প্ৰবীন কাশ্যপ
“পলসত সজা শইচৰ দৰেই
লহপহ্কৈ বাঢ়ি আহিল মেঘ
মূহুৰ্ত্বতে গিলি পেলালে সমষ্ট হালধীয়াখিনি।”
(ক)
মেঘৰ কথা ভাবিলেই মই উভতি যাওঁ অতীতলৈ।
তাহানি মেঘ মোৰ আশৈশৱ লগৰী আছিল দৰা কইনা খেলাৰ, মেঘ দৰা, মই কইনা।
পিছলৈ ইজনে সিজনক দেখিলেই লা … জ কৰা হ’লো।
(খ)
সাজ লাগিলেই হাতে হাতে সুৰাৰ পিয়লা লৈ ব্যস্ত হয় আমাৰ গাঁওখন,
ভূমিকম্পৰ জোকাৰণিৰ দৰেই সকলো সময়তে কঁপি থাকে , লগতে কঁপি থাকে মুধচ,
জোনাক, নদীৰ ঢৌ-।
(গ)
চাৰিসীমাৰ ভেটাবোৰত উষাই কুৰুলিয়ালেই সমবেত হয়- আৱাল- বৃদ্ধ বনিতাৰ দল,
হাতে হাতে উৱলি যোৱা দেশৰ মানচিত্ৰ কঢ়িয়াই।
সিহঁতক মই চিনিব পৰা নাই অথচ সিহঁত মোৰ আপোনতকৈ আপোন নিকট আপোন;
এইয়া লাহে লাহে তেওঁলোকে শ্ল’গান জুৰি সমদল আৰম্ভ কৰিছে
আৰু বাট বুলিছে উয়েঁ খোৱা শ্মশানৰ ফালে।
(ঘ)
একালৰ মোৰ সখা, দৰা আজি অট্ৰহাস্য, গৰ্জনেৰে শমনৰূপে পৰিচয় বিলাই ফুৰা হ’ল।
যিকোনো মূহুৰ্ত্বতে কাঢ়ি নিব পাৰে সি মোৰ সমষ্ট হালধীয়াখিনি।।
মন্তব্য সমূহ