আগাষ্ট ২০১৩: গল্প চুটি গল্প

August 28, 2013 at 3:24 pm

বন্ধন

ঘন বৰুৱা

Bandhan

একেৰাহে বহুত সময় ধৰি গুৰুত্বপূৰ্ণ ফাইল এটাৰ ওপৰত চকু ফুৰাই থাকি অৱশ লগাৰ কাৰণে সমুখৰ খোলা খিৰিকীখনৰেদি এনেয়ে এবাৰ বাহিৰলৈ চাই পঠিয়ালে কৰুণা মজুমদাৰে। মূৰৰ পিছফালে হাত দুখন মুঠি মাৰি ধৰি বহিয়েই এঙামুৰি এটা দি শৰীৰৰ জঠৰতা আঁতৰাবলৈ চেষ্টা কৰিলে। ডিঙিটো বাওঁপিনে সোঁপিনে দুই তিনিবাৰ মান ঘূৰাই কট্ কট্ শব্দ কৰি  বিষটো নাইকিয়া কৰি ল’লে। খিৰিকীখনৰেদি বাহিৰলৈ চাওঁতে মজুমদাৰে দেখিলে এখন নিৰ্মল আকাশ – শৰতৰ ফৰকাল আকাশ। অ’ত ত’ত এচপৰা দুচপৰা শুকুলা মেঘ। মুকলি আকাশৰ নীল নেবুলাৰ সৌন্দৰ্য্য উপভোগ কৰি এজাক অচিন চৰাই পাখি মেলি উৰি গৈছে। এজাক  বগলীও জাক পাতি শাৰদীয় ৰাণীৰ অনুপম সৌন্দৰ্য্য চাই চাই উৰি গৈছে মুকলি মনেৰে। এনে মোহনীয় আৰু সুন্দৰ ৰূপ উপভোগ কৰাৰ মানসেৰে মজুমদাৰে দুয়ো হাতৰ তলুৱা দুখন কেইবাবাৰো ঘঁহাই ঘঁহাই চকু দুটাৰ ওপৰত খন্তেক সামান্য হেঁচা দি চকুৰ উজ্জলতা বঢ়াবলৈ চেষ্টা কৰিলে। এনেকৈ তিনি চাৰিবাৰ কৰাৰ পিছত চশমাযোৰ ৰুমালেৰে মোহাৰি থাকোঁতেই চকুত পৰিল কাষৰ কোঠালীৰ দুৱাৰৰ ফাঁকেদি লোৰ সঁজাত থকা ভাটৌ চৰাইটোলৈ। চৰাইটো কোনে, কেতিয়া, কৰ পৰা আনিছিল মজুমদাৰে নাজানে। কাৰোবাক সোধাৰো প্ৰয়োজনবোধ কৰা নাই। এই পদুমপুখুৰী পুলিচ আউট প’ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰাৰ দিনাৰে পৰা ভাটৌটো দেখি আহিছে। সঁজাৰ পৰা মুকলি কৰি দিয়াৰ পাছতো ঘূৰি পকি আকৌ আহি সঁজাৰ ভিতৰত  সোমাই থাকে। কলৈকো উৰি নাযায়। বন্দী জীৱনেই যেন তাৰ কাম্য। আজি তিনিবছৰে এই গতানুগতিক ৰুটিনৰ কোনো পৰিৱৰ্তন মজুমদাৰে দেখা নাই।

মানুহৰ জীৱনৰ সৰু সৰু কিছুমান ঘটনাই কেতিয়াবা হৃদয়ত দ’কৈ শিপা মেলি সোমাই যায় আৰু গতিপথেই সলনি কৰি পেলায়। কৰুণা মজুমদাৰৰ জীৱনতো তেনেকুৱা সৰু অথচ বিশেষ কিছুমান কথাইহে এই পুলিচ বিভাগৰ চাকৰিৰ প্ৰতি আকৰ্ষিত কৰিলে। সেয়ে এই বিভাগটোৰ আভ্যন্তৰীণ নীতি – নিয়মে মাজে সময়ে মজুমদাৰক জীৱনৰ কথা আকৌ ভাবি চাবলৈ বাধ্য কৰায়।

