নিয়ৰ ৰে ’
প্ৰকৃতিয়ে নিজৰ বৰণ সলাই ন’ কুঁহিপাত মেলিছে । চাৰিওফালে মাত্ৰ এক বুজাব নোৱাৰা শিহঁৰন । প্ৰকৃতি যেনেদৰে পৰিবৰ্তন হৈছে মানুহৰ সকলোৰে মনবোৰ বসন্ত বসন্ত ভাৱ । প্ৰত্যেকজন ব্যক্তিৰ বুকুত ন’ কুঁহি মেলিছে । গাঁওখনৰ ডেকা –গাভৰু মনবোৰ হাজাৰ সপোনৰ ৰংঘৰ সাজিছে । অজানিতে ওঁঠৰ ওপৰত বিৰিঙি পৰিছে মিঠা এটি হাঁহি । হয় এইয়া হয়টো বসন্তৰ আগমন । বিহুলৈ বেছিদিন নাই । সকলোৱে মনত নতুন আশাৰ সপোন ঘৰ সাজিছে , কোনোবাই জীৱন সংগী বিচৰা, কাৰোবাৰ প্ৰিয়জনক লগপোৱাৰ আশা …….। নিশাৰ নিৰ্জনতাত গাঁওৰ পৰা মাজে মাজে ভাহি আহে ঢোলৰ শব্দ । ভদিয়াইও তাৰ ঢোলটো জাৰি জুকাৰি ঠিক ঠাক কৰি থৈছে। এইবাৰ ভালকৈ বিহু মাৰিব লাগিব। আচলতে তাৰ এইবাৰ মনৰ প্ৰস্তুতি আগৰ বিহুতকৈ অলপ বেলেগধৰনৰ মানে তাৰ জীৱন সংগী এই বিহুতে বিচৰাৰ কথা । ভদিয়াহঁতৰ গাঁওখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। সিহঁতৰ গাঁওখনত এতিয়াও পুৰনি কালৰ আচৰণ বিধিবোৰ প্ৰায় চলি আছে । এইকেইদিন মনৰ আনন্দতে ম’হটোক ভালদৰে পেটভৰাই চৰাইছে । বিহুলৈ মাত্ৰ কেইদিন মানহে আছে । এই কেইদিন তাৰ ঘৰৰ কাম বাহিছে। তথাপি ম’হটো চৰাবলৈ এৰা নাই। আনদিনাৰ দৰে আজিও ম’হটোলৈ সি ঘাটলৈ ওলাই গ’ল।
ভদিয়াই ম’হটো ঘাটৰ ওচৰত এৰিদি ঘাটৰ ফালে উদ্দেশ্যহীনভাবে খোজ ল’লে । সি ভালপায় এনেদৰে নিজকে কহুঁৱাৰ মাজত এৰি দি । ঝাৰু বনৰ মাজে মাজে নিজৰ মনটো বিলাই দি আগবাঢ়িল ঘাটলৈ । তাৰ ম’হটো আৰু ঝাৰু বনৰ মাজতে পাৰ কৰিছে তাৰ যৌৱনৰ বহুকেইতা বসন্ত । তথাপি তাৰ ভাল লাগে এই পৰিবেশ । ঘাট পাওঁতেই দেখা পালে কোনোবা এজনীয়ে গা ধুই আছে । সি আচৰিত হ’ল ইমান ধুনীয়া এই গাভৰুজনী বাৰু কোন ? সিটো কেতিয়াও তাইক দেখা নাই । তাই গোটেই গাটো মাখনৰ দৰে বগা । ককাল খামুচিয়া আৰু ……… চিঃ চিঃ সি বাৰু কি চায় আছে । ছেহ ! তাক মানুহে দেখিলে কি বুলিব , সি মনতে ভাবিলে। তথাপি তাৰ মনক বাধা দি ৰাখিব পৰা নাই । লগে লগে চকু পৰিল আকৌ তাইৰ ওপৰত । তাই কাৰ ঘৰৰ ছোৱালী হ’ব পাৰে বাৰু ? নিশ্চয় কাষৰ গাঁও খনৰ ছোৱালী চাগে কিন্তু তাইক দেখা পোৱাৰ মনত পৰা নাই । আকৌ তাৰ চকু পৰিল তাইৰ ওপৰত , সচাকৈ তাই বৰ ধুণীয়া । পাণীত তিতি থকাত তাইৰ যৌৱণ স্পষ্টহৈ দেখা দিছে । সচাকৈয়ে ভগৱানে কুন্দত কাতি জন্ম দিছে যেন পাওঁ , সি মনতে ভাবিলে। ছোৱলী জনীৰ ৰূপত মছগুল হৈ অজানিতে তাৰ মুখৰ পৰা এফাঁকি বিহু যোযনা ওলাই আহিল –
দেহি ঐ লাহৰি দেহি ঐ চেনাইটি
কোনে চায় থাকিব পাৰে ।
সোণতে সুৱগা ককালত মেখেলা
দেখি মন বাউলী কৰে ।
তাই গা-ধোৱাৰ পৰা মুৰ তুলি চাই যেতিয়া কহুঁৱাৰ আৰত লুকাই তাইক কোনোবা এটাই চাই থকা দেখিলে , তাই লাজতে ৰঙা চিঙা পৰি লৰা লৰিকৈ পানীৰ পৰা উঠি পানীকলহ ভৰাই খৰ খোজেৰে ঘৰলৈ বাট ল’লে। তাই যিমান খৰ খোজেৰে ঘৰলৈ বাট লৈছে তিতা মেখেলাত উজত খাইছে । ভদিয়াই তাই যোৱাৰ ফালে চাই চাই আপোন ভাবত বিভোৰ হৈ পৰিল। যেতিয়া ম’হটো গৈ তাৰ গাৰ কাষেদি পানী খাবলৈ ঘাটলৈ নামি গ’ল তেতিয়াহে সি বাস্তৱলৈ ঘূৰি আহিল। তাৰ মনটো কিবা ৰিঙা ৰিঙা ভাব হ’ল । কিয় লাগিছে একো ধৰিব পৰা নাই । ম’হটো চৰাবলৈ মন নগল। সদায় ভাল পাই অহা ঠাই খিনি তাৰ ভাল নলগা হ’ল। কি কৰো কি নকৰো ভাবি ম’হটোলৈ ঘৰলৈ খোজ ললে।
