ হাতত কিবা এটা শক্তি আছে যি কাৰণে কেতিয়াও ৰহি বেয়া নহয়। সেই বাবে গাঁৱৰ সকলোৱে আশা কৰে খাবৰ বাবে।

সি বাৰীলৈ সোমাই গ’ল। বাৰীৰ মাজেৰে পাৰহৈ যাওঁতে তাৰ চকু পৰিল জেতুকা জোপালৈ। বাৰীতে জেতুকা আৰু বহমথুৰি আছে অথচ লোৱা মানুহ নাই। কেনেবাকৈ তাইক দিব পৰা হ’লে ! তাইৰ সুকুমল হাতত জেতুকাৰ বুলনি পাই তাই আৰু সুন্দৰ হৈ পৰিল কিজানি। তাইৰ কথা মনত পৰাৰ লগে লগেই মনটো গধুৰ হৈ পৰিল। থেকেৰাকেইটা লৈ বাৰীৰ পৰা বিষন্ন মনৰে ওলাই আহিল সি।

তাৰ কাম প্ৰায় হৈ গ’ল। জুহালৰ কাষতে বহি গৰু চাককেইখন বনাইছে। আয়েও পিঠাৰ খুলা আৰম্ভ কৰিছে। মাজে মাজে তাক দুই এখন খাবলৈ দি আছে। এনেকৈ খাই থকা তাৰ সৰুৰে পৰা অভ্যাস। ক’তবাৰ গালি খাইছে তথাপি তাৰ লাজ নাই ,আচলতে এনেদৰে গৰমে গৰমে খোৱাৰ আমেজটোৱেই বেলেগ। কামৰ মাজতে আয়ে সুধিলে –

: পোনা অকনমান খাবি নেকি?

: কি ,সাজ?

: অ’  খাৱ যদি আনি দিওঁ?

: নেলাগে এতিয়া ,ভাত খাঁওতে খাম।

: হ’ব তেন্তে মই লৰালৰিকৈ পিঠাকেইটা বনাই লওঁ।

: ঠিক আছে তই বনা মই বাহিৰতে বহোগৈ।

সি বাহিৰলৈ ওলাই আহিল। আকাশত জোনটো ডাঙৰকৈ ওলাইছে। আজি কালি জোনৰ লগত তাৰ বহু কথা আদান প্ৰদান হয়। নদীৰ কাষত দেখা ছোৱালীজনী জোনটোৰ দৰে ধুনীয়া। জোনটোলৈ চাই চাই তাইৰ কথা ভাবিবলৈ ধৰিলে।

পূঁৱা শুই উঠিয়ে পোনে পোনে গোঁহালীলৈ গ’ল। গৰুকেইটালৈ চাই দখিলে ,গৰু কেইটা শুই আছে। গাঁৱত এটা কথা আগৰৰ পৰাই প্ৰচলিত হৈ আহিছে যে গৰু যদি শুই থাকে তেতিয়া বানপানী নহয় আৰু যদি ঠিয় হৈ থাকে তেন্তে বানপানী অবধাৰিত। তাৰ মনটো ভাল লাগি গ’ল। অন্ততঃ এইবাৰ খেতি ভাল হ’ব। গোহালীটো চাফা কৰি গৰুকেইটা আৰু ম’হটো চোতাললৈ উলিয়াই আনিলে। আগদিনাই যোগাৰ কৰি ৰাখিছে  গৰু নোৱাবলৈ সকলো বস্তু । মাকক চিঞৰি ভিতৰলৈ চাই মাতিলে-

: আই …..অ’ আই ……।

: কি হ’ল?

: ভিতৰত থকা মাহ-হালধিখিনিলৈ আহ ,গৰুকেইটা নোৱাব লাগে।

: ৰ’ গৈছো ..।

মাকে মাহ-হালধি আনি গৰুকেইটা আৰু ম’হটো নোৱালে। মাকে গৰুকেইটা নোৱাই থাকোতে মুখৰ ভিৰতে কোৱা শুনিলে সি-

: বোপাইহ’ত তহতৰ আশাতে আমি দুটি প্ৰাণী জীয়াই আছো, কুশলে থাকিবি।

তাৰ কথাটো শুনি বেয়া লাগি গ’ল। দেউতাকলৈ হঠাৎ মনত পৰি গ’ল। দেউতাক গাঁওৰ ভিতৰতে এজন ভাল মানুহ আছিল। এতিয়াও তেওঁৰ কথা মানুহে কৈ থাকে। সি সৰু হৈ থাকোতেই দেউতাক ঢুকাল। মাকে কোৱা শুনিছে , বাৰিষাৰ বানপানীত দেউতাক উটি গৈছিল। সেই যি গ’ল আৰু ঘূৰি নাহিল। তেতিয়াৰ পৰা মাকে বহু কষ্টৰে তাক ডাঙৰ কৰিছে। সি বুজি পোৱাৰ পৰা মাকক সহায় কৰি আহিছে যদিও আজিকালি তাৰ চিন্তা হয় , যদি মাকে তাক দেউতাকৰ দৰেই এৰি  যায়। কথাবোৰ ভাবি থাকোতেই মাকে মাতিলে-