: ‘চাৰ, কালি ধৰি অনা ল’ৰাটোক কিবা সুধিব নেকি? আমি তাৰ মুখৰ পৰা এতিয়ালৈকে একো কথাই উলিয়াব নোৱাৰি বিমোৰত পৰিছোঁ। ই বৰ দগাবাজ ল’ৰা চাৰ।’’

সহকাৰী পৰিদৰ্শক ভদ্ৰ লাহন নামত যেনে ভদ্ৰ কামতো ভদ্ৰ। বৰ অমায়িক ল’ৰা। প্ৰশ্নটো সুধি উত্তৰৰ কাৰণে বাট চাই মজুমদাৰৰ ওচৰতে অলপ সময় জলকা লাগি ভদ্ৰ লাহন ৰৈ থাকিল। চাৰৰ মেজাজ কেনেকুৱা? খং উঠি আছে নেকি? উত্তৰটো ভাল ধৰণে দিব নে নিদিয়ে-ভদ্ৰ লাহনে মজুমদাৰৰ মূৰৰ পৰা ভৰিলৈকে এবাৰ চাই জানিবলৈ বিচাৰিলে। চাৰৰ মন-মেজাজ ঠিক থাকিলে প্ৰশ্ন কৰ্কশ হ’লেও উত্তৰ সদায় কোমল হয় , সেই কথা লাহনে জানে। কিবা কথাত খং উটি থাকিলেই হ’ল আৰু …।

: ‘ল’ৰাটো এতিয়াও লক্আপত আছে নেকি? তোমালোক যে কি মানুহ। কালিয়েই আনিলা  অথচ এতিয়ালৈকে এৰি দিয়া নাই। চাওঁ আনা তাক’’ , বুলি কৈ মজুমদাৰে আন এটা ফাইলৰ ওপৰত মন দিলে।

: ‘কি নাম তোৰ?’’ মজুমদাৰে ফাইলৰ পৰা মূৰ নোতোলাকৈয়ে সুধিলে।

: ‘অনল চাৰ।’’

: ‘হেৰৌ অনল এটা নাম হ’ল নেকি? অনল কি লিখিম? মানে উপাধি?’’

ল’ৰাটোৱে একো নোকোৱা দেখি মজুমদাৰে ফাইলটো লাহেকৈ হেঁচুকি একাষৰীয়াকৈ থৈ তাৰ পিনে মূৰ তুলি চালে।

:  ‘ছেঃ ছেঃ তোমালোকে খালা খালা আৰু। হাত দুখন তাৰ জপতিয়াই বান্ধি আনিছা কিয়? তোমোলোকৰ দেখিছো একা কাণ্ড- জ্ঞান নাই।’’  পুলিচী মেজাজেৰে কৰুণা মজুমদাৰ গৰ্জি উঠিল।

:      ‘নহয় চাৰ।’

:  “কি হয় কি নহয় মোক শিকাবলৈ নাহিবা লাহন, ইমান সৰু ল’ৰা এটাক এনেকৈ হাত দুখন বান্ধি অনাৰ আইন ক’ত পালা তোমালোকে? ইয়াৰ বয়সনো কিমান? খুব বেছি হ’লে বাৰ বা তেৰ বছৰ। ছেঃ তোমালাকৰ অলপো কমন চেঞ্চ নাই। ননচেঞ্চ চব।’’ মজুমদাৰৰ গৰ্জনীত সহকাৰী পৰিদৰ্শক ভদ্ৰ লাহন আৰু কনিষ্টবল বীৰেন ৰাভাই ভিজা মেকুৰীৰ দৰে তললৈ মূৰ কৰিলে।

:  “চাৰ, ই দেখাতহে সৰু। বৰ ডাঙৰ কাম কৰাৰ পাং পাতিছে চাৰ।” দুবাৰমান সেপ ঢুকি কোনোমতে লাহনে কথাষাৰ ক’লে।

