আগাষ্ট ২০১৩: গল্প চুটি গল্প

August 28, 2013 at 5:06 pm

প্ৰেম এনেকৈয়ে (২)

বিপুল দলে

(যোৱা সংখ্যাৰ পিছৰ পৰা) 

Lovers

ৰাহুলে চকী এখন লৈ বাহিৰতে মন মাৰি বহি আছে। সি ভাবিলে এতিয়া কি কৰো। এতিয়া মই  সংসাৰ পতাৰ কথাই ভাবিব লাগিব।

মই এতিয়া তৰালীকে দেখোন নিজৰ কৰি লব পাৰিম। মই তাইক বিয়াৰ কৰালেয়ো মোৰ একো পাপ নহ’ব।তৰালীক সেই কথাতো ক’লে। তাই মোক কি ক’ব। মোৰ দৰে লৰা এজনক পালে দেউতাইও ভাল পাব ছাগে। মই দেউতাৰ জোৱাই হিচাপে নাথাকি পুত্ৰ হিচাপে থাকিলে কেনে হ’ব ।

: ৰাবুলদা ! এয়া চাহ লোৱা। – তৰালীয়ে ক’লে।

: অ। চাহ আনিলা যদি ভালেই কৰিলা।

পিছে , দেউতা বিচনাৰ পৰা উঠিলনে নাই?

:  দেউতাই তোমাতকৈ ৰাতিপোৱাই শুই উঠি পাচফালৰ বাৰীত কোৰ মাৰি আছে। তুমি হে উঠা দেৰি কৰিলা।

:  হয় অ …। কালি ৰাতি টোপনি যোৱা মোৰ দেৰী হ’ল।

: কিহৰ কাৰণে বা …। মিছিকীয়াই হাঁহি কলে। ৰাহুলদা তুমি বাৰু মোৰ বাবে ধুনীয়া নবৌ এজনীৰ কথা ভাবিছানে?

:  হাহ … হাহ…। হাহিঁ হাঁহি কলে। মই ভাবি থকা কথাষাৰকে তুমি কলা।

: পিছে নবৌজনী বা কৰ? মোৰ জানিবলৈহে মন আছিল।

: এতিয়া তুমি জানিব নালাগে। পাছত জানিলেও হ’ব। বেছি আঁৰত নাই বাৰু।

: কিয় -। মোৰ জানিবলৈ প্ৰয়োজন নাই নেকি? মোৰোতো জানিবলৈ ইচ্ছা আছে। ক’ৰ, কি কৰে। কেনেকুৱা বা ..। plz ,ৰাহুলদা কোৱানা।

সাংঘাটিক ছোৱালী। তৰালীয়ে সৰুৰে পৰাই বৰ চিৰিয়াছ ছোৱালী । কি যে আকৰ্ষণ আছে তাইৰ ব্যক্তিত্বত।  সময় বাগৰিল। বহুদিনৰ পাছত –

: নাই .. নাই। মই তোমাক ভাল পাব নোৱাৰো ৰাহুলদা তুমি সেইবোৰ কি কৈছা। আজি তোমাৰ কি হৈছে? ৰাহুলদা তেনেকৈ নক’বা। সেইবোৰ পাপ হ’ব। তুমি সেইবোৰ কি কৈছা। মই মানি লব নোৱাৰো ৰাহুলদা। তুমি একমাত্ৰ মোৰ দাদা। দেউতাই সেইবোৰ কথা শুনি পালে কি দশা হ’ব।

: তৰালী শুনাছোন। মই তোমাক নিজৰ কৰি লোৱাত কোনো পাপ নহ’য়। মই শিৱদৌলত মংগল চাই পুজাৰী বাবাই কৈছিল তেজৰ সম্পৰ্কহে পাপ। তোমাৰ জন্মদাত্ৰী বেলেগ  মোৰো বেলেগ। মই মাত্ৰ জানো তোমাক ভাল পাওঁ আৰু মোৰ অন্তৰত কাকো দিৱ নোৱাৰিম কেতিয়াও।

:  কিন্তু, মই তোমাক সেইটো ৰূপেৰে কেতিয়াও ভবা নাছিলো ৰাহুলদা।

:  মই সকলো কথা দেউতাক ক’ম। তুমি চিন্তা কৰিব নালাগে। তোমাক চাবলৈ গুৱাহাটীৰ পৰা ল’ৰা এজন আহিব বুলি মই দেউতাক কৈ থৈছো।

