কবিতা

July 28, 2013 at 10:20 pm

বুকুত এটুকুৰা ঘাঁ

সৰুলৰা ফুকুন 

Failure

 

মোৰ বুকুত এটুকুৰা ঘাঁ

ৰুলো মাধৈ মালতী

গজিল কচু কোৱাভাতুৰী

শাওনৰ খেছ দিয়া মাটি দৰাত

মানিকী মাধুৰী হাঁহি

কাঢ়ি নিলে পিছলাৰ

পলসুৱা বানে ।

পৰযুমা চৰাইজাক উৰি উৰি

দিক ভ্ৰান্ত হ’ল।

বানে প্ৰাণ কাঢ়ি নিয়া লঠঙা

বৃক্ষই নিমন্ত্ৰন নকৰিলে

এনেকৈয়ে ঠিক এনেকৈয়ে

হেৰাই গ’ল বসন্তৰ পখিলা

হেৰাই গ’ল যৌৱনৰ মধুচন্দা

ছন্দ হেৰাই যোৱা মোৰ বুকুৰ

ঘা টুকুৰা মোটোৰা পৰিয়ে ৰ’ল

শাওনৰ পথাৰখনত চিৰাল ফাট

সৃষ্টিৰ উৰ্ব্বৰতা  হেৰাই

গজি উঠিল বন নহৰুৰ শিপা

কলীয়া কাইৰ নাঙল সিৰলুত

জাগৃত হবনে  সীতা – জনক নন্দিনী সীতা

যাৰ গৰ্ভত সঞ্চিত মাধৈমালতী

প্ৰষ্ফুটিত হ’ব কেতিয়ানো ?

মোৰ বুকুত এটুকুৰা ঘাঁ……।

মন্তব্য

comments

Comments are closed.