আগষ্ট ২০১৩: প্ৰবন্ধ প্ৰবন্ধ

August 28, 2013 at 5:21 pm

আমাৰ নৱপ্ৰজন্ম আৰু আমাৰ ভৱিষ্যৎ

জগত গগৈ

KRESS

আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে অধ্যয়নৰ অংশ হিচাপে কেইমাহমানৰ পূৰ্বে ভাৰতলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে আহি পোৱা তিক্ত অভিজ্ঞতাৰ বিষয়ে কৰা মন্তব্যই সকলোকে সচকিত কৰি তুলিছে। মিছলা নামৰ ২৩ বছৰীয়া গৱেষক ছাত্ৰীগৰাকীয়ে ভাৰতৰ পৰা উভতি গৈ ভাৰতত থকা তিনিমহীয়া তিক্ত অভিজ্ঞতাৰ বিষয়ে প্ৰায় আশী হেজাৰ পৃষ্ঠাৰ “দ্য ষ্টৰী ইউ নেভাৰ ৱান্টেড টু হিয়েৰ” নামৰ লেখাত উল্লেখ কৰি এটা চেনেলৰ জৰিয়তে প্ৰচাৰ কৰে। গৱেষক ছাত্ৰীগৰাকীয়ে কয় যে ভাৰত পৰ্যটকৰ স্বৰ্গভূমি ,কিন্তু মহিলাসকলৰ বাবে নৰক সদৃশ। তেওঁৰ এই কথাৰ পৰাই এইটো স্পষ্ট হয় যে ভাৰতত নাৰীৰ মৰ্য্যদা সুৰক্ষিত নহয় আৰু ভাৰতীয় ভোগবাদী চৰিত্ৰ তথা মানসিকতাৰ বাবেই আমি চীন দেশৰ দৰে নাৰীক আত্মৰক্ষাৰ  বাবে সমৰকলাৰ শিক্ষা দিয়াৰ প্ৰয়োজন। অশিক্ষিত বা অৰ্ধশিক্ষিতসকলতকৈ উচ্চ শিক্ষাৰে শিক্ষিতসকলৰ ভিতৰতে উৎশৃংখল মানসিকতা , ব্যভিচাৰ, নাৰীৰ প্ৰতি প্ৰদৰ্শন কৰা অসন্মানজনক আচৰণ বেছিকৈ দেখা যায়। অৱশ্যে ইয়াৰ বাবে মহিলাসকলো সচেতন হ’ব  লাগিব। পিন্ধা উৰাৰ ক্ষেত্ৰত সংযত হোৱাৰ লগতে নিজৰ মৰ্য্যদা অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত সদায় সচেষ্ট থাকিব লাগিব।

আমি বসবাস কৰা দেশখনৰ এফালে নাৰী ধৰ্ষণ-অপহৰণজনিত ঘটনা আৰু আনফালে পৃথক লেণ্ডৰ দাবীত উত্তপ্তময় পৰিস্থিতি। চৌদিশে এক অসহায়-নিয়ন্ত্ৰণহীন পৰিবেশ। তাৰ মাজতে চলিছে ধাৰাবাহিক গ্ৰেনেড-বোমা বিস্ফোৰণৰ দৰে অলেখ আতংকময় ঘটনা। ডকাইত-ঠগ-প্ৰৱঞ্চকৰ দৰে ঘটনাবোৰ আছেই। দেশৰ এনে নিয়ন্ত্ৰণহীন পৰিস্থিতিয়ে কি সূচায়? – এই প্ৰশ্নটো দেশৰ প্ৰতিগৰাকী নিজকে দায়িত্বশীল বুলি ভবা নাগৰিকে কেতিয়াবা ভাবি চাইছেনে? এনেবোৰ কাৰকেও আমাৰ নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰাত ইন্ধন যোগাইছে  আৰু আমাৰ ভবিষ্যৎ ধূলিৰে ধূসৰিত আৰু বিষময় কৰি তুলিছে। উচ্চ শিক্ষাৰে শিক্ষিত নৱপ্ৰজন্মই চাকৰিৰ সন্ধানত চৰকাৰী –বেচৰকাৰী কাৰ্য্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছে। বিষয়া –কৰ্মচাৰীৰ হাতে ভৰিয়ে ধৰি লক্ষাধিক টকা বিক্কেৰ বিপৰীতে উৎকোচ দিও চাকৰি নাপাই মানসিকভাৱে ভাগি পৰি মাদক দ্ৰব্য সেৱন কৰি দিন অতিবাহিত কৰা ভাৰক্ৰান্ত মনক বুজনি দিব নোৱাৰাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ একাংশই ইজিমানী কালেকচনৰ বাবে যিকোনো উপায় অৱলম্বন কৰি কু-চক্ৰৰ লগত জড়িত হ’ব লগাটো দেশ আৰু জাতিৰ বাবেই চৰম দুৰ্ভাগ্যজনক বিষয়।  কিন্তু এনেবোৰ দৃশ্যপট চকুৰ আগত প্ৰত্যক্ষ কৰি অহাৰ পিছতো বৰ্তমানৰ জটিল –ভোগবাদী সমাজখনৰ সকলো ভৌতিক সা-সুবিধাৰ মাজত থকাসকলে সম্পূৰ্ণ নিৰ্বিকাৰ –নিৰুদ্বিগ্ন –নিশ্চিন্তভাৱে প্ৰাত্যাহিক জীৱন অতিবাহিত কৰাটোও অন্য এক দুভাৰ্গ্য।

