আগাষ্ট ২০১৩: কবিতা কবিতা

August 28, 2013 at 4:04 pm

আপং

সত্যজ্যোতি কুম্বাং

আপং

তই আকৃতিবিহীন

ৰাংঢালী প্ৰেয়সী হৈ

চাংঘৰত সিঁচি দিয় আনন্দৰ বীজ

বৰণ তোৰ কলা কিম্বা বগা

ধানখেৰৰ ছাইৰ সতে

ৰন্ধা চাউল অঃপৱ মিহলাই দিলেই

যৌৱনা ৰমণী হৈ;  কলীয়া কলহত আৱদ্ধহৈ

ৰাঃ পতী ছালত উঠি বহি থাক

পুঠ হোৱাৰ দিন গণি

ওৰেদিন পথাৰত শ্ৰম কৰি ভাৰৰুৱা দেহলৈ যেতিয়া ঘৰলৈ ওভতো

মৗঃৰামৰ কাষত বহি দুখবোৰ সেকিলেই

কাঁহৰ বাটি ভৰাই বুঢ়ী আয়ে

আগবঢ়ায় তোক

আজুঁৰি আনি পি দিলেই

দুখ ভাগৰবোৰ শূন্যতাত মিলি যায়

আলিয়াই, পৰাগ, দদ্গাং দৃবৃৰ উৎসৱত

মানুহৰ বুকুত খেপিয়াই ফুৰ দুখৰ উহঁ

তোৰ প্ৰেমৰ ৰাগীত ডেকা গাভৰুৱে

ঐঃনিতম জুবুৰিয়াই গুমৰাগ নাচে

শোকবোৰ পাহৰি প্ৰিয়জনক মৰম যাচে

মিতিৰ কুটুমৰ বিবাদ নিস্পতিৰ কাৰণে

তয়েই অনবদ্য সম্বল

তই নহ’লে যেন দীঘল হৈ পৰিব

দুখৰ দিন

অ’ মোৰ আপং।।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*