আগাষ্ট ২০১৩: কবিতা কবিতা

August 28, 2013 at 3:57 pm

প্ৰত্যাশা

আনন্দ চন্দ্ৰ বৰুৱা

Expectations

পুণ্ডৰীকাক্ষ দুচকু তোমাৰ

পূস্পোদ্যান তোমালৈ বনাম

প্ৰত্যাশা থাকিলে তোমাৰ

প্ৰত্যুক্তি দিবানে মোক

প্ৰভা কোৱানা মোক

প্ৰযন্ত কৰিছো  মই

প্ৰলোভ তোমালৈ মোৰ

প্ৰস্ফুটিত গোলাপ তুমি

প্ৰাতঃ স্মৰণ কৰি

প্ৰাপ্তি লভিম নে মই

কাল আউসীৰ আন্ধাৰ ৰাত্ৰিৰ

ভয় ভয় লগা সময়বোৰ নাযায় নুপুৱাই ….।

(প্ৰয়াত আনন্দ চন্দ্ৰ বৰুৱা পেচাত এজন অভিযন্ত্ৰা আছিল। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰংপুৰ বেতনি গাৱৰ জন্ম গ্ৰহন কৰা বৰুৱাৰ বিভিন্ন লেখানি অত ত’ত সিচৰিত হৈ আছে। বৰুৱাৰ লেখনিসমূহৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি সেইবোৰ সংগ্ৰহ কৰাৰ এক আঁচনি অভিজ্ঞানম পৰিয়ালে গ্ৰহন কৰিছে।)

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*