: বোপাই আহ, হাত –মুখ ধুই চাহ একাপ খাই ল  , ৰাইজে গৰু উলিয়াই আনিবই এতিয়া।

: হ’ব বল গৈ আছো।

মাকৰ পিচে পিচে সি গৈ পিচফাল পালেগৈ। হাত-মুখ ধুই চাহৰ ওচৰত পালেহি। মাকে কাহঁৰ বাতিত এবাতি চাহ আৰু কালি বনাই থোৱা বগাপিঠা , তেলপিঠা আৰু সুতুলি পিঠা একাঁহী দিলেহি। চাহ খাই থাকোতেই দেখা পালে দুই এজনে গৰু আনিছেই। সি লৰালৰিকৈ চাহ খাই ,আগদিনাই যোগাৰ কৰি ৰখা পানীলাও ,কেৰেলা, বেঙেনা, ঠেকেৰা, কুটকুৰি হালধি ইত্যাদিৰে বনোৱা বাহৰ গৰু চাকৰ চালনিখন লৈ ওলাই আহিল। গোহালিৰ কাষৰ পৰা মাখিলতীৰ ডালকেইটামান কাটি ল’লে। কাৰণ গৰুবিহুৰ দিনা গৰুক মাখিলতীৰে কোবাব লাগে। লাহে লাহে গৰুকেইটা খেদি ঘৰৰ পৰা ওলাই আহিল।

সকলোৰে মনত আনন্দ , চাৰিওফালে এটাই শব্দ “ঘোৰ ঘোৰ ….এইফালে যা।” গাঁৱৰ ৰাইজৰ সকলোৱে সিদ্ধান্ত কৰি থোৱা কেঁয়াপুখুৰীটোলৈ গৰুবোৰ লৈ সকলো আগবাঢ়িল। সৰু সৰু লৰা-ছোৱালীবোৰে ইজনে সিজনক ৰাতি হাতত এৰাপাত দি জেতুকা বন্ধা হাতখন দেখুৱাইছে। কাৰোবাৰ হাত জেতুকা ধৰি কলা পৰি গৈছে, হয়তো কাৰোবাৰ নখত কমকৈ ধৰিছে। সিহঁত নিজৰ নিজৰ মাজত ব্যস্ত। গাঁওৰ ডেকা  বগাই, ৰঙাই , হলিৰাম ,  বীৰেন ,কটৌহঁতে লৰালৰিকৈ আগবাঢ়ি পুখুৰীত নামিলগৈ। ৰাইজে গৰু খিনি লাহে লাহে পুখুৰি পাৰলৈ খেদি নিলে। পুখুৰী পাৰত পোৱাৰ লগে লগেই চেপেত ককায়ে জয়ধ্বনি দিলে-

“জয় ৰাম বোল

জয় হৰি বোল”

সকলোৱে একে লগে জয় ধ্বনি দি গৰুৰ গালৈ পানী মাৰিলে। আৰম্ভ হৈ গ’ল গৰুক গা ধুৱাৰ। সকলোৰে মনত আনন্দ । চিঞৰ বাখৰ, কোনোবা এটাই গৰুৰ সলনি পানী মানুহৰ গালৈকে মাৰি দিছে ,মুঠতে আনন্দৰ সীমা নাই। গৰুৰ গালৈ পানী মৰা শেষ হলত সকলোৱে নিজৰ নিজৰ বনাই অনা গৰু চাক লৈ গৰু বোৰৰ পিছে পিছে দৌৰ দিলে। গৰুৰ গালৈ লাওঁ , কেৰেলাবোৰ মাৰি সকলোৱে গালে-

“লাওঁ খা, বেঙেনা খা …..

গৰু গা ধুৱাৰ শেষ কাৰ্য্যসূচী ইজনে সিজনৰ মাজত চাক আৰু মাখিলতি সলনি কৰা। সিও দুই এজনৰ লগত সলনি কৰি ঘৰলৈ আহিল। বাহিৰে বাহিৰে গোঁহালীৰ মুধচত চাক আৰু মাখিলতীখিনি গোজি দি থৈ আহিল। ইফালে ঘৰত আৰু বহুত কাম আছে। নামঘৰলৈও যাব লাগে। সি ঘৰৰ  কামখিনি কৰি পিছফালে পুখুৰী পাৰত গা ধুৱলৈ গ’লগৈ।