ঘৰত আহি কোনো কামত মন দিব পৰা নাই । কিবা কাম এটা হাতত তুলি ললেও হাততে থাকে , মনটো দৌৰি গৈ ৰয়গৈ নদীৰ ঘাটত । পশ্চিম আকাশত ডাৱৰৰ মাজত বেলিটো ডুব যোৱাৰ লগে লগে তাৰ মনটো গধুৰ হৈ আহিল। ৰাতি বিচনাত পৰি তাই কথাকে ভাবি থাকিল। সি ইমান দিনে বিচাৰি থকা ছোৱালী জনীক আজি হঠাৎ দেখা পাই গ’ল। তাই কথা ভবা লগে লগে তাৰ মনটো ভাল লাগি গ’ল । লাহে লাহে নিদ্ৰাদেৱীয়েও দুবাহুৰ মাজত আকোৱালি ললে ।
পূৱাৰ আকাশত বেলিয়ে ভুমুকিয়ালে । ভদিয়াও শুৱাৰ পাতি এৰি পোনে পোনে গোহালি ঘৰ পালেগৈ।
গৰু কেইটা হাতত লৈ ওলাই আহিল । আজি আকৌ ঘাটলৈ যাব লাগিব । সেই কাৰনে যিমান পাৰি কাম খিনি শুনকালে আদায় কৰিব লাগে । বাৰিৰ ধাপতে গৰু কেইটা দি আহিলগৈ । অন্য দিনাৰ দৰে কাম কাজ খিনি কৰিলে। যোৱা ৰাতি পানী দিয়া ভাত খিনিকে , বাৰি ধাপৰ নলাত পাতি থোৱা চেপাত লগা মাছ কেইটা পাতত দি খাই ওলাই আহিল । ম’হৰ পিঠিত উঠি ঘাটলৈ আগবাঢ়িল । সি গৈ পাওঁতে ছোৱালী জনীয়ে পানী ভৰাই আছিল কলহত । তাইক দেখা পাই তাৰ ভাল লাগি গ’ল । বকুৰ মাজত কিবা এক অবুজ শিহঁৰনে চুই গ’ল । তাক দেখা পাই তাই লৰালৰিকৈ যাবলৈ ধৰোতে সি বিহুৰ কলি এটা জুৰিলে –
চোতালৰ আগতে খৰি ফালিছিলোঁ
উফৰি পৰিলে চলি ,
কিনো দায়ে জগৰ লগালোঁ লাহৰী
মুখেৰে নমতা হলি ।
তাক গীতটো গোৱাৰ শুনি তাইও কলি এটা গাই দিম বুলি ভাবিছিল-
নদী ঘাটৰ ল’ৰাটি পাহুৱাল ডেকাটি
জুমি জুমি নাচাবি মোক ।
পিতাই দেখিলে ধৰাই লৈ যাব
ফাতেকত দিব তোক।।
কিন্তু তাই লাজতে মুখৰ মাত নোলালে । সি আকৌ তাই একো উত্তৰ নিদিয়া দেখি আকৌ এফাঁকি গাই দিলে-
মইনা মইনা বুলি মাতিলে নেমাত
কি জগৰ লগালো তোৰ।
চকুলৈ চালেও মুখলৈ নেচাৱ
কি গতি হ’ব মোৰ ।।
তাই ভদিয়াৰ চকুৰ আগৰ পৰা আতৰি কহুঁৱাৰ মাজত হেৰাই গ’ল। তথাপি ভদিয়াই তাই যোৱাৰ ফালে চাই থৰ লাগিল।
তৃতীয় দিনা সি নদীৰ ঘাটলৈ গৈছিল , পিছে তাইক লগ নাপালে । এই দৰে কেইবাদিনো গ’ল ভদিয়াই তাইক দেখা নেপালে । বিহুও পালেহি , ঘৰত কামৰ হেচা বাহিল । পাকঘৰত ৰসৰ গন্ধই আমোল মোলাই আছে । বিহুত সাঁজ নহলে নহয় । মাকে চকুৱা , বৰা ধানৰ চাউল মিহলাই ৰসিও বনাইছে । গাওঁ ভকতক ভালকে খোৱাব লাগিব । সকলোৱে আশা কৰে ভদিয়াৰ মাকে বনোৱা ৰসি অকনমান খাবৰ বাবে । বিহুৰ যোগাৰ প্ৰায় হৈছে , মাত্ৰ গৰু বিহুৰ দিনাৰ বাবে গৰু চাক কেইখন আৰু তৰা পঘা কেইদাল বনাবলে বাকি আছে । তাৰ আজি মনটো আনন্দ কথাতে কয় নহয় ইনেই বুঢ়ী নাচনি তাতে নাটিৰ বিয়া । যেতিয়াই তেতিয়াই তাৰ মুখত বিহুৰ নাম আখৈ ফুটা দি ফুটে এতিয়া সন্মুখত ৰঙালি বিহু কোনে পাই তাক । মাত্ৰ এতিয়া অপেক্ষাৎ সেই দিনটোলৈ ।
( আগলৈ)
মন্তব্য সমূহ