আগাষ্ট ২০১৩: গল্প চুটি গল্প

August 28, 2013 at 4:49 pm

দেৱা নঃ জানন্তি

( এক মিনিটৰ গল্প )

জীৱন গগৈ

Sad

সম্পূৰ্ণ দুটা বছৰৰ গবেষণাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় পৰা মোক ডক্টৰেট ডিগ্ৰী প্ৰদান  কৰা হৈছে। মনটোত এক অনামী অনুভূতিৰে ভৰি উঠিছে। দীৰ্ঘদিনীয়া সাধনাৰে লাভ কৰা ডক্টৰেট ডিগ্ৰীটোৰ বাবে নহয় আচলতে ই আছিল মোৰএক স্বপ্ন জীৱনটোক লৈ।এয়া আজি তাৰ সফল ৰূপ। লীনাৰো কামনা আছিল মই শ্ৰীআকাশ কোঁৱৰ ৰ ঠাইত ডo আকাশ কোঁৱৰ হোৱাৰ। এইবাৰ অন্তত লীনাৰ সতেজ হাঁহিৰ হাঁচতিখন স্বতঃস্ফুত ভাৱেই মুকলি হ’ব। কথাবোৰ পাগুলি বহুসময় পাৰ হ’ল।  কৰ্মস্থানৰ পৰা ঘৰলৈ বহুদূৰ। দেউতায়ো পূজাতেই ঘৰলৈ মাতিছে। মোৰ হাবিয়াসখিনিৰ লগে লগে কিছু শংকা বোধ নথকা নহয়। বিয়াৰ কথা দেউতাৰ সতে পতাতো জানো সহজ হব পাৰে।  লীনায়ো হয়তো উৎকন্ঠতাৰে পাৰ কৰিছে সময়বোৰ। তাইৰো আছে অযুত সপোন আমাৰ প্ৰেমকলৈ। তিনিবছৰৰ আগৰ তাইক এৰি থৈ অহা মূহুত্বটোৰ কথা সি আজিও পাহৰা নাই। বিদায় পৰত তাইৰ অশ্ৰুশিক্ত মুখখনে তাক বৰকৈ ব্যথিত কৰে। অযুত আশা তাইৰ চকুত। এদিন আমাৰ বিয়া হ’ব , সৰুকৈ সাজিম সুখৰ ঘৰ এখনি। ছেঃ নষ্টালজিক হোৱাৰ সময়তে সি আহি অফিচ পালে। এতিয়া সি বন্দী হৈ পৰিব বিয়লি চাৰিবজালৈকে।

অৱশেষত পূজাৰ বন্ধটো পাই সি ঘৰলৈ ওলাল। চৌদিশে পূজাৰ জাকজমকতা। নানা ৰঙী বাল্বৰ বিচ্ছুৰিত পোহৰত জকমকাই আছে মাটিৰ প্ৰতিমা। সকলোতে সাৰদীয় সুন্দৰতাৰ অনাবিল আনন্দ। মই নীড় অভিমুখী পক্ষী। দেউতাকৰ কাঢ়া নিৰ্দেশ এইবাৰ সি বিয়া পাতিব লাগিব। সিয়ো আহিছ দেউতাৰ আজ্ঞা শিৰোধাৰ্য্যৰ নিমিত্তে।এখন স্বপ্নৰ সংসাৰৰ উকমুকনিত সি হেৰুৱাই পেলাৱ খুজিছ জীৱন পথৰ অমসৃনতাবোৰক।

এটা উৎসৱমুখৰ পৰিৱেশত সি ঘৰত পালোহি। দেউতাকে হাঁহিছে। তেঁও জানে সি তেওঁৰ অবাধ্য হোৱা নাই কেতিয়াও। কিন্তু নাজানে মোৰ বুকুৰ উমেৰে বিন্দু বিন্দু কৈ প্ৰান ঢালি মনৰ গভীৰতা লুকুৱাই ৰখা লীনাৰ কথা। আজি সি দেউতাক লীনাৰ কথা কব। তাৰ পাছত চৰম লাজত দগ্ধ হয় সি।

ৰাতিৰ আহাৰৰ বাবে সকলো বহিছে খোৱা টেবুলত। সি উলিয়াব খুজিছো লীনাৰ প্ৰসংগ। হঠাৎ এটা চিনাকি মাতত সি শিলপৰা কপৌৰ দৰে স্থিৰ হৈ ৰৈছে। মগজুলৈ প্ৰৱাহিত হৈছে যেন হাই পাৱাৰৰ ইলেট্ৰিক শ্বক।পৃথিৱীখন কুমাৰৰ চাক ঘুৰাদি ঘুৰিছে। দুচকুলৈ নামি আহিছে ধূলি ধূসৰিত অন্ধকাৰ এখন জগত। স্থিৰতা হেৰুৱাই বাগৰি পৰিছে সি ডাইনিং ৰুমৰ মজিয়াত।

লখিমপুৰ হেলথ কেয়াৰ নাৰ্ছিংহোম। ঢক্ঢকীয়া বগা সুকোমল বিচনা এখনৰ ওপৰত  সি যেতিয়া জিৰণি লৈছিল।  সংজ্ঞাহীনতাৰ কোলাত তেতিয়া লীনাই  উৎকণ্ঠাৰে অপেক্ষা কৰিছিল তাৰ সংজ্ঞা অহালৈ।

বাস্তৱ অৱস্থালৈ আহিয়েই সি চাৰিওফালে এপাক চালে। লীনাৰ মুখাবয়বত স্থিৰ হৈ  গৈছে তাৰ দৃষ্টি। লীনা এতিয়া তাৰ প্ৰেয়সী হৈ থকা নাই। তাই তাৰ অজানিনেই দখল কৰিছে তাইৰ নবৌৱেকৰ স্থান।

: ভাল পাইছা আকাশ? লীনাৰ  দুচকুত দুটোপাল তপত অশ্ৰু। তাৰ মনত প্ৰৱাহিত হ’ল এখন দুখৰ নৈ।

বিস্ময়াভূত হৈ সি চাই ৰ’ল লীনাৰ  দুচকুলৈ। কষ্টহীনতাৰে ওলাই অহা হাঁহিটোক তাৰ বাধা দিয়াৰ শক্তি নাছিল। ক’ৰবাত যেন কোনোবাই কোৱা তাৰ মনত আছে——-

“দেৱাঃ নঃ জানন্তি নাৰী চৰিত্ৰানমঃ”।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*