ভদিয়াই নামঘৰত পাওতে ৰাইজে প্ৰাৰ্থনা  আৰম্ভ কৰিলেই। সি লৰালৰিকৈ গৈ যোগ দিলে। গৰু বিহু দিনা সেৱা জনায় সৰুৱে ডাঙৰক। পৰম্পৰাগতভাৱে চলি অহাৰ দৰে আজিও কোনো ব্যক্তিকম হোৱা নাই। গাঁওৰ বয়োজেষ্ঠকেইজনে গাওঁৰ নীতি- নিয়মৰ বিষয়ে কলে আৰু গাওঁৰ সভাপতিয়ে ৰাইজক নামঘৰেত প্ৰথম বিহু মাৰিবলৈ অনুৰোধ জনাই ভাষণ সামৰণি মাৰিলে। বিহু বুলি ক’লে সকলোৰে মন নাচো নাচো, তাতে যেতিয়া সভাপতিয়ে আদেশ কৰিলে কোনে পাই সিহঁতক। সকলো বহাৰ পৰা উঠি আহিল বিহু মাৰিবলৈ। কনলৰাদাইয়ে বিহুৰ পদটো আৰম্ভ কৰিলে-

“ ৰাইজৰ পদুলিত

গোন্ধাইছে মাধুৰী

কেতেকী মলেমলায় অ’

গোবিন্দাই ৰাম”

মুঠতে আনন্দৰ সীমা নাই। গাঁওৰ  গাভৰুহতঁৰ মনো নাচো নাচো। কিন্তু নামঘৰত নাচিব নোৱাৰা বাবেই নিজকে জোৰেৰে ধৰি ৰাখিছে। ৰাইজে ৰাতিলৈ গঞাৰ সভাপতিৰ ঘৰত  হুচৰি মৰাৰ বাবে সিদ্ধান্ত লৈ প্ৰাৰ্থনা সভা সামৰিলে।

ৰাতিলৈ এশএবিধ শাক ৰান্ধিবলৈ মাকে বাৰীলৈ ওলাই গ’ল শাক বুটলিবলৈ। সিও গৰুৰ বাবে পিঠা ,তৰাপঘা আৰু কেয়াগছ আনিলে জাক দিবলৈ। দিনটো ইটো সিটো কৰি তাৰ ভাগৰ লাগিছিল। ৰাতি ভাতকেইটা খাই বিচনাত পৰিল।

মানুহৰ বিহু। মাকে পুৱাই গৈ মাতি থৈ আহিছিল ওচৰৰ মানুহকেইঘৰক শলিতাৰ বাবে। আহোম মানুহৰ এটি পৰম্পৰা আছে। বিহুৰ দিনা মৃতকক পূজা কৰা। কোনোবাই মাছ- মাংস ,পিঠা, বৰা চাউলৰ সান্দহ, দৈ, আদি বা কোনোবাই আকৌ বৰা চাউলৰ ভাপত দিয়া বৰা ভাতে মৃতকক পূজা দিয়ে। এইবাৰ সিঁহতৰ ঘৰত  সান্দহ, পিঠা , হাঁহৰ মাংস আদিৰে মৃতকৰ পূজাৰ বাবে যা-যোগাৰ কৰিছে। মাকে শলিতাৰ বাবে কৰণিপাত কাটি তাত চাৰিখন ঠুৰিয়া তামোল দি সজালে। পানী চতিয়াই পাৰণী ধাৰিখন পাৰি দিলে। তাতো তামোল এখন দিলে। চাকি গছ জ্বলাই , কাঁহৰ বাটিত সজাই ৰখা সাজ(ৰহি)খিনি আৰু খাবৰ বাবে যোগাৰ কৰি ৰখা সকলো নৈবেদ্য আগবঢ়ায় সেৱা জনালে। সৰু দাইটিয়ে তাকো সেৱা কৰিবলৈ কোৱাত সি সেৱাজনাবলৈ আঠুকাঢ়ি বহিল। আৰ্শীবাদ বৰদেউতাই দিলে। আশীৰ্বাদৰ মাজতে কোনোবাই কোৱা শুনিলে এইবাৰ বহাগতে ইয়াৰ বিয়াখনো হয় যেন। এই দৰে বিহু আৰম্ভ হ’ল। বিহু মাৰি আমনি নেলাগে। দুভাগ ৰাতিলৈকে বিহু মাৰি পাৰ কৰিছে সিহঁতে। কেনেকৈ বিহুৰ দিনকেইটা পাৰ হ’ল গমকে নাপালে। তাৰ মাজতে আকৌ বহাগী উৎসৱ বাবে যা-যোগাৰ কৰিব লাগে। এইদৰে লাগি থাকোতে নিৰ্দিষ্ট দিনটো পালেহি। সিহঁতে ধৰিবকে নোৱাৰিলে। কালিলৈ বিহু উৰুৱাব, মানে বহাগী উৎসৱ। সিহঁতক কোনে পাই, গাঁৱৰ ডেকা-গাভৰু সকলোৱে সেই দিনটোলৈ আশা কৰে। সেই দিনা কোনো বাধা নাই সকলোৱে সকলোৰ লগত ধেমালি , মনৰ মিলন ঘটে। সিও ভাবি ৰাখিছে মনৰ মানুহজনীক এই বিহুৰ তলিতে বাচি লব।

(আগলৈ)

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*