:  “তেনেহ’লে সি কৰবাত ডকাইতি কৰিছে। কাৰোবাক হত্যা কৰিছে।” কথাখিনি অস্পষ্টকৈ মজুমদাৰে নিজকে কোৱাৰ দৰে ক’লে।

:  “ইয়াৰ পকেটত চাৰ এইকেইটা বস্তু পাইছো। মুখেৰে কিন্তু একো কোৱা  নাই চাৰ।”

টেবুলখনত ভদ্ৰ লাহনে পলিথিনৰ সৰু টোপোলা এটা থৈ মজুমদাৰৰ পৰা প্ৰশংসাসূচক কিবা এষাৰ শুনাৰ অপেক্ষাত ৰৈ থাকিল। লাহনে দ্বিতীয়বাৰ মুখ মেলাৰ আগতেই মজুমদাৰে পলিথিনটোৰ পৰা বস্তুকেইটা উলিয়ালে। জিলেটিনৰ সৰু টেমা এটা , এমুঠিমান ফিউজ ওৱেৰ আৰু জুইশলা বাঁহটোৰ সমান ক’লা ৰঙৰ জুলীয়া পদাৰ্থৰে ভৰ্তি এটা বাকছ।

বস্তুখিনি চিনি পাবলৈ মজুমদাৰৰ সময় নালাগিল। ত্ৰিশ বছৰীয়া চাকৰি কালত এনেকুৱা বস্তু মজুমদাৰে বহুতবাৰ দেখি আহিছে। এনেবোৰ বস্তুৰ সৈতে মজুমদাৰৰ পৰিচয় বহুদিনীয়া। বিদেশী বহিস্কাৰ আন্দোলনৰ আগলৈকে এইবোৰ বস্তু অসমত নাছিল। তাৰ পিছৰ সময়ৰ পৰাহে আমাৰ চাৰিওফালে এনে মাৰাত্মক বস্তুৰে ভৰি পৰিল।

:       আচ্ছা- তই এইবোৰ ক’ত পালি অনল? তোক কোনে দিলে? ক’লৈ নিবলৈ কৈছিল? কোনে দিছিল? সকলো কথা খুলি কছোন। মজুমদাৰৰ ভিতৰি ভিতৰি উঠি অহা খংটো বাহিৰত নেদেখুৱাই কোমল সুৰত অনলক সুধিলে।

:  মোক কোনেও দিয়া নাই চাৰ।  মই …। মজুমদাৰে দাতঁ কৰচি টেবুলত থকা ৰুলমাৰিডাল খামুচি ধৰি চকীখন অলপ পিচলৈ ঠেলি ধমক দি ক’লে  তই মিছা কৈছ অনল। সঁচা কথা ক। মোক ফাঁকি মাৰি সাৰিব নোৱাৰিবি। এইবোৰ বস্তুৰে কি কৰে তই জাননে বুৰ্বক?

: হয় চাৰ।

: কি হয় চাৰ? একেপাট চৰতে মাৰ বাপেৰৰ বিয়া দেখি যাবি বুইছ? কাপোৰে কানিয়ে যাব জানিছ”- মজুমদাৰ খঙত গৰ্জি উঠিল।

: মোৰ মা বাপ নাই চাৰ।

:  “চুপ থাক।” খঙত মজুমদাৰে অনলক এটা  পূৰ্ণহতীয়া চৰ সোধালে। আউট পষ্টটোত কাঁহ পৰি জীন গ’ল।

খন্তেক পিছতে নিজক সংযত কৰি মজুমদাৰে আকৌ সুধিলে – “ অনল তোক এইবোৰ কোনে দিছিল সচাঁ কথা কৈ দে। একো ভয় নাই। নে কাৰোবাক দিবলৈ পঠাইছিল? এইবিলাক বস্তু ভাল বস্তু নহয় নহয়- এইবোৰৰেৰে বোমা বনায়, বোমেৰে মানুহ মাৰে – মানুহ মৰাটো জানো ভাল কাম অনল? তইতো ভাল ল’ৰা। এনেকুৱা  বেয়া কাম নকৰ বুলি মই জানো। মাত্ৰ তই সঁচা কথাটো কৈ দে। তোক কোনে দিছিল। তোৰ একো শাস্তি নহয়। তোৰ সাতখুন মাফ হৈ যাব। মই আছো তোৰ পিছত। তই ভয় নকৰিবি।” মজুমদাৰে বৰ কোমল মাতেৰে অনলক সুধি আচল কথাটো উলিয়াবলৈ চেষ্টা কৰিলে।

