স্বাস্থ্য আৰু সৌন্দৰ্য

August 28, 2013 at 4:57 pm

ৰ’দে পোৰাৰ যতন

মিনাক্ষী নাথ পেগু

Sunscreen

এই উৎকট গৰমত বহুতৰে গাৰ আৰু মুখৰ ছাল পুৰি মটীয়া হৈ পৰে । বহুতৰে হয়তো চুলি সৰিছে কোচাই কোচাই ! অলপমান সচেতন হ’লেই ল’লেই আমি এইবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰো।

  • ৰ’দে পোৰাৰ পৰা বাচি থাকিবলৈ হ’লে বাহিৰলৈ ওলোৱাৰ আগত মুখ, হাত, ভৰি যিমান পাৰি ঢাকি ল’ব। অনাবৃত অংশত ছানস্ক্ৰীন লগাব।
  • তেলেতীয়া ভাৱ কমাই ৰাখিবলৈ Compact Powder  ব্যৱহাৰ কৰিব।
  • প্ৰতিদিনে পুৱা পাৰিলে aloe vera  বা চালকুৱৰীৰ ৰস লগাব ১০ মিনিট মান। চালকুৱৰীৰ ৰসৰ লগত গোলাপজল মিহলাই লগালে এলাৰ্জি ,খজুৱতি আদিৰ পৰা ছালখন দূৰত থাকে।
  • লা-ফেয়াৰৰ লগত কল নাইবা পকা অমিতা বা পকা আম মিহলাই ১০ মিনিট লগালে ছালৰ পৰা ৰ’দে পোৰা ৰঙ আতৰি যায়।
  • দৈ, কমলা বাকলিৰ গুৰি আৰু মুলতানী মাটি মিহলাই লগালেও সুফল পোৱা যায়।
  • প্ৰচণ্ড পৰমত ৰ’দৰ পৰা আহি মুখখন নিমখ মিহলি পানীৰ ধুব পাৰিলে মুখখন সতেজ হৈ থাকে।
  • নিমপাত সিজোৱা পানীৰে মাজে মাজে চুলিকোচা ধুব।
  • হেনা কৰিব। হেনাৰ লগত শিলিখা –আমলখিৰ ৰখ মিহলাব।

(লেখিকা এগৰাকী সৌন্দৰ্য্য বিশেষজ্ঞ)

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*