বৰ্তমান সময় হৈছে কম্পিউটাৰ –ইন্টাৰনেটৰ যুগ। তথ্য-প্ৰযুক্তিৰ যুগ। একেষাৰতে যান্ত্ৰিক যুগ বুলি ক’ব পাৰি। এই যান্ত্ৰিক যুগত আমি ডাঁৰৰ বাতৰি ডাঁৰে ল’ব পৰা হৈছো। এনে দিন আহিছে –আমি কৰা ভুল –দোষ কিম্বা অপৰাধৰ প্ৰতিটো মুহূৰ্ত আমাৰ অজ্ঞাতে ধৰি ৰখাৰ ব্যৱস্থা হৈছে আৰু হ’ব। কিন্তু ভাবিলে আচৰিত লাগে যে এনে এক সময়তো আমি বিশেষকৈ শেহতীয়াকৈ বিশ্বায়নৰ প্ৰভাৱ পৰা অসমৰ নৱপ্ৰজন্মই অকামিলা হৈ কেৱল চৰকাৰী সুযোগৰ সন্ধানত মুখ মেলি বহি আছো। আচলতে ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই ক’বৰ দৰে –“সকলো আছিল সকলো আছে , নুগুনি নলওঁ গম” সদৃশ অৱস্থা হৈছে। ভাৰতত আন ৰাজ্যৰ তুলনাত অসম এখন প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য হ’লেও চৰকাৰী-বেচৰকাৰী খণ্ডত পৰ্যাপ্ত কল-কাৰখনা পৰিকল্পিত আচঁনিৰে প্ৰস্তুত কৰি কেচাঁ সামগ্ৰীৰে ইয়াৰ মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰস্তুত কৰাৰ লগতে নিবনুৱা সংস্থাপনৰ যথেষ্ট সম্ভাৱনা থকাৰ সত্ত্বেও সিবোৰৰ একো ব্যৱস্থা নোহোৱাত ৰাজ্যখনৰ হাজাৰ হাজাৰ নিবনুৱাই দেশৰ আন আন ৰাজ্যলৈ জীৱনৰ ভৱিষ্যতৰ কথাভাবি কাম বিচাৰি ঢাপলি মেলিব লগা হৈছে। এসময়ৰ প্ৰাকৃতিক সম্পদত চহকী ৰাজ্যখন ক্ৰমশঃ সম্পদহীন দুখীয়া ৰাজ্যলৈ পৰিণত হ’বলৈ উপক্ৰমহৈছে। অসমত পৰ্যাপ্ত নদ-নদী আছে , কিন্তু সেই নদ-নদীসমূহৰ পানী সদ্ব্যৱহাৰ কৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰৰ কোনো আঁচনি নাই। অসমত অলেখ চাহ বাগিছা আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ খনি আছে কিন্তু সেই অনুপাতে স্বাধীনোত্তৰ ৬৭ বৰ্ষৰ পিছতো প্ৰিতষ্ঠা নহ’ল কল-কাৰখানা – যিসমূহ কল-কাৰখানাত নিয়োজিত হৈ অসমীয়া নিবনুৱাই জীৱন-জীৱিকাৰ পথ বাচি ল’ব পাৰিলহেঁতেন। তদুপৰি অসমৰ প্ৰাকৃতিক সম্পদেৰে ৰাজ্যৰখনৰ চাহিদা পূৰণ কৰিব পৰা গ’লহেঁতেন। এনেবোৰ কাৰণতে দেশৰ বৰ্ধিত জনসংখ্যাই কৰ্মসংস্থাপনৰ অভাৱত অবাটে যাব লগা হৈছে আৰু ফলস্বৰূপে সামাজিক জীৱনত এক উশৃংখলতাৰ কাৰক হিচাপে চিহ্নিত হ’বলগীয়া হৈছে।  শেহতীয়াকৈ ৰাজ্যখনত টেট পৰীক্ষাৰ জৰিয়তে বহু শিক্ষিত নিবনুৱাই শিক্ষকৰ চাকৰি পাবলৈ সক্ষম হোৱাটো সুখৰ বিষয়। কিন্তু বৰ্তমানেও বিভিন্ন বিভাগত খালীহৈ থকা পদসমূহৰ পূৰণৰ নামত এক-ডেৰ লাখলৈ টকা উৎকোচ লৈ নিযুক্তি দিয়া কাৰ্যই অধ্যয়নশীল শিক্ষাৰ্থী আৰু বৰ্তমানেও  নিবনুৱা হৈ থকা অধিকাংশ শিক্ষিত যুৱ প্ৰজন্ম চূড়ান্ত হতাশা-অনিশ্চয়তাৰে অন্ধকাৰচ্ছন্ন গহ্বৰলৈ ঠেলি দি নিৰুৎসাহিত কৰি আহিছে। ৰাজ্যৰখনৰ নিবনুৱাসকলক উপযুক্ততাৰ ভিত্তিত কামত নিয়োজিত কৰিব পাৰিলেহে অসমৰ প্ৰকৃত উন্নয়ন আৰু দেশৰ প্ৰগতি সম্ভৱ হ’ব।

মন্তব্য

comments

One Comment

  1. Dui eta banankrutir bade alusanikhan xamgrikbhabe grahanjugya hoise.moi bhabu natunxakal aagbarhi aha usit.

Leave a Reply

Your email address will not be published. Required fields are marked *

*