ধমকিৰ সুৰত কোমল মাতেৰে বুজাই-বঢ়াই সোধাৰ পিছতো প্ৰকৃত কথাটো উলিয়াবলৈ ব্যৰ্থ হৈ মজুমদাৰে অনলক পুনৰ লক্আপত ভৰাই থোৱাটোকে সিদ্ধান্ত কৰিলে।

কথাটোৰ আচল উৎস কি হ’ব পাৰে তাৰ চৰজমীন তদন্ত কৰিবলৈ সহকাৰী পৰিদৰ্শক ভদ্ৰ লাহন আৰু দুজন কনিষ্ঠবলক দায়িত্ব দি মজুমদাৰ আন অনুসন্ধানত বাহিৰলৈ ওলাই যাবলৈ ড্ৰাইভাৰক জীপখন উলিয়াবলৈ নিদেৰ্শ দিলো।

ভদ্ৰ লাহনৰ ওপৰত তদন্তৰ দায়িত্বটো দি কৰুণা মজুমদাৰ একপ্ৰকাৰ নিচিন্ত হ’ল। লাহন বৰ দায়িত্ববোধ থকা লোক। শিক্ষিত অথচ বয়স কম। ভৱিষ্যতত উন্নতিৰ প্ৰচুৰ সম্ভাৱনা আছে। সকলো কাম নিষ্ঠাৰে কৰে। ফাঁকি নিদিয়ে।

সহকাৰী  পৰিদশক  লাহনৰ দৰে  কৰ্মপটু লোকৰ তদন্তই যে বিশেষ সুফল লাভ কৰিব লোৱাৰিলে , আবেলি আমন-জিমনকৈ উলটি আহোঁতে তিনিখন মুখমণ্ডল দেখিয়ে মজুমদাৰে বুজিব পাৰিলে।

:  চাৰ, বিশেষ একো আগবাঢ়িব পৰা লগ’ল। ল’ৰাটো সেইখন ঠাইত একেবাৰে নতুন, কাৰো চিনাকি নহয়। আগতে কোনেও দেখাৰ কথা ক’ব নোৱাৰে।  লাহনৰ কথা শেষ নৌহওঁতেই মজুমদাৰে মাত লগালে।

:  তেনেহ’লে  তাক আন ঠাইৰ পৰা অনোৱা হৈছে। সি ইনফৰমাৰো হ’ব পাৰে। সি ক’লৈ যাব , কাৰ লগত তাৰ সমন্ধ, বেলেগ কোন ঠাইৰ হ’ব পাৰে –ইত্যাদিবোৰ খবৰ তন্নতন্নকৈ অনুসন্ধান কৰাৰ প্ৰয়োজন। উগ্ৰপন্থী দলৰ বিভিন্ন আঞ্চলিক শাখা থাকে। ইহঁতে ইউনিফাইড কামাণ্ডাৰৰ ভয়ত পলাই ফুৰি ইয়াৰ নিচিনা বয়সৰ ল’ৰাবিলাকক সংগঠনৰ কামত নিয়োগ কৰে।  অনলৰ পৰা এই সকলোবোৰ কথা উলিয়াই উগ্ৰপন্থী দলত যোগদান কৰা আঞ্চলবিলাকৰ ডেকা ল’ৰাবোৰক কৰায়ত্ব কৰিব পৰা যাব বুলি ভাবি মজুমদাৰ উৎফুল্লিত হৈ ভিতৰে ভিতৰে গোটেই মানুহটো ৰোমাঞ্চিত হৈ পৰিল।

