আগাষ্ট ২০১৩: গল্প চুটি গল্প

August 28, 2013 at 4:28 pm

বেদনাৰ এটি নাম অশ্ৰু

 বন্তি শইকীয়া চেতিয়া

http://www.dreamstime.com/-image3976637

মৰমৰ

নীতা

এতিয়া মাজনিশা বাহিৰত অজান কীট্- পটংগৰ আৰ্তচিৎকাৰ। হয়তো আৰু কেইমূহুৰ্তমানৰ পাছতে মোৰ কুৰি বসন্তৰ আনন্দোৎসৱে গৰকি যাব মোৰ সত্বাক। তুমি হয়তো এতিয়া প্ৰত্যাশীতজনৰ স্বপ্নত। মই বহুদিনেই হ’ল মোৰ প্ৰতিবেশী স্বপ্নৰ কোমল দলিচাৰ লগত সহবাস নকৰা। যিদিনা অপত্যাক্ষিতভাৱে তোমাৰ খবৰটো পাওঁ  সেইদিনাৰ পৰাই মই বিভীষিকাময় নিশাবোৰ উজাগৰে পাৰ কৰিছো। এই  ত্ৰাসিত পল অনুপলবোৰ মই কেনেদৰে পাৰ কৰিছো সেইটো মই তোমাক বুজাব নোৱাৰিম , কাৰণ তুমি তাৰ অনুভৱ কেতিয়াও কৰা নাই।

নীতা , তুমি বাৰু কিয় মোক যৌৱনৰ প্ৰথম পুৱাতে প্ৰতিশ্ৰুতিবোৰ দি শেষত  মোৰ ঠুনুকা হৃদয়খন কোঙা কৰি আঁতৰি গ’লা। মোৰ সকলো আশা আকাংক্ষা ধুলিস্যাত কৰি প্ৰৱল বন্যাৰ মাজলৈ ঠেলি দিলা? মইতো  হৃদয় বিক্ৰী কৰা প্ৰজাতিৰ  নহয় , তথাপি  তুমি কিয় বাৰু মোক নিদাৰুণভাবে অব্যক্ত বেদনাবোৰ জাপি দিলা??

মোৰ দৰিদ্ৰতাই কিলবিলাই থকা দুখৰ কঠিয়াতলীত প্ৰেমৰ বীজ সিঁচিব বিচাৰিছিলো। হয়তো সেয়াই আছিল মোৰ জীৱনৰ অভীষ্প সময়। জানা নীতা , তুমি গৰকি যোৱা মোৰ কোঙা কলিজাটো এতিয়া , কেহেৰাজ বৰণ ধৰিছে। মাজে মাজে তাৰ পৰা নিগৰি কাজলময় তেজৰ সোঁত বয়। বহুদিনেই হৈ গ’ল শাৰদীয় জোনাক নিশা শেৱালিৰ ফুলৰ মালা নগঠা। মাজে মাজে তোমাৰ কথা ভাবিলে চিনাকি আবেলিটো মোৰ অচিনাকি অচিনাকি লাগে। তোমাৰ খোপাৰ মালতীৰ আমোতমোল গ’ন্ধে মোক এতিয়া উদ্বাউল কৰে। যদিও হৃদয়ত বেদনাৰ অলেখ আচোঁৰ। তথাপি সকলো নেওচি এটি নীড়মূখী পখীৰ দৰে তোমাৰ নিচেই কাষলৈ গুচি যাব বিচাৰো।

বৰ্তমান মোৰ নি:কিন হৃদয়ৰ বাহিৰে ভিতৰে চলিছে অশ্ৰু আৰু হাঁহিৰ, পোৱা আৰু নাপোৱাৰ তুমূল যুদ্ধ। তথাপি মান-অভিমান, অপবাদ সকলো পাহৰি উতলা ফাগুনৰ পছোৱাৰ দৰে তোমাৰ কাষলৈ যাব বিচাৰো , যদি তুমি তোমাৰ নীলাভ সাগৰত মোৰ ডিঙাখন মেলিবলৈ দিয়া সোন।

শেষত , তোমাৰ কূৰ্হেলিকাপূৰ্ণ  ওৰণি আঁতৰাই তোমাৰ কলিজাৰ সৰগত অকনমান ঠাই দিয়া, যদি তাকেই নহয়……….

হয়তো এই বিভীষিকাময় নিশাতেই এটা সত্বাৰ পৰিণতি  ঘটিব …।

                                                                     ইতিত

                                                                     তোমাৰ

                                                                     মৰমৰ

………।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*