কবিতা

July 28, 2013 at 5:17 am

তোমাৰ অপেক্ষাত

কাবেৰী মুদৈ

Waiting For You1

আজিও ৰৈ আছো

তোমাৰ অপেক্ষাত…..

কেতিয়া আহিবা তুমি

হিয়াৰ লগৰী হ’বলৈ….

জীৱনে ন -কুঁহিপাত মেলাৰ সময়তে
তুমি আহি মোক দেখুৱাইছিলা
পৃথিৱীৰ ৰংবোৰ
তোমাৰ হাতত হাত থৈ চুব খুজিছিলো আকাশ
খেলিছিলো ৰূপোৱালী আকাশৰ
জোনাকী তৰাৰ সতে
তোমাৰ বুকুত কাণ থৈ শুনিছিলো
প্ৰেমৰ গান…
উটি গৈছিলো দুয়ো
পাহাৰীয়া  ঝৰ্ণাৰ সোঁতত।
কিয় তুমি গুছি গলা
পিন্ধি লৈ প্ৰতাৰণাৰ কামিজ
আহা,আকৌ এবাৰ তুমি মোৰ কাষলৈ
মই যে এতিয়াও
তোমাৰ অপেক্ষাত ।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*