আগাষ্ট ২০১৩: কবিতা কবিতা

August 28, 2013 at 3:36 pm

মই তোৰ পদুলিলৈ উজাইছো

নিলিমা খাতুন

Ujaisu

একাকাৰ কৰি আহাৰ-শাওঁন

দুচকৰ বৰষুণত তিতিছে

বুকুৰ পথাৰত নমাই দুখৰ কজলা আকাশ

মই তোৰ পদুলিলৈ উজাইছো

 

জিলমিল জোনাকৰ

ভালপোৱা গীতৰ বুকুত ঠিকনা হেৰুৱাই

তই নিবিচাৰিবি ঠিকনা আনৰ

এতিয়াযে তোৰ কপাঁহী দেহত

ফিৰিঙতিৰ উছৱ

 

এদিন গছকিলো তোৰ ওঠৰ পদুলি

দুপৰীয়াটোৰ স’তে নিৰ্জণতা কুৰুকি –কুৰুকি

বুকুৰ পদুলিত আদৰণি তোৰণ

পণিয়লী দুচকুত প্ৰেমৰ সূৰ্য্যমুখী

অথচ…. মই চুব খোজা নাছিলো তোৰ ভালপোৱাৰ আকাশ

আজি বহুদিনৰ পাছত

আকৌ তোৰ পদুলিলৈ উজাইছো

বুকুত বেথা আঁতৰাই

বওকবুলি প্ৰেমৰ জীয়াঢল।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*