আগাষ্ট ২০১৩: গল্প চুটি গল্প

August 28, 2013 at 5:38 pm

চকুৱে কথা কলে শব্দ কিয়নো লাগে

যামিনী দত্ত

চকুযুৰিয়েই হেনো মনৰ দাপোন। ভাবিলে আচৰিত যেন লাগিলেও এই এহালি চকুতেই যে সন্নিবিষ্ট থাকে শত সহস্ত্ৰ অব্যক্ত ভাষাৰ টোপোলা। কোনোজনে প্ৰতিখোজতেই,প্ৰতিটো পলতে যদি  কঢ়িয়াই ফুৰে প্ৰাপ্তিৰ চিকমিকনি তেনেহলে আন কোনোবাজনৰ নিৰুদ্বেগ শেতা দুচকুত ব্যক্ত হয় হৃদয়ত উমি উমি জ্বলি থকা অব্যক্ত ভাষাৰ সম্ভাৰ আৰু কৰোবাৰ কাজলসনা দুচকুৰ এটি মাথো চাৱনিত ডুবে প্ৰিয়জনৰ সময়ৰ হেঙুল বৰণীয়া সূৰ্য। কিমান যে গভীৰ,আত্মিক আৰু অৰ্থৱহ দুচকুৰ এই কোমল চাৱনিবোৰ।

Elizabeth_Taylor-1954

এনেকৈয়ে জীৱনত বহুতো ভিন্ন চাৱনিৰ সন্মুখীন হৈছো।আৰু তাৰ মাজেৰেই এহালি চকুৰ নীলাখিনিৰ মাজত আৱদ্ধ হৈ পৰিছিলো।যিটো চাৱনিৰ পৰা কতিয়াও নিজকে আঁতৰাই ৰাখিব পৰা নাছিলো।বাৰে বাৰে মোক আজুৰি নিছিল সেই দুচকুৰ গভীৰ গহ্বৰলৈ।আৰু লাহে লাহে ময়ো সেই চাৱনিৰ স্বাদ ল’ব বিচাৰিছিলো বহুত কাষৰ পৰা। হেৰাই যাবলৈ নিদিয়াকৈ সযতনে ৰাখিব বিচাৰিছিলো সেই চাৱনিৰ মাদকতা। সময়বোৰ বাগৰি গৈ থকাৰ দৰেই ময়ো সেই চাৱনিৰ বিশাল গহ্বৰত আৱদ্ধ হৈ পৰিছিলো আৰু আজিও তাৰ পৰা মুক্ত হ’ব পৰা নাই। কিয় নাজানো,মাথো অনুভৱ কৰিছো তাৰ মাদকতা।

কিন্তু এফালে যদি চকুৰ নীলাখিনিৰ মাজত ভিন্নৰঙী হয় পৃথিৱী,তেনেহলে আনফালে হয়তো জন্মগতভাৱেই কোনৱাই নাজানে ৰঙ কি?ৰঙৰ সংজ্ঞাই বা কি? হয়তো আমি সৌভাগ্যৱান। দুচকু তুলি চৌপাশে চাব পাৰিছো।  স্বাদ ল’ব পাৰিছো ভিন্ন চাৱনিৰ। শব্দৰ বিনিময় নকৰাকৈ শিকিছো দুচকুৰ ভাষা আৰু তেনে এক চাৱনিৰ মাজতেই যেন আৱদ্ধ মোৰ জীৱন।

সৰুতে যেতিয়া পঢ়াৰ নামত বহু অজুহাত দেখুৱাই

পঢ়াৰ পৰা সাৰিব বিচাৰো তেতিয়া মাৰ চকুৰ এটা চাৱনিয়েই যথেষ্ট আছিল। এটা মাত্ৰ চাৱনিয়েই পঢ়াৰ টেবুললৈ টানি নিছিল? কিন্তু আজি কাৰ চকুৰ চাৱনিত মই আৱদ্ধ হলো।যাৰ বিষয়ে মই একোৱেই জনা নাছিলো। জন্ম দাত্ৰী মাৰ চাৱনিতকৈ সেই অচিনাকি চাৱনিক মই কিয় অধিক প্ৰাধ্যান্য দিছো।মই মোৰ মাক কিয় পাহৰিছো।সৰু অৱস্থাতো মাৰ অবিহনে,মাৰ আঙুলিত নধৰাকৈ এখোজো দিব পৰা নাছিলো।কিন্তু এতিয়া কিয় মাৰ আঙুলিৰ পৰা হাত এৰাই অচিনাজনৰ হাতত ধৰিবলৈ ললো।যিটো সময়ত যাক মোৰ প্ৰয়োজন আছিল মাৰ হাতৰ পৰা হাত এৰা নাছিলো।আৰু এতিয়া, যেতিয়া মাক প্ৰয়োজন হৈছে মই কিয় পলাব খুজিছো? নাই মই মাক এটা মুহূৰ্তৰ বাবেও নিজৰ পৰা আঁতৰাই নাৰাখো অচিনাজনৰ হাত মই এৰি দিম। আৰু মোৰ জন্মদাত্ৰীৰ দুহাত ধৰি বৃদ্ধাৱস্থাত অধিক খোজ কঢ়াম।

অপ্ৰিয় হ’লেও ই সত্য যে সেই অচিনাজনৰ চাৱনিকো মই পাহৰিব নোৱাৰো।খুব কম সময়ৰ ভিতৰত সেই চাৱনিৰ প্ৰেমত পৰিছিলো।হেৰুৱাই দিছিলো নিজক,নিজৰ চিন্তা ভাৱনা আৰু আত্ম সন্মানক।কিন্তু এতিয়া সেই চাৱনিত ডুব  গৈ পুনৰ নিজৰ অস্তিত্বক  হেৰুৱাব খোজা নাই। বিলীন কৰিব বিচৰা নাই সেই চাৱনিৰ মাজত। হয়তো, সেই চাৱনিবোৰ নিজৰ পৰা আঁতৰাই ৰখাত অলপ সময়ৰ প্ৰয়োজন হ’ব। কিন্তু মই ভাবিম জীৱনৰ কাইটীয়া বাটত অতিক্ৰম কৰোতে বহুতো ঘাট প্ৰতিঘাত পাৰ কৰাৰ দৰে ইয়ো এক প্ৰতিঘাত। ইয়াক দূৰ কৰিবলৈ শব্দ নালাগে কাৰণ “চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে।”

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*