আগষ্ট ২০১৩: প্ৰবন্ধ প্ৰবন্ধ

August 28, 2013 at 5:14 pm

আহোম ৰাজ্যত ব্ৰাহ্মণ আৰু হিন্দুতৰ অঙ্কুৰণ

ভদ্ৰেশ্বৰ ফুকন

Ahom

আঘোন মাহৰ ১৩ তাৰিখ অৰ্থাৎ ১২২৮ খৃষ্টাব্দৰ ২ ডিচোম্বৰত আহোম তথা অসমৰ প্ৰথম ৰজা চাওলুং চুকাফাই সসৈন্যে চীনদেশৰ পৰা আহি প্ৰথম সৌমাৰপীঠত ভৰি দিয়েহি। সেই ঠাইখন বোকা পানীৰে ওখ বহল উৰ্ব্বৰা ঠাই দেখি নাম থলে তি-পাম। কিন্তু তাত বাৰিষা কালত নৈ-নলাবোৰ বলিয়া হৈ বানপানী হোৱাত তাৰ পৰা দিখৌ নৈৰে আগুৱাই আহি চাৰিং পালেহি। সোনালী শষ্যৰে ভৰা ঠাইখনৰ নাম ৰাখিলে “মু্যংকুন চূন খাম” অথাৎ তাই আহোমৰ ভাষা মতে –সোনালী শষ্যৰ দেশ। এই ঠাইৰ কাষতে থকা শিমলুগুৰি নামৰ ঠাইত নিগাজীকৈ থাকিবলৈ ল’লে। সেই অঞ্চলত বাসকৰা লোকসকল আছিল মৰাণ-বৰাহী জাতিৰ লোক। তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰি বৈবাহিক সম্বন্ধ ঘটাই তেওঁলোককো লগৰীয়া কৰি ল’লে।

আহোমসকল আদিতে তাও ধৰ্মৰ লোক আছিল। তেওঁলোকৰ উপাস্য দেৱতাজনক “ফুৰা”  বোলা হৈছিল। আৰু এই ফুৰাৰ নামৰ পৰাই ধৰ্মীয় পন্থাটোক ফুৰালুং নাম দিয়া হৈছিল। এই ফুৰালুং পন্থাৰ মূল বৌদ্ধ ধৰ্ম্মৰ পৰা অহা বুলি ঠাৱৰ কৰা হয়। বৌদ্ধ ধৰ্মৰ হীন যান মহাযান আদি যানসমূহৰ সমন্বয়তে এই ধৰ্মৰ সৃষ্টি হোৱা বুলি পণ্ডিত, গৱেষক সকলে মত প্ৰকাশ  কৰিছে। চীন দেশৰ হোনাস প্ৰদেশৰ লাওৎজুৰ নামৰ এজন বিখ্যাত দাৰ্শনিকৰ  মতৰ ওপৰত ভিত্তি কৰি এই ধৰ্ম্মৰ সৃষ্টি হোৱা বুলি সেই সম্পৰ্কীয় নাম গবেষনামূলক পুথিৰ পৰা এই কথা জনা যায়।

চাওলুং চুকাফাৰ এই মহান যাত্ৰাত তেওঁলোকৰ ওই ধৰ্মৰ  মূল দেৱতা চোমদেউৰ বিগ্ৰহকে ধৰি  ধৰ্মীয় সকলো বিধি ব্যৱস্থা লগত লৈ আহিছিল আৰু অৱস্থা বুজি তেনেকৈয়ে পালন কৰি আহিছিল।  চুকাফা এজন অতি বিচক্ষণ ৰাজনীতিবিদ দুৰদৰ্শী  লোকসকল আৰু বিভিন্ন জাতি গোষ্টীৰ মাজত চলি থকা সৰু সৰু ৰাজ্যসমূহক এক কৰি এখন বিৰাট ৰাজ্য  গঢ় দিয়াৰ সপোন তেওঁ বাস্তৱায়িত কৰাৰ আকাংক্ষা আছিল আৰু পৰৱৰ্ত্তী কালত বিনা ৰক্তপাতেৰে তেনে এখন দেশ গঢ়ি তোলাত তেওঁ কৃতকাৰ্যও  হৈছিল। এনে এখন সাতৰাজ মাৰি একৰাজ কৰা দেশ গঢ়িবলৈ যাওতে দুৰদৰ্শী চুকাফাই থলুৱা জাতি প্ৰজাতিৰ লগত মিলি যাবলৈ থলুৱাসকলৰ ভাৱ অনুভূতিক সন্মান কৰিছিল আৰু বৈবাহিক সম্বন্ধ গঢ়ি কৌশলেৰে তেওঁলোকক আকোৱালি লৈছিল। সেয়েহে গঢ়ি কৌশলেৰে তেওঁলোকক আকোৱালী লৈছিল। সেয়েহে তেওঁকে মূখ্য কৰি পৰৱৰ্ত্তী স্বৰ্গদেউ সকলে নিজ ধৰ্ম  আৰু ভাষাৰ প্ৰতি উদাৰতা দেখুৱাই ঐক্য সমন্বয়ক অগ্ৰাধিকাৰ দি এখন সুবিশাল সুপ্ৰণালীবদ্ধ ৰাজ্য গঢ়ি তুলিবলৈ সমৰ্থ হৈছিল।