শিয়াল উঠা ৰাতিপুৱাই খংটো মূৰত তুলি গোটেই দিনটো মন –মেজাজ বেয়া কৰি লোৱাৰ কথা মজুমদাৰে নাভাবিলে। লক্আপৰ পৰা অনলক আনি নিজৰ ওচৰতে মূঢ়া এটাত বহুৱাই ল’লে। ষ্টীলৰ গিলাছ এটাত চাহ আৰু শ্লাইজ দুখন কনিষ্টবল এটাৰ হতুৱাই অনাই অনলৰ হাতত দিয়ালে। মজুমদাৰে নিজেও একাপ ৰঙা চাহ লৈ বৰ মৰমেৰে ইটো সিটো কথা সুধি অনলৰ পৰা আচল কথাটো উলিয়াবলৈ চেষ্টা কৰিলে। তাৰ ঘৰত কোন কোন আছে , পঢ়া শুনা কিহলৈকে কৰিলে, অনল নামটো বুঢ়ীমাকে দিছিল নেকি- ইত্যাদি নানানটা প্ৰশ্নৰে আপোন কৰি ল’বলৈ যত্ন কৰিলে মজিমদাৰে। কথাৰ মাজতে লাহনক মাতি তাক যিখন ঠাইৰ পৰা ধৰি আনিছিল , সেই ঠাইতে আকৌ এৰি থৈ আহিবলৈ নিৰ্দেশ দিলে। সি যে একো দোষ কৰা নাই, সি নিৰপৰাধী, জানি বুজি এইবোৰ বস্তু লোৱা নাই – কথাটো ভালদৰে বুজাই মেলি তাক থৈ অহাৰ কথা ক’লে।

অপ্ৰত্যাশিতভাৱে কৰুণা মজুমদাৰৰ বিপদটো হ’ল তেতিয়াহে, যেতিয়া অনলক লক্আপৰ পৰা মুকলি কৰি দিয়াৰ কথা কোৱা স্বত্বেও সি যাবলৈ অমান্তি হ’ল। অনলৰ মতে সি লক্আপৰ পৰা নাযায়। বৰঞ্চ হাজোতলৈহে যাবলৈ ভাল পাব। সি দোষ কৰিছে , অপৰাধ কৰিছে , ধৰাও পৰিছে। গতিকে শাস্তি সি ভোগ কৰিবই। আইনৰ চকুত সি দোষী-অপৰাধী। তাৰ শাস্তি অনিবাৰ্য।

কৰুণা মজুমদাৰৰ ওচৰত দিয়া অনলৰ জবানবন্দীৰ কথাখিনি জুকিয়ালে সাৰাংশ এনেকুৱা :