তৰালীৰ বুকুখন ভয়ত কপি উঠিল। বুকুৰ এফাল বেয়াকৈ লৰিছে। তৰালীৰ ইচাত বিচাত লাগিল। মৰমৰে বন্ধা মায়াৰ জালত তাই আজি বন্দী হৈ ৰ’ল। ৰাহুলে যদি এই কথাৰ কাৰণে মোৰ লগত শত্ৰুতা কৰে , তেতিয়া বাৰু মোৰ কি দশা হ’ব। কালিলৈ ৰাহুলেদাক ভালপোৱাৰ পাছত যদি মা-দেউতাকে অমান্য কৰে … তেতিয়া জানো ৰাহুলে মোক ক্ষমা কৰিব।

ৰাহুল বহি আছো। দোউতাকো কলো-

:  লৰাজন গুৱাহাটীত কি কৰে, পিছে লৰাজনক এদিন লৈ আহিবা। কথা পাতিম মনৰ কথাবোৰ ক’বলৈ পালে ভাল লাগে।

:  কিন্তু, দেউতা। তাক অনাতো অসুবিধা হ’ব।

:  কিয়?

:  কাৰণ দেউতা , দুষিক জানো আপুনি ক্ষমা কৰিব।

: হয় , দুষিক ক্ষমা কৰা নকৰাটো ভগৱানৰ কথা।

: দেউতা। সি আজি বহুবছৰ ধৰি আপোনাৰ নগতেই আছে।

:  মোৰ লগত? আচৰিত হৈ ক’লে মৌজাদাৰে ।

: হয় দেউতা।

: কিন্তু … কিন্তু

: দেউতা, সেইজন মই।

: মই কি শুনিছো। হেৰা তৰালী, আইজনী…। আৱেগত চিঞৰি উঠিল মৌজাদাৰে।

:  কি হ’ল দেউতা , কি হ’ল ..। উধাতু খাই সোমাই আহিল তৰালী। তৰালী আৰু মাকে দেখিলে দেউতাকে ৰাহুলক সাৱতি আছে।

চৌদিশে অন্ধাকাৰ। চকীখনত সি বহিল। সি ভাল কৰিলেনে বেয়া কৰিলে ভাৱিব ধৰিলে। ঠিকেই কৰিলে। সি একো বেয়া কাম কৰা নাই। তৰালীয়ে তাৰ লগতেই সুখ শান্তিৰে জীৱনটো কটাব পাৰিব। সি জোৱাই হৈ নাথাকি আগৰ দৰেই থাকিব। আমিটো বুঢ়া হৈ আহিছে। যেতিয়া আমি হেৰাই যোৱাৰ পাছত ঘৰখনৰ সিয়েই মূৰবী হৈ থাকিব।

: তৰালী কি হল? ৰাহুলে সুধিলে।

: নহয় অ। একো হোৱা নাই।

: তেন্তে, মনে মনে বহি আছা যে

:  হুলস্থুল কৰি থাকিব লাগিছিল নেকি?

: নাই  নাই তুমি অতীতলৈ চিন্তা কৰি আছা নেকি?। এতিয়া আমি অতীতক লৈ চিন্তিত নহওঁ। আমি এটি নতুন দিনৰ বাবে প্ৰস্তুত হোৱাৰ উচিত।

নিশাটো গভীৰ হৈ আহিছিল। এখন বিচনাত দুটি মনৰ মানুহ। এতিয়া এটি হোৱাৰ প্ৰয়াস। তাৰ লাজ লাগিছিল। ইমান বছৰ একেলগে থাকিও সি বাৰু একো দেখা নাছিল নেকি? নহয় দেখিছিল। কিন্তু সি যে তাৰ লগত সংসাৰ গঢ়িব ভবাই নাছিল। কি নাম দিব বাৰু এই মিলনক? এই নিশাটোক মাতাল নিশা? অসম্ভব। ই মাতাল নহয়। এই নিশাটো তাৰ জীৱনৰ প্ৰথম নিশা এখন সংসাৰ গঢ়াৰ। ই মাতাল হ’বই নোৱাৰে।

এই নিশাটোৰ তাৰ বৰ মৰমৰ। ঠিক সদ্যস্নাতা গাভৰুৰ দৰে। দেহৰ ফাকেঁ ফাকেঁ ফুটি উঠা যৌৱনৰ দৰে। সি তৰালীক ওচৰ পৰাই আনিলে। তাই এক গভীৰ উত্তাপ বিচাৰি তাৰ বুকুত সোমাই পৰিল লেতুসেতুকৈ।

(সমাপ্ত)

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*