আহোমসকলৰ মাজত ব্ৰাহ্মণ আৰু হিন্দু ধৰ্মৰ বীজ প্ৰথম অঙ্কুৰিত হয় চুকাফাৰ পৰৱৰ্ত্তী অষ্টমজন ৰজা চুডাংফা বা বামুণী কোঁৱৰৰ দিনত ১৪১৬ চনত।  সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ শষ্যসম্ভবা ঠাইখনেই হাবুং। ১৩৮১ চনৰ কাহিনী, পুৱা  হাবুঙৰ ঘাটত গা ধুৱলৈ অহা বাবুঙৰ ব্ৰাহ্মণ ৰামগোপালদেৱে ভূৰত উঠি অহা ত্যাওখামথি ৰজাৰ সগৰ্ভা সৰু কুঁৱৰীক শোকাকুল অৱস্থাত পাই নিজ ঘৰলৈ নি প্ৰতিপালন কৰি ৰখাৰ এমাহৰ পিছত  সৰ্ব্বসুপক্ষতীয় এটি পুত্ৰ জন্ম হয়। সন্তানটিক ৰামগোপালদেউক চমজাই কুঁৱৰীয়ে চকু মুদিলে।  বামুণে তেওঁৰ নাম থলে চুহান। বামুণৰ বাকী ৭ টি পুত্ৰৰ লগতে অষ্টম পুত্ৰ হিচাবে খেল ধেমালীৰ মাধ্যমেৰে চুহান ডাঙৰ দীঘল হ’ল।

ইফালে ত্যাওখামথি ৰজাই চুতীয়া ৰজ্যৰ বিৰোদ্ধে যুদ্ধৰ যা-যোগাৰ কৰি যুদ্ধলৈ যোৱাৰ গম পাই ৰাজ্যত  পুনৰ অশান্তি হ’ব বুলি ভাবি ডা-ডাঙৰীয়া সকলে বুদ্ধি কৰি তেওঁত বধিলে। ত্যাও খামথিৰ পিচতো অঙহী বঙহী দুই চাৰিজনক ৰজা পাতিব ধৰিছিল যদিও অবিবেকী ৰজাৰ অক্ষমতাৰ বাবে কোনো জনক সন্ধিৰে মৰালে আৰু কোনোজনক –দেশান্তৰ কৰালে। এনেদৰে সন্ধিৰে ৯ বছৰ কাল ৰজা নোহোৱাকৈ মন্ত্ৰীসকলেই ৰাজ্য চলালে। তথাপিও উপযুক্ত ৰাজ কোঁৱৰ বিচৰাত সকলো ব্যস্ত হ’ল।