মাকৰ কথা তাৰ মনত নাই। বাপেকে খুজি-মাগি যি পায় তাৰে সিঁহত চলি যায়। ফুটপাথতে সিহঁতৰ বাসস্থান। এদিন ৰাতি শুই থাকোতে বাপেকৰ কেঁকনি শুনি চাই দেখিলে কোনোবা অচিনাকি মানুহ দুটাই ডাঙৰ শিল এটাৰে বাপেকৰ মূৰত আঘাত কৰিছে। অলপ সময় পিছত দেখিলে বাপেকৰ মূৰটো থেতালি গুৰি হৈ গ’ল। সি পৰুৱাই পোৱা মানুহৰ দৰে অনাই বনাই ঘুৰি ফুৰোতে মানুহ এজনে পাই ঘৰত কাম-বন কৰিবলৈ লৈ গ’ল। তাত ভালদৰেই দিনবোৰ পাৰ কৰিছিল। কেইমাহমানৰ পিছত এদিন ঘৰৰ মালিকীজনীয়ে মিছাকৈ পইচা  চুৰ কৰা বুলি ঘৰৰ পৰা খেদি দিলে।  বাটে বাটে আহি থাকোতে হঠাৎ মটৰচাইকেলত অহা মানুহ এজনে আনি চাহ দোকান এখনত বাচন- বৰ্তন ধোৱাৰ কামত সোমোৱাই দিলে। অলপ দিন তেনেকৈয়ে যোৱাৰ পিছত এদিন এজন ভদ্ৰলোকে তাৰ সমান বয়সৰ ল’ৰা-ছোৱালীবিলাকৰ কাৰণে চৰকাৰে বিনামূলীয়াকৈ স্কুলত পঢ়াৰ সুবিধা কৰিছে। গতিকে পঢ়িবলৈ সুবিধা কৰি দিব চাহ দোকানৰ পৰা মানুজনে লৈ আহিল। তাক যিটো ঘৰত থাকিবলৈ দিছল ওচৰৰ কোঠালীত ৰাতি ৰাতি কিছুমান ডেকা ল’ৰাই   মিটিং পাতে। আৰু বন্দুক-বাৰুদ বনায়। সি সেইবোৰ সকলো দেখি থাকে যদিও কোনেও বাধা নিদিয়ে। এদিনাখন ল’ৰাবোৰে  গম নোপোৱাকৈ পুলিচ আহি ঘৰটো ভাঙি পেলালে আৰু কেইবাটাও ল’ৰাক ধৰি লৈ গ’ল। ভঙা ঘৰটোৰ অ’ত ত’ত পৰি থকা তাঁৰকেইডালমান, টেমা দিটা পাই সি মনে মনে পকেটত ভৰাই থলে। ইফালে তাক পঢ়ুৱাবলৈ অনা ভদ্ৰলোকজনো কেইবাদিনৰ পৰা দেখাদেখি নোহোৱা হ’ল। সেই ঠাইখনৰ কোনো মানুহকে সি চিনি নাপায়। অচিনাকি ঠাইত ভোকে পিয়াহে অনাই বনাই ঘুৰি আছিল পকেটত সেই বস্তুকেইটা লৈ। ৰাতি অহা সেই ডেকা ল’ৰাকেইটাৰ নিচিনাকৈ তাকো পুলিচে ধৰি নিয়ক ভাৱত।

সি জানিব পাৰিছিল তাৰ বয়সৰ ল’ৰা-ছোৱালীবিলাকক ঘৰ , দোকান, কল-কাৰখানাৰ কামত লগোৱাটো চৰকাৰে নিষেধ কৰিছে  হেনো। সেই কাৰণে তাক কোনেও কামত নলগায়। সি এতিয়া খাব কেনেকৈ? থাকিব ক’ত? কি কৰি চলিব – এশ এটা প্ৰশ্নই তাক জুমুৰি দি ধৰিছিল।

অনলৰ সম্পুৰ্ণ  জাৱানবন্দী লৈ মজুমদাৰে নতুকৈ ভাবিলে যে বালশ্ৰমিক বিৰোধ আইন বলবৎ কৰিছে সঁচা;  কিন্তু অনলহঁতৰ দৰে ঘাট-মাউৰা ল’ৰা-ছোৱালীৰ সংস্থাপনৰ ব্যৱস্থা এতিয়াও সুদুৰ গৰাহত।

“মৰিতে চাহিনা আমি এই সুন্দৰ ভূবনে” – এই বিখ্যাত কথাষাৰকে সাৰোগত কৰি অনলে এটা ডাঙৰ অপৰাধ কৰিছে যাতে সি জেইলত থাকি নিৰাপদে এসাজ ভাত খাবলৈ পায়। এটা সংস্থাপন হয়।

চোতাল চুই গুছি যোৱা ৰ’দৰ দৰে ক্ষণিক ঘটনাই কেতিয়াবা অধিক অৰ্থ-ব্যঞ্জক হৈ উঠিব পাৰে বুলি মানুহে ভাবিব নোৱাৰাৰ নিচিনাকৈ কৰুণা মজুমদাৰেও ভবা নাছিল। কিন্তু বাধ্য হৈ অনলৰ কাৰণে আইনৰ নতুন ধাৰা ওটা বিচাৰি উলিয়াই তাৰ দৰে হতভগীয়াহঁতৰ সমস্যা সমাধানৰ বাবে তৎপৰ হওঁতেই কৰুণা মজুমদাৰৰ আকৌ এবাৰ চকুত পৰিল সঁজাত ভিতৰত থকা ভাটৌ চৰাইটোলৈ।

মন্তব্য

comments

Leave a Reply

Your email address will not be published. Required fields are marked *

*