ত্যাওখামথিৰ সৰু কুঁৱৰীৰ সন্ধান সুৰ্দীঘ ৯ বছৰেও নাপালে। পাচত থাওখুনচেং নামৰ কোনো এক অখ্যাত ডেকাৰ পৰা এই বামুনী কোঁৱৰৰ খবৰ পালে। এই থাওখেনচেংক মন্ত্ৰীসকল হাজিৰ কৰাই জানিব পাৰিলে যে ডেকা জনে হালোৱা গৰু কিনিবলৈ হাবুং পালেগৈ আৰু হাবুংত থকা এপায়েকৰ ঘৰত থাকি গৰুৰ সন্ধান কৰোতে গৰুও পালে আৰু এপাল ল’ৰাৰ লগত খেলি থাকোতে দেৱতাক শ্ৰীহেন লৰাটোক পাই এপায়েকক সোধাত এপায়েকে হাবুংৰ ঘাটত ভূৰত উটি অহা দেৱী হেন গৰ্ভাৱতী  তিৰুতা এগৰাকী পাই ঘৰত প্ৰতিপালন কৰি ৰখা এমাহ মানত এই সৰ্ব্বসুক্ষনীয় লৰাটোৰ জন্ম হয় আৰু মাক গৰাকী মৃতু্য হয়। মাকৰ পৰা জনামতে তেওঁ সৰু ৰাজৰানী আছিল। ৰজা ত্যাও খামথি চুতীয়াৰ লগত ৰণ কৰিবলৈ যোৱাত বৰজনা কুঁৱৰীক ৰাজৰাণী পাতি গৈছিল। বৰৰাণী সন্তানহীনা আৰু সৰুৰাণী সগৰ্ভা আছিল।  এনে অৱস্থাত বৰৰাণী ইষাম্বিত হৈ  ৰাজক্ষমতাৰে সগৰ্ভা সৰু ৰাণীক প্ৰাণে মৰাৰ ব্যৱস্থা কৰিবলৈ ডা-ডাঙৰীয়াক নিৰ্দ্দেশ দিছিল। ডা-ডাঙৰীয়াসকলে ৰানীয়ে নজনাকৈ কলৰ ভূৰত সগৰ্ভা সৰু ৰাণীকদিখৌত উটুৱাই দিছিল। সেই ভূৰতে হাবুংৰ ঘাটত ৰামগোপালদেৱে পাই নি এমাহ মান ৰখাৰ পিছত এনে সৰ্ব সুলক্ষণীয় ৰাজপুত্ৰৰ জন্ম হৈছিল।

এইজনা কোঁৱৰকে ৰাজবিষয়াসকলে আলোচনা কৰি থাওখুন চেঙক লগত আনি বামুনী কোঁৱৰ আৰু আহোমৰ মতে চুডাংফা নাম দি যথা নিয়মেৰে ৰাজপাটত বহুৱালে। এই বামুনী কোঁৱৰৰ দুটা চুক্তি মানি ল’বলৈ ডা-ডাঙৰীয়া সকল বাধ্য হ’ব লগা হ’ল।  প্ৰথম চুক্তি মতে ৰজাক প্ৰতিপালন কৰি এনে পৰ্যায় পোৱালেগৈ সেই পিতৃকৰূপী ৰামগোপালদেউৰ পৰিয়ালসহ ৰাজহাউলিত মৰ্য্যদা সহকাৰে বহুৱাব লাগিব। আৰু দ্বিতীয় চুক্তি মতে তেওঁৰ ( ৰজাৰ) ৭ ঘৰ সপোন লোক অৰ্থাৎ বামুণৰ বাকী থকা ৭জন পুত্ৰকো ৰাজ বিষয়বাব দি ৰাজ হাউলিত মৰ্য্যদাৰে বহুৱাব লাগিব। ৰাজকোঁৱৰৰ এই চুক্তি বিষয়াসকলে মানি লৈ তেনে ব্যৱস্থাৰে বামুণৰ পৰিয়ালক সংস্থাপন কৰিলে।

এই বামুন পৰিয়ালে সুবিধা বুজি নিজ ধৰ্মৰ লক্ষ্মী নাৰায়ণৰ শালেগ্ৰাম থাপনা কৰি হিন্দুৰ তান্ত্ৰিক ধৰ্ম  আহোম ৰাজ্যত সুমুৱালে।  পৰৱৰ্ত্তী কালত আহোমসকলে নিজ ধৰ্ম এৰি তান্ত্ৰিক হিন্দু ধৰ্ম গ্ৰহণ কৰি ধৰ্মীয় দিশেৰে জাতিটোক চিৰদিনৰ কাৰণে অন্ধকাৰলৈ ঠেলি দিলে।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*